গুৱাহাটীত মুকলি কৰা হ’ল পোহনীয়া জীৱ-জন্তুৰ হেলথ কেয়াৰ আৰু ডায়গ’নষ্টিক চেণ্টাৰ

গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত কেইবাজনো বিশিষ্ট চিকিৎসকৰ উপস্থিতিত পোহনীয়া জীৱ-জন্তুৰ বিভিন্ন চিকিৎসাৰ বাবে ‘ভেট গেলেক্সি’ নামেৰে এটি হেলথ কেয়াৰ আৰু ডায়গ’নেষ্টিক কেন্দ্ৰ মুকলি কৰা হয়। ভেট গেলেক্সি কেন্দ্ৰটো মুকলি কৰে পশু চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ ভবেন বৈশ্যই আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে চিকিৎসক ডাঃ নৱকুমাৰ শৰ্মা, ডাঃ কবিতা শৰ্মা, ডাঃ চন্দন সিং, ডাঃ ছৈয়দ আৰিফ, ডাঃ ছাবিনা য়াচমিন, ডাঃ চয়ানিকা দাস, ডাঃ প্ৰিয়া মুক্তান, ডাঃ অৰ্পিতা ভৰালী, ডাঃ লুকু বুঢ়াগোহাঁই, ডাঃ স্নেহাংশু সিনহা আৰু অলি ডেকা সিনহা। এই ভেট গেলেক্সী চেণ্টাৰটোত পোহনীয়া কুকুৰ, মেকুৰীকে ধৰি বিভিন্ন জন্তুৰ উন্নত চিকিৎসা, জীৱ-জন্তুৰ তেজৰ নমুনা পৰীক্ষাৰ লগতে অস্ত্ৰোপচাৰৰো ব্যৱস্থা আছে। তদুপৰি এই চেণ্টাৰটোত সকলো বিভাগৰে বিশেষজ্ঞ চিকিৎসক থাকিব। উল্লেখযোগ্য যে বৰ্তমান পোহনীয়া জন্তুৰ পালন কৰা লোকসকলে জীৱ-জন্তুৰ চিকিৎসা আৰু অস্ত্ৰোপচাৰ বাবে নানা অসুবিধা সন্মুখীন হৈ আহিছে কিন্তু এই চিকিৎসায়লখন পৰা এতিয়াৰে পৰা ৰাইজৰ যথেষ্ট উপকৃত হ’ব বুলি জানিবলৈ দিয়া ভেট গেলেক্সি হেলথ কেয়াৰ আৰু ডায়গনষ্টিক চেণ্টাৰৰ সঞ্চালক ডাঃ বৰিষ্ঠা বৰা সিনহাই ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চীন-ভাৰতৰ সীমা সমস্যা হ’বনে সমাধান? BRICS ত কি কি ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ মোদী-ছি জিনপিং?

ৰাছিয়াৰ কাজানত অনুষ্ঠিত বৈঠকৰ দুবছৰৰ পাছত শনিবাৰে নতুন দিল্লীত...

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...