পৰিস্কাৰ-পৰিছন্নতাৰ বাবেই পৰ্যটনৰ কেন্দ্ৰ হৈ পৰা এখন গাঁও

স্বচ্ছ ভাৰত মিছনৰ জৰিয়তে অসমৰ প্ৰথম শ্ৰেষ্ঠ স্বচ্ছ আৰু পৰিষ্কাৰ গাওঁৰ স্বীকৃতি লাভ কৰা গোৱালপাৰাৰ ৰাংচাপাৰা। এই গাঁওখনৰ নৈসৰ্গিক পৰিৱেশ ইমানেই মনোমোহা যে, বিভিন্ন প্ৰান্তৰ পৰা এতিয়া এই গাঁৱখনলৈ আগমন ঘটিছে পৰ্যটকৰ৷ পৰিস্কাৰ-পৰিছন্নতাৰ বাবেই জিলিকি উঠা গাঁৱখনলৈ এতিয়া দেশী-বিদেশী পৰ্যটকৰ সমাগম। ধৰাৰ বুকুলৈ শীত নামি অহাৰ লগে লগে গোৱালপাৰাৰ ৰাংচাপাৰা গাওঁলৈও পৰ্যটকৰ আগমণ দুগুণে বৃদ্ধি পাই। ওৰে বছৰটো গাঁওখনলৈ পৰ্যটক যায় যদিও শীতকালত ৰাংচাপাৰাত পৰ্যটকৰ আগমণ দুগুণ বৃদ্ধি পায়।

পৰিষ্কাৰ গাঁৱৰ স্বীকৃতি লাভ কৰাৰ পিছৰে পৰাই গাঁওখন হৈ পৰিছে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। শীতৰ আগমনৰ লগে লগে পৰ্যটকৰ সংখ্য বৃদ্ধি পোৱাত গাঁওবাসীয়েও গাঁওখনক অধিক আকৰ্ষণীয় ৰূপত সজাই তোলে। শিশুৰ পৰা বৃদ্ধলৈ সকলোৰে সৰৱ ভূমিকা পালন কৰে গাঁওখন পৰিস্কাৰ কৰি ৰখাত। গাঁওখনৰ এক নিৰ্দিষ্ট দূৰত্বত বাঁহৰ ডাষ্টবিন বহুৱাই তাতেই পেলনীয়া সামগ্ৰী পেলাই চিকুন কৰি ৰাখে গাঁওখন। ফু মাৰি ভাত খাব পৰা অৱস্থা গাঁওখনৰ বাট-পথ, প্ৰতিটো পৰিয়ালৰ আলি পদূলি।

গাঁওখনক অধিক মনোমোহা আৰু পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ বাবে স্বচ্ছ ভাৰত মিছনৰ তৰফৰ পৰাও দিয়া হৈছে অধিক সা সঁজুলি। পৰিস্কাৰ-পৰিছন্নতাৰ বাবেই মেঘালয়ৰ মাওলিনং আজি পৃথিৱী বিখ্যাত। আৰু পৰিস্কাৰ-পৰিছন্নতাৰ বাবেই গোৱালপাৰাৰ ৰাংচাপাৰাও হবলৈ গৈ আছে পৃথিৱী বিখ্যাত। প্ৰকৃতিয়ে এই গাঁওখনকো সুবিধা কৰি দিছে পৰ্যটনৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...