পৰমাণু যুদ্ধৰ দিশে ৰুছ-ইউক্ৰেইন সংঘাট

✒️অচিন্ত্য শৰ্মা

ৰুছ-ইউক্ৰেইন যুদ্ধৰ ছমাহ পাৰ হ’ল। অথচ এতিয়াও নোলাল যুদ্ধৰ কোনো নিৰ্ণায়ক ফলাফল। ওলোটাই লাহে লাহে সলনিহে হ’বলৈ লৈছে যুদ্ধখনৰ গতিবিধি। যি উদ্যমেৰে মহাশক্তি ৰুছিয়াই তুলনামূলকভাবে দুৰ্বল আৰু ক্ষুদ্ৰ দেশ ইউক্ৰেইনৰ ওপৰত আক্ৰমনৰ আৰম্ভ কিৰছিল, সেই উদ্যম এতিয়া স্তিমিত। বিপৰীতে উদ্যম বাঢ়িছে ইউক্ৰেইনৰ। প্ৰথম অৱস্থাত দিশহাৰা হৈ পৰা আক্ৰান্ত ইউক্ৰেইনৰ বৰ্তমান অৱস্থা যে বহুখিনি সবল আৰু সুবিধাজনক। নাটো আৰু অন্যান্য মাৰ্কিনপন্থী দেশৰপৰা বোৱা অৰ্থ, অস্ত্ৰ আৰু প্ৰযুক্তিৰ সোঁতে বিগত দিনবোৰত ক্ৰমাত শক্তিশালী কৰি নি আছে ইউক্ৰেইনক। বিপৰীতে যুদ্ধখন ভাবাতকৈ বহু বেছি দীঘলীয়া হৈ পৰাৰ পৰিপেক্ষিতত অভাবণীয়ভাবে শক্তিক্ষয় হৈছে ৰুছিয়াৰ। বিশ্বসঘাতক বন্ধুৰাষ্ট্ৰ চীনৰ পৰা বিচাৰিও সহায় নাপালে ৰুছিয়াই। সেয়ে যুদ্ধখনে লাহে লাহে লৈছে এক দৃশ্যমান ইউটাৰ্ণ। ৰক্ষাত্মক ইউক্ৰেইন শেহতীয়াভাবে হৈ উঠিছে আক্ৰমণাত্মক। ৰুছ আক্ৰমণ ধাৰাবাহিকভাবে ওফৰাই দিয়াৰ উপৰি মূলভূমি ৰুছিয়াতো ধ্বংসাত্মক কাৰ্য চলোৱাত সফল হৈছে ইউক্ৰেইনৰ যুঁজাৰু। ইউক্ৰেইন দখলৰ সপোন দেখা ৰুছিয়াই এতিয়া ওলোটাই পূৰ্বে অধিকাৰ কৰা ইউক্ৰেইন ভূমি,ক্ৰিমিয়া হেৰুওৱাৰহে উপক্ৰম ঘটিছে। এনে অৱস্থাত আক্ৰমণাত্মক ৰুছিয়াইহে ওলোটাই আত্মৰক্ষামূলক ভূমিকা ল’বলৈ বাধ্য হৈছে। ৰুছ নেতা আৰু ৰুছ জনতা, উভয়কে এতিয়া খেদিব লৈছে প্ৰথম বিশ্বযুদ্ধৰ দু:স্মৃতিয়ে, যিখন বিশ্বযুদ্ধৰ তেতিয়াৰ ক্ষুদ্ৰ দেশ জাপানে বিশাল ৰুছিয়াক পৰাস্ত কৰি সকলোকে চমকৃৎ কৰিছিল। শতাব্দী পুৰণি তেনে এক পৰাজয়েৰে পুণাবৃত্তি ঘটিব নেকি? এই প্ৰশ্ন এতিয়া ক্ৰেমলিনৰ বাহিৰে ভিতৰে।

আৰু এনে এক প্ৰশ্নৰ আতংক হৈ উঠিছে পুটিনৰ বাবেও। যুদ্ধৰ পৰাজয় বা বিলম্বিত জয়, এটাও এই মূহুৰ্তত এফোৰ্ড কৰিব নোৱাৰে ৰুছ ৰাষ্ট্ৰপতি পুটিনে। নিজৰ ৰাজনৈতিক কেৰিয়াৰৰ স্বাৰ্থত ইউক্ৰেইন যুদ্ধত পুটিনৰ জয় লাগে আৰু তত্ক্ষণাত লাগে। অথচ যুদ্ধৰ পৰিস্থিতি সম্পূৰ্ণ বিপৰীতে। এনে পেক্ষাপটত পুটিমে এতিয়া সক্ৰিয়ভাবে চিন্তা কৰিব লৈছে পাৰমাণবিক অস্ত্ৰ ব্যৱহাৰৰ বিষয়। নিজৰ এই চিন্তাৰ কথা পুটিনে মুকলিকৈ প্ৰকাশো কৰিছে। ইতিমধ্যে পুটিনে সাজু কৰি ৰাখিছে ৰুছ সেনাৰ ষ্ট্ৰেটেজিক নিউক্লীয়াৰ কামাণ্ড। লক্ষ্যণীযভাবে ৰুছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডিমিট্ৰি মেডভেদেও এইবাৰ পাৰমাণবিক অস্ত্ৰোপ্ৰয়োগৰ সম্ভাৱনা ব্যক্ত কৰিছে। এনে আশংকা শেহতীয়াভাবে ব্যক্ত কৰিছে একাধিক পশ্ছিমীয়া চোৰাংচোৱা সূত্ৰয়ো। এনে অৱস্থাত ইউৰোপত এতিয়া সৃষ্টি হৈছে পাৰমাণবিক বিস্ফোৰণৰ নতুন শংকাৰ।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...