ৰাজীৱ শদিয়াৰ নামত ষড়যন্ত্ৰকাৰীৰ কি হ’ব? সৰৱ তিনিচুকীয়াৰ দল-সংগঠন

ভোগালী বিহুৰ উৰুকাৰ দিনাই সকলোকে কন্দুৱাই কেতিয়াও ঘূৰি নহাৰ বাটেৰে গ’লগৈ জনতাৰ শিল্পী ৰাজীৱ শদিয়া। গণশিল্পী সদ্য প্ৰয়াত ৰাজীৱ শদিয়াৰ তিনিচুকীয়াৰ গেলাপুখুৰীস্থিত মাটিটুকুৰা জালিয়াতিৰে PNB বেংকৰ প্ৰৱন্ধক আৰু বনিয়া আনন্দ ৰাচিবাচিয়াই বেংকৰ পৰা ঋণ লৈ উধাও হোৱাৰ পাছতে বেংক কৰ্তৃপক্ষই মাটিখিনি বাজেয়াপ্ত কৰিবলৈ জাননী প্ৰেৰণ কৰাৰ পিছতে এই ষড়যন্ত্ৰ প্ৰতিহত কৰিবলৈ গৰজি উঠিছে জাতীয় দল-সংগঠন৷

বৃহস্পতিবাৰে তিনিচুকীয়া জিলা আয়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰি দল-সংগঠনসমূহে যৌথভাবে প্ৰদান কৰে স্মাৰক পত্ৰ৷ জিলা আয়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকক পৃথকে পৃথকে সাক্ষাৎ কৰি দল সংগঠন সমূহে দুই অভিযুক্ত বেংক প্ৰৱন্ধক অমৃত কুমাৰ ঝা আৰু বনিয়া আনন্দ ৰাচিবাচিয়াৰ জালিয়াতি ষড়যন্ত্ৰৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে৷

ইফালে জন্মভূমি শদিয়াৰ টুপচিঙা গাঁৱত ৰাইজৰ সহযোগত ৭ ফেব্ৰুৱাৰীত আদ্যশ্ৰাদ্ধৰ আয়োজন চলিছে। শিল্পীজনৰ অবৰ্তমানত পৰিয়ালটোৰ কথাও ভাবিছে ৰাইজে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...