ৰেপিড’ ডেলিভাৰী ৰাইডাৰৰ কাণ্ড! গ্ৰাহকলৈ ‘I Love You’ মেছেজ

নইডাৰ এগৰাকী বাসিন্দাই ৰেপিড’ৰ জৰিয়তে পাৰ্চেল বুক কৰাৰ পাছত সন্মুখীন হ’ল অস্বস্তিকৰ অভিজ্ঞতাৰ। অভিযোগ অনুসৰি, পাৰ্চেল ডেলিভাৰী কৰি যোৱাৰ পাছত ডেলিভাৰী ৰাইডাৰে গ্ৰাহকগৰাকীৰ ব্যক্তিগত নম্বৰত মেছেজ প্ৰেৰণ কৰে। প্ৰথমে ‘Hello, Kesi ho ap?’ বুলি সোধাৰ পাছত ৰাইডাৰে ‘I love you’ বুলি মেছেজ কৰা বুলি অভিযোগ উঠিছে।

এই ঘটনাক লৈ গ্ৰাহকগৰাকীয়ে ৰাইডাৰজনক আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰাৰ সতৰ্কবাণী দিয়ে। ইয়াৰ প্ৰত্যুত্তৰত ৰাইডাৰজনে ‘ৰেপিড’ত অভিযোগ কৰক’ বুলি কোৱা বুলি প্ৰকাশ পাইছে। পৰৱৰ্তী সময়ত গ্ৰাহকগৰাকীয়ে কথোপকথনৰ স্ক্ৰীনশ্বট ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰাৰ পাছতে বিষয়টো ভাইৰেল হৈ পৰে।

ঘটনাটোক লৈ ৰেপিড’ৰ বিৰুদ্ধেও প্ৰশ্ন উত্থাপন হৈছে। বিশেষকৈ ডেলিভাৰী ৰাইডাৰে গ্ৰাহকৰ ব্যক্তিগত মোবাইল নম্বৰ কেনেকৈ লাভ কৰিলে, তাক লৈ ছ’চিয়েল মিডিয়াত চৰ্চা চলিছে। ঘটনাটোক লৈ ৰেপিড’ই ক্ষমা বিচাৰি ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়া বুলি প্ৰকাশ পাইছে।

ঘটনাই পুনৰ এবাৰ অনলাইন ডেলিভাৰী সেৱাত গ্ৰাহকৰ ব্যক্তিগত তথ্যৰ সুৰক্ষা আৰু গোপনীয়তা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নানা পাটেকাৰৰ মৃত্যুক লৈ গোচৰ ৰুজু গোৱা আৰক্ষীৰ, গোৱাৰ মণিপাল হাস্পতালত সম্পন্ন মৰণোত্তৰ পৰীক্ষা

বলিউডৰ জ্যেষ্ঠ অভিনেতা নানা পাটেকাৰৰ মৃত্যুৰ পিছতে গোচৰ ৰুজু...

ফ্লাইডুবাইৰ বিমান দুৰ্ঘটনা ৰোধ কৰি বীৰত্বৰ পৰিচয়! ভাৰতীয় পাইলট স্মিত মাচ্ছাৰক সন্মানিত কৰিব ইজৰাইলে

আকাশমাৰ্গত এক ভয়াৱহ দুৰ্ঘটনা প্ৰতিৰোধ কৰি শতাধিক যাত্ৰীৰ জীৱন...

নোবেল শান্তি বঁটা পোৱাৰ যোগ্য বুলি দাবী ট্ৰাম্পৰ, তথাপি বঁটা লাভক লৈ সন্দিহান

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ২০২৬ বৰ্ষৰ নোবেল শান্তি বঁটা...

মুম্বাইৰ বিলাসী জীৱন এৰি গাঁৱতেই সুখী আছিল নানা পাটেকাৰ, ‘গাঁৱতেই মোৰ ভাল লাগে’

বলিউডৰ প্ৰখ্যাত অভিনেতা নানা পাটেকাৰে নিজৰ অভিনয় প্ৰতিভাৰে দৰ্শকৰ...