ৰেপিড’ ডেলিভাৰী ৰাইডাৰৰ কাণ্ড! গ্ৰাহকলৈ ‘I Love You’ মেছেজ

নইডাৰ এগৰাকী বাসিন্দাই ৰেপিড’ৰ জৰিয়তে পাৰ্চেল বুক কৰাৰ পাছত সন্মুখীন হ’ল অস্বস্তিকৰ অভিজ্ঞতাৰ। অভিযোগ অনুসৰি, পাৰ্চেল ডেলিভাৰী কৰি যোৱাৰ পাছত ডেলিভাৰী ৰাইডাৰে গ্ৰাহকগৰাকীৰ ব্যক্তিগত নম্বৰত মেছেজ প্ৰেৰণ কৰে। প্ৰথমে ‘Hello, Kesi ho ap?’ বুলি সোধাৰ পাছত ৰাইডাৰে ‘I love you’ বুলি মেছেজ কৰা বুলি অভিযোগ উঠিছে।

এই ঘটনাক লৈ গ্ৰাহকগৰাকীয়ে ৰাইডাৰজনক আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰাৰ সতৰ্কবাণী দিয়ে। ইয়াৰ প্ৰত্যুত্তৰত ৰাইডাৰজনে ‘ৰেপিড’ত অভিযোগ কৰক’ বুলি কোৱা বুলি প্ৰকাশ পাইছে। পৰৱৰ্তী সময়ত গ্ৰাহকগৰাকীয়ে কথোপকথনৰ স্ক্ৰীনশ্বট ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰাৰ পাছতে বিষয়টো ভাইৰেল হৈ পৰে।

ঘটনাটোক লৈ ৰেপিড’ৰ বিৰুদ্ধেও প্ৰশ্ন উত্থাপন হৈছে। বিশেষকৈ ডেলিভাৰী ৰাইডাৰে গ্ৰাহকৰ ব্যক্তিগত মোবাইল নম্বৰ কেনেকৈ লাভ কৰিলে, তাক লৈ ছ’চিয়েল মিডিয়াত চৰ্চা চলিছে। ঘটনাটোক লৈ ৰেপিড’ই ক্ষমা বিচাৰি ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়া বুলি প্ৰকাশ পাইছে।

ঘটনাই পুনৰ এবাৰ অনলাইন ডেলিভাৰী সেৱাত গ্ৰাহকৰ ব্যক্তিগত তথ্যৰ সুৰক্ষা আৰু গোপনীয়তা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বালিপৰা ফাউণ্ডেচনৰ ১৪ সংখ্যক পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ আৰম্ভ

বালিপৰা ফাউণ্ডেচনৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছে ছয়দিনীয়া...

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিপ্ট’কাৰেন্সী এক্সচেঞ্জ কোম্পানীৰ পৰা হেকাৰে চুৰি কৰিলে ৬.৩ বিলিয়ন ডলাৰ মূল্যৰ ক্ৰিপ্ট’কাৰেন্সী

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিপ্ট’কাৰেন্সী এক্সচেঞ্জ কোম্পানী Binanceত সংঘটিত হৈছে বৃহৎ...

উত্তৰাখণ্ডত হেলিকপ্টাৰ দুৰ্ঘটনা, পাইলটসহ ৬জন যাত্ৰী সন্ধানহীন

উত্তৰাখণ্ডৰ যোশীমঠত প্ৰচণ্ড তুষাৰপাতৰ মাজতে সংঘটিত হৈছে এক ভয়ংকৰ...

কেদাৰনাথত ছাৰা আলী খানৰ পূজা-অৰ্চনাক লৈ বিতৰ্ক, ফতোৱা জাৰি ইছলামিক ধৰ্মগুৰুৰ

বলীউড অভিনেত্ৰী ছাৰা আলী খানৰ কেদাৰনাথ মন্দিৰ দৰ্শনক লৈ...