KKRৰ ৰিংকু সিং এতিয়া কিমান টকাৰ মালিক? অন্তিম ৫টা বলত ৫টা ছিক্সাৰ কোবাই জিকোৱা ৰিংকু সিঙে কিমান টকা উপাৰ্জন কৰে?

দেওবাৰলৈকে কোনেও চিনা নাছিল উত্তৰ প্ৰদেশৰ বিস্ফোৰক বেটছমেনজনক।

২০১৮ চনৰ পৰাই IPL খেলিছে যদিও খুব বেছি সুবিধা কৰিব পৰা নাছিল IPL প্ৰতিযোগিতাখনত। গুজৰাট টাইটানছৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডাৰ্ছৰ দেওবাৰে অনুষ্ঠিত IPLৰ খেলখনৰ অন্তিম অভাৰলৈ সকলোৱে ধৰি লৈছিল যে খেলখনত জয়ী হ’ব গুজৰাটৰ দলটো। কাৰণ অন্তিম অভাৰত কলকাতাৰ দলটোক প্ৰয়োজন হৈছিল ২৯ ৰানৰ। গুজৰাটৰ য়ছ ডায়েলৰ অন্তিম অভাৰটোৰ শেষৰ ৫টা বলত ছিক্সাৰ কোবাই KKR দলক অবিশ্বাস্য জয়ৰ সোৱাদ দিয়ে। জয়ৰ পিছত ৰিংকুৱে ক’লে এই ছিক্সাৰ কেইটা সেইসকলৰ বাবে, যিসকলে মোৰ বাবে কষ্ট কৰিছিল। দেওবাৰে বিস্ফোৰক ইনিংছেৰে KKR দলক জয়ী কৰাৰ পিছতে নায়কত পৰিণত হৈছে ৰিংকু সিং।

ৰিংকুৰ প্ৰশংসাত পঞ্চমুখ দলৰ অধিনায়ক নীতিশ ৰানা, স্বত্বাধিকাৰী শ্বাহৰুখ খান, প্ৰাক্তন ক্ৰিকেটাৰসকলো। ICCও ৰিংকুক প্ৰশংসা কৰি তেওঁৰ ফটো দি টুইটত কেপশ্যন দিছে REMEMBER THE NAME-নামটো মনত ৰাখক। হয়, ৰিংকু সিঙৰ নাম এতিয়া সকলো ক্ৰিকেট অনুৰাগীৰ মুখে মুখে। এই নাটকীয় ইনিংছেৰে নিশাটোৰ ভিতৰতে জনপ্ৰিয় নামত পৰিণত হ’ল ৰিংকু সিং।

IPLৰ গ্লেমাৰ বয়ত পৰিণত সিদিনালৈকে অখ্যাত উত্তৰ প্ৰদেশৰ ৰিংকু সিং। ৰিংকু সিঙৰ পিতৃ আলিগড়ৰ এজন LPG ডেলিভাৰী মেন, ভাতৃ অটোচালক। নৱম শ্ৰেণীলৈ পঢ়া-শুনা কৰাৰ পিছত শিক্ষাৰ অন্ত পেলায় ৰিংকুৱে। উপাৰ্জনৰ বাবে চাফাইকৰ্মীৰ কামো কৰিবলৈ বাধ্য হৈছিল ৰিংকু। ৰিংকু সিঙৰ পিতৃয়ে পুত্ৰই ক্ৰিকেট খেলাটো বিচৰা নাছিল। কিন্তু ৰিংকুৰ মাতৃয়ে সমৰ্থন কৰিছিল। প্ৰথমবাৰ ৰিংকুৱে যেতিয়া কানপুৰত এখন টুৰ্ণামেণ্ট খেলিবলৈ গৈছিল, তেতিয়া মাতৃয়ে প্ৰতিৱেশীৰ পৰা ১,০০০ টকা ধাৰ কৰি আনি দিছিল।

উল্লেখ্য যে, IPLত এতিয়ালৈকে ২০খন খেল খেলি ৰিংকুৱে কৰিছে ৩৪৯ ৰান। IPLৰ ৰিংকুৰ বেটিং গড় ২৪.৯৩, ষ্ট্ৰাইক ৰেট ১৩৯.০৪। যোৱা বৰ্ষতো ৰিংকুৱে বিস্ফোৰক ইনিংছেৰে পৰিচয় দিছিল প্ৰতিভাৰ। ১৫টা বলত ৪০ ৰান কৰিছিল যদিও সেইবাৰ দলক জিকাব পৰা নাছিল। ২৫ বছৰীয়া ৰিংকুৱে উত্তৰ প্ৰদেশৰ হৈ ৰঞ্জি ট্ৰফী খেলি আহিছে। উত্তৰ প্ৰদেশৰ হৈ ৰঞ্জি ট্ৰফীত গড়ে ৪৯ ৰানকৈ খেলিছে মুঠ ৯খন খেল।

আনহাতে, ৰিংকুক ২০১৭ৰ আইপিএলত দলত লৈছিল পঞ্জাব কিংছে ১০ লাখ টকাত। ২০১৮ চনত কেকেআৰে ৰিংকুক দলত লৈছিল ৮০ লাখ টকাত। ৰিংকুৱে সেই টকা পাই ঘৰ নিৰ্মাণ কৰিছিল। পিতৃক এখন গাড়ী কিনি দিছিল। পৰিয়ালৰ কিছু ধাৰ আছিল, সেয়া পৰিশোধ কৰিছিল। ২০১৮ত ৰিংকু সিঙৰ IPLত ভিত্তিমূল্য ৮০ লাখ টকা আছিল যদিও ২০২২ত সেই মূল্য হ্ৰাস পায় ৫৫ লাখ টকালৈ।

অৱশ্যে নিশাটোৰ ভিতৰতে হিৰো হৈ পৰা ৰিংকু সিঙৰ ঘৰৰ অৱস্থাৰ বিশেষ সলনি হোৱা নাই। পুত্ৰ এতিয়া তাৰকা হৈ পৰিলেও মাক-দেউতাক এতিয়াও আগৰ দৰেই আছে।

IPLৰ ক্ৰিকেট বিশ্ব স্তম্ভিত ৰিংকু সিঙৰ বেটিং দৌৰাত্ম্য কোনো চিনেমাৰ কাহিনীতকৈ কম নহয়, বহুতৰ বাবে অনুপ্ৰেৰণাৰ বাবে অন্য এক নাম ৰিংকু সিং।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...