নতুন ছিজনৰ প্ৰথম ঘৰুৱা মেচ অসমত খেলাক লৈ ৰোমাঞ্চিত ৰাজস্থান ৰয়েলছৰ অধিনায়ক

‘এইবাৰ আই পি এলত আমাৰ ঘৰুৱা মেচৰ আৰম্ভনি স্বাভাৱিকতে পৃথক আৰু ৰোমাঞ্চকৰ হ’ব। কাৰণ এইবাৰ আমি জয়পুৰৰ পৰিবৰ্তে গুৱাহাটীত প্ৰথমখন গৃহ মেচ খেলিম৷ দলৰ অন্য সদস্যৰ লগতে ব্যক্তিগতভাবে এই বিষয়টো লৈ মই অধিক উৎসাহী৷ ইয়াৰ কাৰণ হ’ল গুৱাহাটীৰ ক্ৰিকেটপ্ৰেমী৷ ইতিমধ্যে যোৱা দুটা ছিজনত আমি গুৱাহাটীত চাৰিখন মেচ খেলিছিলো আৰু আমাক গুৱাহাটীৰ অনুৰাগীয়ে যি মৰমৰে ষ্টেডিয়ামত সমৰ্থন কৰিছে সেয়া ক্ৰিকেট জীৱনৰ স্মৰণীয় মুহূৰ্ত। যোৱাবাৰ বৰ্ষা বিঘ্নিত মেচখনতো আমাক সমৰ্থন কৰিবলৈ অনুৰাগীয়ে শেষলৈকে ষ্টেডিয়ামত আছিল৷ এটা দলৰ বাবে এনে সমৰ্থক লাভ কৰাটো গুৰুত্বপূৰ্ণ বিষয় লগতে ক্ৰিকেটাৰৰ বাবে ভাগ্যৰ কথা৷ সেয়ে আমি এনেবোৰ বিষয় লৈ অধিক আশাবাদী হৈছো লগতে এইবাৰো গুৱাহাটীবাসীৰ সমৰ্থন আৰু আশীৰ্বাদে ছিজনৰ আৰম্ভনিক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি বিশ্বাস ৰাখিছো৷’ এই মন্তব্য আই পি এল দল ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু ছেমচনৰ৷ আজি জয়পুৰত ফাইনেল অনুশীলন শিবিৰত অংশ লৈ ছেমচনে এইদৰে কয়৷

উল্লেখ্য যে অসমক দ্বিতীয় ঘৰ হিচাপে লোৱা ৰাজস্থান ৰয়েলছে আসন্ন আই পি এলৰ ঘৰুৱা মেচৰ আৰম্ভনি গুৱাহাটীৰ পৰাই কৰিব৷ আই পি এলৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন ৰয়েলছে অহা ২৬ মাৰ্চত গুৱাহাটীত প্ৰথমখন ঘৰুৱা মেচত কে কে আৰৰ মুখামুখি হোৱাৰ বিপৰীতে ৩০ মাৰ্চত ছিজনৰ দ্বিতীয়খন ঘৰুৱা মেচ দলটোৱে এ চি এ ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব৷ গুৱাহাটীৰ দূয়োখন মেচে নৈশালোকত অনুষ্ঠিত হ’ব৷ অৱশ্যে আৰ আৰ দলে ইয়াৰপূৰ্বে হায়দৰাবাদত ছানৰাইজাৰ্ছৰ বিৰুদ্ধে অহা ২৩ মাৰ্চত প্ৰথমখন মেচ খেলি নতুন ছিজনৰ অভিযান আৰম্ভ কৰিব৷ কিন্তু গুৱাহাটীত প্ৰথমবাৰৰ বাবে উদ্বোধনী দুয়োখন ঘৰুৱা মেচ খেলা বিষয়টো লৈ দলটো ৰোমাঞ্চিত হৈ আছে৷

‘আমি যোৱা দুবছৰ ধৰি গুৱাহাটীৰ উইকেটত খেলি আহিছো আৰু কেৱল মেচ খেলাই নহয়, আমি এই সময়ছোৱাত চাৰিটাকৈ শিবিৰত অংশ লোৱাৰ সুযোগ পাইছো৷ গতিকে, আমি এ চি এ ষ্টেডিয়ামৰ উইকেট তথা আউটফিল্ড লৈ ভালদৰে জ্ঞাত৷ পৰিস্থিতি বুজি পোৱা আৰু খেলপথাৰৰ সৈতে পৰিচিত হোৱা বিষয়টো আমাৰ বাবে যথেষ্ঠ ইতিবাচক৷ ইফালে, আমাৰ বাবে গুৰুত্বপূৰ্ণ বিষয়টো হ’ল আমি যেতিয়াই গুৱাহাটীলৈ যাওঁ, তেতিয়াই সমৰ্থকৰ মৰমে আমাৰ দলীয় শক্তিক এটা অনন্য স্তৰলৈ লৈ যায়৷ সামগ্ৰিকভাবে এক ইতিবাচক পৰিবেশত ছিজনৰ আৰম্ভনি কৰিব পাই আমি সুখী৷’ ছেমচনে লগতে ব্যক্ত কৰে৷

উল্লেখ্য যে ৰাজস্থান ৰয়েলছ আই পি এলৰ প্ৰথমটো দল যিয়ে জন্মস্থানৰ পৰিবৰ্তে দ্বিতীয় ঘৰৰ পৰা প্ৰথমবাৰৰ বাবে নতুন ছিজনৰ আৰম্ভনি কৰিব৷ আচলতে অসম তথা উত্তৰ পূৱৰ ক্ৰিকেটপ্ৰেমীৰ সমৰ্থনে ৰয়েলছক এই সিদ্ধান্ত ল’বলৈ একপ্ৰকাৰ ব্যধ্য কৰাইছে৷ যোৱা দুটা ছিজনত গুৱাহাটীৰ দৰ্শকে এ চি এ ষ্টেডিয়ামত উপস্থিতিৰ অভিলেখ গঢ়াৰ পাছত এইবাৰো অনলাইন টিকট ক্ৰয়ৰ নতুন অভিলেখ গঢ়িছে গুৱাহাটীৰ ক্ৰিকেটপ্ৰেমীয়ে৷ এইবাৰ অভিলেখসংখ্যক দৰ্শকে গুৱাহাটীৰ উভয় আই পি এল মেচ উপভোগ কৰাটো ইতিমধ্যে নিশ্চিত হৈছে৷ বুক মাই শ্ব’ত দূয়োখন মেচৰে অনলাইন টিকট দ্ৰুতগতিত দৰ্শকে ক্ৰয় কৰিছে৷ অহা ৩০ মাৰ্চত হ’বলগা চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মাজৰ দ্বিতীয়খন আই পি এল মেচৰ টিকট এতিয়া পাঁচ হেজাৰতকৈয়ো কম বিক্ৰি হ’বলৈ বাকী আছে৷ আনহাতে, অহা ২৬ মাৰ্চত গুৱাহাটীত হ’বলগা ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ আই পি এল প্ৰথম মেচখনৰ টিকটো ইতিমধ্যে ৬০ শতাংশ বিক্ৰি হৈছে৷ ইফালে, অহা ২৬ মাৰ্চত গুৱাহাটীলৈ শ্বাহৰূখ খান অহাটোও নিশ্চিত হোৱাৰ পাছত আৰ আৰ আৰু কে কে আৰৰ মেচৰ টিকট যোৱা ২৪ ঘণ্টাত অধিক ক্ৰয় কৰিছে উৎসাহী দৰ্শকে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ সৌভাগ্যশালী যাত্ৰী ৰমেশ বিশ্বাস কুমাৰ

বৃহস্পতিবাৰে আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপৰ মেঘানিনগৰত...

১০ মিনিট দেৰি কৰাৰ বাবে ফ্লাইটখন মিছ কৰিছিল এইগৰাকী সৌভাগ্যশালী মহিলাই

আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপৰ মেঘানিনগৰত এয়াৰ...

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা : ৮,২০০ ঘণ্টাৰ উৰণৰ অভিজ্ঞতা আছিল কেপ্তেইন সুমিত ছভাৰৱালৰ

আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপৰ মেঘানিনগৰত এটা...

বোৱিং ৭৮৭-৮ ড্ৰিমলাইনাৰৰ কাৰিকৰী সমস্যাৰ ইতিহাস

বোৱিং ৭৮৭-৮ ড্ৰিমলাইনাৰ, যি এখন অত্যাধুনিক বাণিজ্যিক বিমান হিচাপে...