গুৱাহাটীত খেলো ইণ্ডিয়া অস্মিতা ৰাজ্যিক হকী লীগ আৰম্ভ

গুৱাহাটীৰ ভেটাপাৰাৰ মৌলানা মহম্মদ তয়াবুল্লাহ হকী ষ্টেডিয়ামত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে খেলো ইণ্ডিয়া অস্মিতা ৰাজ্যিক হকী লীগ৷ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ সহযোগত অসম হকীয়ে আয়োজন কৰা প্ৰাইজমানি প্ৰতিযোগিতাখনত ছোৱালীৰ জুনিয়ৰ আৰু ছাব-জুনিয়ৰ শাখাৰ খেল অনুষ্ঠিত হৈছে৷

অসম হকীৰ সম্পাদক তথা হকী ইণ্ডিয়াৰ কাৰ্যকৰী ব’ৰ্ডৰ জ্যেষ্ঠ প্ৰতিনিধি তপন দাসে জনোৱা অনুসৰি প্ৰতিযোগিতাত জুনিয়ৰ শাখাত আঠটা তথা ছাব-জুনিয়ৰ শাখাতো সমসংখ্যক দলে অংশগ্ৰহণ কৰিছে৷ অংশগ্ৰহণ কৰা জিলাসমুহ হ’ল ঃ নাহৰকটীয়া, ধেমাজি, বঙাইগাওঁ, মাকুম, নগাঁও, শিলচৰ, ভেড়গাঁও আৰু তেজপুৰ৷

অংশগ্ৰহণকাৰী দলক দুটা গ্ৰুপত ভাগ কৰি প্ৰথমে লীগৰ মেচ অনুষ্ঠিত হ’ব৷ গ্ৰুপৰ শীৰ্ষ দল দুটাই ছেমিফাইনেল খেলাৰ বাবে যোগ্যতা অৰ্জন কৰিব৷ জুনিয়ৰৰ ফাইনেল অহা ২৩ মাৰ্চত হোৱাৰ বিপৰীতে ছাব-জুনিয়ৰৰ চুড়ান্ত খেলখন অন্তিমদিনা অৰ্থাৎ অহা ২৬ মাৰ্চত অনুষ্ঠিত হ’ব৷

আজি প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত অতিথিৰূপে উপস্থিত থাকে ছাই গুৱাহাটী কেন্দ্ৰৰ সঞ্চালক ডি কে মইট্ৰাল আৰু অসম চৰকাৰৰ ক্ৰীড়া সঞ্চালক প্ৰদীপ টিমুং৷ উল্লেখ্য যে কেন্দ্ৰীয় ক্ৰীড়া বিভাগে দেশৰ মহিলা ক্ৰীড়াবিদৰ উত্তৰণৰ বাবে সকলো খেলৰে অস্মিতা প্ৰতিযোগিতা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত আয়োজন কৰিছে৷ অসমত প্ৰথমবাৰৰ বাবে হকীৰ এই ৰাজ্যিক লীগ আয়োজন কৰা হৈছে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...