সঁচাকৈ হ’ব নেকি ৰণবীৰ-আলিয়াৰ বিয়া?

আলিয়া ভাট আৰু ৰণবীৰ কাপুৰৰ বিবাহক লৈ সৰ্বত্ৰে চৰ্চা হৈ পৰিছে এতিয়া। সঁচাকৈ হ’ব নেকি ৰণবীৰ-আলিয়াৰ বিয়া? তাৰ উত্তৰৰ অপেক্ষাত আছে আলিয়া-ৰণবীৰৰ অনুৰাগীসকল। বিগত দুটা বছৰত আলিয়া আৰু ৰণবীৰৰ বিয়াক লৈ সামাজিক মাধ্যমত ভাইৰেল হৈ আছিল, আৰু এই বিষয়টোৰ ওপৰত আলিয়াই কয় যে, “যেতিয়া মই সঁচাকৈয়ে বিবাহপাশত আৱদ্ধ হ’ম, হয়তো মানুহে তেতিয়াও ইয়াক উৰাবাতৰি বুলি ভাৱিব।”

Ranbir and Alia to tie the knot in December 2020: Reports | Entertainment  News,The Indian Express

যোৱা কেইদিনমানৰ পৰা বলীউডত আলিয়া-ৰণবীৰৰ বিবাহৰ খবৰ বিয়পি পৰিছে। খবৰ অনুসৰি ৰণবীৰ আৰু আলিয়াই এপ্ৰিল মাহৰ দ্বিতীয় সপ্তাহত বিবাহ পাশত আবদ্ধ হ’ব। কাপুৰ আৰু ভাট পৰিয়ালৰ এগৰাকী ঘনিষ্ঠ ব্যক্তিয়ে জনায় যে, আলিয়াৰ ককা বহুত অসুস্থ, আৰু তেওঁৰ ইচ্ছা – মৃত্যুৰ আগে নাতিনীয়েক আলিয়াৰ বিয়া চোৱা। ছনি ৰাজদানৰ দেউতাক এন ৰাজদানে ৰণবীৰক বৰ ভাল পায়। তেওঁ বিচাৰে যে ৰণবীৰ আৰু আলিয়া সোনকালেই বিবাহপাশত আৱদ্ধ হওক। তাৰকা দম্পতীটোৱে তেওঁলোকৰ ককাকৰ ইচ্ছাৰ বাবেই বিয়া কৰাৰ সিদ্ধান্ত লৈছে।

Alia Bhatt says she's never heard Ranbir Kapoor talk bad about anyone:  'He's got a bad reputation' | Bollywood - Hindustan Times

সূত্ৰ অনুসৰি, ৰণবীৰ-আলিয়াই ১৭ এপ্ৰিলত বিবাহপাশত আৱদ্ধ হোৱাৰ কথা। অৱশ্যে আলিয়াৰ ককাৰ অসুস্থতাৰ বাবে বিবাৰ তাৰিখ সলনিও হ’ব পাৰে।

Ranbir Kapoor's girlfriend Alia Bhatt should be added to Kapoors' 'family  of actors'? Karisma Kapoor's lips are sealed | Entertainment News,The  Indian Express

ইতিমধ্যে ৰণবীৰ কাপুৰৰ পৰিয়ালৰ লোকসকলে আলিয়াক বোৱাৰীৰ দৃষ্টিৰে গ্ৰহণ কৰিছে। গতিকে এই বিবাহখন অতিৰিক্ত জাকজমকতা নকৰাকৈ অতি সৰল ভাৱে অনুষ্ঠানটো সম্পূৰ্ণ কৰিব। মঙলবাৰে ৰণবীৰ-আলিয়াৰ বিবাহৰ উৰাবাতৰি লৈ ৰণবীৰৰ বৰদেউতা ৰণধীৰ কাপুৰে জনায় যে, “মই এতিয়া মুম্বাইত নাই, মই বিবাহৰ বিষয়ে জ্ঞাত নহয়, যদি আমৰ পৰিয়ালৰ মাজত বিবাহৰ কথা চলিছে তেন্তে মই নিশ্চিত যে মোক তেওঁলোকে এই বিষয়ে লৈ অবগত কৰিব। সত্যটো কি আপোনালোকে কেইদিনৰ পিছতে জানিব পাৰিব। “

Kind of imagined it in my head, came true': Alia Bhatt recalls memorable  moment with Ranbir Kapoor in throwback video

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

উৎকট গৰম : শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান

শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান : সদৌ অসম সন্মিলিত...

আৰ ই চি বক্সিং: মহিলা এলিট শাখাৰ কোৱাৰ্টাৰত প্ৰৱেশ অসমৰ আঠ বক্সাৰৰ

অসমৰ পুৰুষৰ লগতে মহিলা বক্সাৰেও গুৱাহাটীত চলি থকা আৰ...

NRCৰ সময়ত যিসকলৰ বায়’মেট্ৰিক বন্ধ হৈছিল, তেওঁলোকে কিদৰে আধাৰ কাৰ্ড লাভ কৰিব?

UIDAIয়ে ৯.৩৫ লাখ NRC-BME স্থগিত ৰখা অসমৰ আবেদনৰ বাবে...

চর্জুন হান্সেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্রদান

ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাৰ এখন...