মিজোৰামৰে ৰে’ল সংযোগৰ আটাইতকৈ ওখ ব্রীজ পিয়েৰৰ অভিনৱ নিৰ্মাণ সম্পূৰ্ণ

ভাৰত চৰকাৰৰ সকলো উন্নয়নমূলক কার্যসূচীত উত্তৰ-পূৰ্ব্বাঞ্চলৰ এক বিশেষ স্থান আছে। ভাৰতীয় ৰেলৱেই কেইবাটাও নতুন ৰেলপথ প্ৰকল্পৰ কাম বাস্তৱায়নৰ দ্বাৰা উত্তৰ পূৰ্ব্বাঞ্চলৰ ৰাজ্যসমূহৰ ৰূপান্তৰণৰ দিশত গুৰুত্বপূৰ্ণ অৰিহণা যোগাই আহিছে। উত্তৰ পূৰ্ব্বাঞ্চলৰ সকলো ৰাজ্যৰ ৰাজধানীক সংযোগ কৰি নতুন ৰেলপথৰ নিৰ্মাণ কেপিটেল কানেকটিভিটি প্রজেক্টৰ অধীনত চলি আছে। উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰাজ্য মিজোৰামক দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰাৰ বাবে ভৈৰৱী চাইৰাং নতুন ৰেল লাইন প্ৰকল্পটো এনে এটা প্ৰকল্প যিটো শীঘ্ৰেই সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। এই প্ৰকল্পটো সম্পূর্ণ হোৱাৰ পিছত দেশৰ উত্তৰ-পূৰ্ব্বাঞ্চলৰ, বিশেষকৈ মিজোৰামত যোগাযোগ আৰু বাণিজ্যৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা হ’ব। ভৈৰৱী- চাইৰাং প্ৰকল্পৰ লক্ষ্য হৈছে উত্তৰ-পূব ভাৰতত অতিৰিক্ত ৫১.৩৮ কিলোমিটাৰ ৰে’লপথ সৃষ্টি কৰা।

  • উত্তৰ পূব সীমান্ত ৰে’লৱেই চাইৰাং ষ্টেচনৰ ওচৰত প্ৰকল্পটোৰ আটাইতকৈ ওখ পিয়েৰ অৰ্থাৎ ১৯৬ নং সেঁতুৰ পিয়েৰ সি ৪ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছে। এই সিয়েৰটোৰ উচ্চতা ১০৪ মিটাৰ যি কুতুব মিনাৰতকৈ ৪২ মিটাৰ ওখ। এইটো ১২ মিটাৰ বাহ্যিক ব্যাসৰ এটা ফোঁপোলা দিয়েৰ আৰু ৱালৰ ঘনত্ব ৭৫ চেণ্টিমিটাৰৰ পৰা ৫০ চেণ্টিমিটাৰলৈকে পৰিৱৰ্তিত হয়। ভৌগোলিক সীমাবদ্ধতাৰ বাবে, এই দিয়েৰটো নদীৰ সোঁতৰ কেন্দ্ৰস্থলত অৱস্থিত। চলমান সোঁতত এই পিয়েৰটোৰ ভেটি নির্মাণ কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান আছিল যাৰ বাবে সোঁত সলনি কৰি আৰু অতিৰিক্ত পাইলিং মেচিন স্থাপন কৰি সম্পূৰ্ণ কৰা হৈছে। এই পিয়েলটো এনে এক অনন্য ধৰণে ডিজাইন কৰা হৈছে যে পাইল কেপটো ৪.৫ মিটাৰ x ৮.৫ মিটাৰৰ চাৰিটা আ’পেনিং উপলব্ধ কৰা হৈছে যাতে পানী ইয়াৰ মাজেৰে পাৰ হ’ব পাৰে। এই সিয়েৰটো সম্পূৰ্ণ হোৱাৰ লগে লগে প্ৰকল্পটোৰ এটা অতি গুৰুত্বপূৰ্ণ অংশ সম্পূৰ্ণ কৰা হৈছে।

যদিও অতি নেৰেনেপেৰা আৰু দীৰ্ঘদিনীয়া বাৰিষাৰ বাবে অতি কম কৰ্মঋতু, গভীৰ অৰণ্যৰ মাজেৰে অতি কঠিন আৰু পাহাৰীয়া অঞ্চল, দুর্বল সুগমতা, নির্মাণ সামগ্রী উপলব্ধ নোহোৱা আৰু মিজোৰামত দক্ষ শ্রমিকৰ অভাৱৰ বাবে এই প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত বহুতো প্ৰত্যাহ্বান আছে, উত্তৰ-পূব সীমান্ত ৰে’লৱেই প্ৰকল্পটো অতি সোনকালে আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ বাবে সকলো প্ৰচেষ্টা চলাই আহিছে। সকলো প্রকল্প স্থানত নিৰ্মাণ কাৰ্য নিশাৰ ভাগতো চলি আছে।

প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ লগে লগে এই ৰাজ্যখনৰ আৰু উত্তৰ পূৰ্ব্বাঞ্চলৰ পৰ্যটন আৰু আৰ্থ-সামাজিক বিকাশে এক অতি গুৰুত্বপূৰ্ণ উত্থান লাভ কৰিব। কাৰ্যকৰী হোৱাৰ পিছত প্ৰকল্পটোৱে মিজোৰামক ৰে’ল নেটৱৰ্কৰ সৈতে সংযোগ কৰাৰ বাবে গুৰুত্বপূৰ্ণ ৰূপে প্ৰমাণিত হ’ব। অঞ্চলটোৰ জনসাধাৰণে সমগ্ৰ দেশতে দীঘলীয়া দূৰত্বৰ বাবে ভ্ৰমণ কৰিব পাৰিব আৰু জনসাধাৰণৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে মিজোৰামলৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ নিৰৱচ্ছিন্নভাৱে কম খৰচত যোগান ধৰিব পাৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...