‘অসমত আই পি এল মেচ হোৱাটো মোৰ দৃষ্টিৰে কেবল দুখন খেল নহয়৷ এয়া অসম তথা উত্তৰ-পূৱৰ নতুন প্ৰজন্মৰ বাবে এক নতুন পথৰ সন্ধান৷ ভাৰতীয়ৰ বাবে ক্ৰিকেট খেলৰ লগতে ধৰ্ম৷ আই পি এল বিশ্ব ক্ৰিকেটৰ শীৰ্ষ পৰ্যায়ৰ এখন লীগ৷ গতিকে যোৱা তিনি বছৰ অসম আৰু উত্তৰ-পূৱ আই পি এলৰ লগত প্ৰত্যক্ষভাবে জড়িত হৈ থকাটো এই অঞ্চলৰ বাবে সম্ভাৱনাৰ নতুন এক দিগন্ত৷’ এই মন্তব্য ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ অসমৰ বিশিষ্ট উদ্যোগী ৰনজিত বৰঠাকুৰৰ৷
গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা ২৬ আৰু ৩০ মাৰ্চত অনুষ্ঠিত হ’বলগা ৰয়েলছৰ প্ৰথম দুখন ঘৰুৱা মেচৰ প্ৰস্তুতিৰ বুজ লোৱাৰ বাবে গুৱাহাটীলৈ অহা বৰঠাকুৰে আজি এই মন্তব্য প্ৰকাশ কৰি লগতে কয়, ‘বিশ্বত ক্ৰীড়া উদ্যোগটোৰ পৰিসৰ দ্ৰুত গতিত সম্প্ৰসাৰন হৈছে৷ ভাৰততো ক্ৰীড়া উদ্যোগত অপাৰ সম্ভাৱনা দেখা গৈছে৷ ভাৰতে অলিম্পিক গেমছ আয়োজন কৰাৰ লক্ষ্য লোৱাৰ লগতে ক্ৰিকেটসহ অন্য খেলৰ বিশ্বকাপ আয়োজন কৰি ক্ৰীড়া উদ্যোগত নতুন প্ৰজন্মক পেছাদাৰী ৰূপত কিদৰে জড়িত কৰিব পাৰি সেই বিষয়েও ইতিবাচক দিশত চিন্তা-চৰ্চা হৈছে৷ এই পৰিক্ৰমাত অসম আৰু উত্তৰ-পূৱৰ যুৱ প্ৰজন্মও বঞ্চিত হ’ব নালাগে৷ মই বিশ্বাস কৰো ক্ৰীড়া উদ্যোগে আমাৰ নিবনুৱা সমস্যা সমাধানত অন্যতম ভূমিকা ল’ব৷ সেয়ে ধাৰাবাহিক খেল আয়োজনে এই উদ্যোগত নতুন ল’ৰা-ছোৱালীক জড়িত কৰোৱাত দিশত সহায় কৰিব৷’
উল্লেখ্য যে বহু ঘাত-প্ৰতিঘাতৰ প্ৰত্যাহ্বান নেওচি অসমলৈ আই পি এল লৈ অনিছিল বৰঠাকুৰে৷ কেবল ধন অৰ্জনৰ বাবেই তেওঁ গুৱাহাটীত মেচ আয়োজন কৰা নাই৷ গুৱাহাটী তথা জয়পুৰ দুখন ঘৰুৱা খেলপথাৰ হোৱাত ৰাজস্থান ৰয়েলছৰ অতিৰিক্ত ব্যয়হে ক্ৰমাগত তিনিটা ছিজনত হৈছে৷ কিন্তু অসম তথা উত্তৰ-পূৱৰ সামগ্ৰিক আৰ্থিক দিশটো উত্তৰণ কৰাৰ লক্ষ্য আগত ৰাখি বিশিষ্ট উদ্যোগীগৰাকীয়ে গুৱাহাটীত আই পি এলৰ হাইভল্টেজ মেচ আয়োজন কৰাত গুৰুত্ব দিছে৷ দিল্লী আৰু পঞ্জাৱ দলৰ পাছত এইবাৰ কলকাতা আৰু চেন্নাইৰ দৰে দুটা চেম্পিয়ন দলৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছে গুৱাহাটীত মেচ খেলাটোৱে দেশৰ লগতে আন্তৰ্জাতিক পেক্ষাপটতো অসমৰ এক ইতিবাচক পৰিচয় প্ৰতিফলিত কৰিছে৷ আই পি এলৰ লগতে ধাৰাবাহিক ক্ৰীড়া প্ৰতিযোগিতা তথা তাৰকাৰ সাংস্কৃতিক অনুষ্ঠানে অসমৰ জনজীৱনত মূলতঃ আৰ্থিক বিকাশ তথা নতুন প্ৰজন্ম স্বাৱলম্বি হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলি বৰঠাকুৰ আশাবাদী৷
‘ক্ৰীড়া উদ্যোগত খেলুৱৈৰ সংখ্যা দহ শতাংশ৷ বাকী নব্বৈ শতাংশ লোক জড়িত থাকে বিভিন্ন পেছাদাৰী কামত৷ আন্তঃগাঠনি, আয়োজন ব্যৱস্থা, প্ৰৰ্যটন আদি কেবাটাও বিষয় আছে যত জড়িত থকা মানুহখিনি খেলুৱৈ নহয় অথচ এখন ক্ৰীড়া প্ৰতিযোগিতাই এই বিভাগত থকা সকলোকে আৰ্থিকভাবে প্ৰচুৰ লাভৱান্বিত কৰে৷ আমি যদি অসমক ক্ৰীড়াৰ মাধ্যমৰে সক্ৰিয় কৰি ৰাখিব পাৰো তেন্তে সাতোখন ৰাজ্যৰ আৰ্থিক গতি দ্ৰুত হ’ব৷’ বৰঠাকুৰে লগতে কয়৷
উল্লেখ্য যে আই পি এলৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত অহা ২৬ মাৰ্চত গুৱাহাটীত প্ৰথমখন ঘৰুৱা মেচত ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হোৱাৰ বিপৰীতে ৩০ মাৰ্চত ছিজনৰ দ্বিতীয়খন ঘৰুৱা মেচ দলটোৱে এ চি এ ষ্টেডিয়ামত পাঁচবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব৷ গুৱাহাটীৰ মেচ দুখনৰ অনলাইন আৰু অফলাইন টিকট ইতিমধ্যে অনুৰাগীৰ বাবে মুকলি কৰি দিয়া হৈছে৷ গুৱাহাটীৰ লালগনেশৰ আস্থা একাডেমীত ক্ৰিকেটপ্ৰেমীৰ বাবে অফলাইনৰ টিকট কাউণ্টাৰ মুকলি কৰিছে ৰাজস্থান ৰয়েলছে৷ অহা ২৩ মাৰ্চৰ দিনটো বাদ দি উভয় মেচৰ টিকট জমা থকালৈকে এই কাউণ্টাৰ দৰ্শকৰ বাবে মুকলি থাকিব৷ প্ৰতিদিনে পূৱা দহ বজাৰ পৰা কাউণ্টাৰত টিকট বিক্ৰি কৰা হৈছে৷ দৰ্শকে গুৱাহাটীৰ উভয় মেচৰ টিকট এই কাউণ্টাৰৰ পৰা ক্ৰয় কৰিব পাৰিব৷ আনহাতে, অনলাইনত বুক মাই শ্ব’ত টিকট ক্ৰয় কৰিব লাগিব৷ কিন্তু অন্তিম পৰ্যায়ৰ টিকটহে বিক্ৰি হ’বলৈ বাকী আছে৷