চিনেমাৰ কায়দাৰে পলাশবাৰীৰ বৰটাৰীত অচিনাক্ত দুৰ্বৃত্তৰ ভয়ংকৰ কাণ্ড

দক্ষিণ কামৰূপৰ ভিন্ন প্ৰান্তত চলি থকা চোৰৰ সন্ত্ৰাসৰ মাজতে এইবাৰ পলাশবাৰীৰ বৰটাৰীত নিশা অচিনাক্ত দুৰ্বৃত্তৰ তাণ্ডৱ। চিনেমাৰ কায়দাৰে যুৱকৰ ওপৰত আক্ৰমণ এদল দুৰ্বৃত্তৰ। বুধবাৰে নিশা এখন চুইফট ডিজায়াৰ বাহনেৰে বিজয়নগৰৰ পৰা ক্ৰিকেট খেলি ঘৰলৈ ওভতিছিল ৫ জনীয়া এটি যুৱকৰ দল। সেইসময়তে যুৱককেইজনে প্ৰতক্ষ্য কৰে, গুমী মথাউৰিৰ ওপৰত শিল আৰু বাহেৰে ৰাস্তা বন্ধ কৰি এখন বাহনৰ ওপৰত আক্ৰমণ চলাই আছে একাংশ অচিনাক্ত লোকে। প্ৰাণৰ মমতাত যুৱককেইজনে অন্য পথেৰে যাব খোজোতেই হাতে হাতে দা-লাঠি লৈ পিছে পিছে খেদি আহে অচিনাক্ত দুৰ্বৃত্তৰ দলটোৱে। এখন বলেৰ বাহেনেৰে দুৰ্বৃত্তৰ দলটোৱে পিছা কৰে যুৱককেইজনৰ চুইফট ডিজায়াৰ বাহন। কুকুৰমাৰা টাউনত যুৱকৰ দলটিৰ গাড়ীৰ ওপৰত দাৰে আক্ৰমণ কৰে দুৰ্বৃত্তই। ভঙা বাহন লৈয়ে দলটো পায়গৈ ছয়গাঁও থানা। থানাৰ সন্মুখতো আৰক্ষীৰ উপস্থিতিত দুৰ্বৃত্তৰ দলটোৱে আক্ৰমণ কৰে যুৱককেইজনক। দুৰ্বৃত্তৰ আক্ৰমণত আঘাতপ্ৰাপ্ত আমিনুল হক, খলিলুৰ ৰহমান, চাদ্দাম হুছেইন, আমজাদ খান, আৰু তাৰিফুল ইছলাম। সম্প্ৰতি ছয়গাঁও আৰক্ষীৰ কাষ চাপিছে ভুক্তোভোগী যুৱককেইজন। কোনে কি কাৰণত নিশা এনে ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে সেয়া আৰক্ষীৰ সঠিক তদন্ততহে পোহৰলৈ আহিব। এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধিৰ পিছত ৰাজ্যবাসীলৈ পৰিবহন মন্ত্ৰীৰ আহ্বান

দেশজুৰি পেট্ৰ’ল আৰু ডিজেলৰ দাম বৃদ্ধি পোৱাৰ সময়তে অসমৰ...

জনজাতি সুৰক্ষা মঞ্চৰ সংবাদমেল; ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে সৰৱ

গুৱাহাটীৰ কেশৱ ধামত জনজাতি সুৰক্ষা মঞ্চ, অসম প্ৰদেশৰ এখন...

চৰৰ মুছলমান প্ৰসংগত অসম সাহিত্য সভাৰ সভাপতিৰ মন্তব্যই জোকাৰিছে ৰাজ্য

চৰৰ মুছলমান প্ৰসংগত অসম সাহিত্য সভাৰ সভাপতিৰ মন্তব্য।মুছলমান মানেই...

আকাশমাৰ্গতে দুখন যুদ্ধ বিমানৰ ভয়ংকৰ সংঘৰ্ষ

আমেৰিকাত এয়াৰ শ্ব’ৰ মাজতে শিহৰণকাৰী দুৰ্ঘটনা।আকাশমাৰ্গতে দুখন যুদ্ধ বিমানৰ...