শতাধিক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত তথ্যচিত্ৰ ‘চেলেঞ্জ’ৰ বিশেষ প্ৰদৰ্শন

কালি গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতিচিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত ‘চেলেঞ্জ’ নামৰ এখন নতুন তথ্যচিত্ৰৰ এক অন্তৰংগ বিশেষ প্ৰদৰ্শন সম্পন্ন হৈ যায় ৷ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰাপ্ত তথ্যচিত্ৰ নিৰ্মাতা জ্যেষ্ঠ সাংস্কৃতিক সাংবাদিক শিৱাণু বৰা আৰু ৰমেন বৰাই পৰিচালনা কৰা তথ্যচিত্ৰ ‘চেলেঞ্জ’ প্ৰযোজনা কৰিছে ‘কামৰূপা ক্ৰিয়েচন’ৰ বেনাৰত ভৰত কলিতা আৰু ৰীণা কলিতাই ।

‘চেলেঞ্জ’ তথ্যচিত্ৰখনত বিশেষভাৱ সক্ষম কন্যাসন্তান এগৰাকীৰ জন্মৰ পৰা সমগ্ৰ জীৱন পৰিক্ৰমাত এগৰাকী মাতৃৰ যি গুৰুত্বপূৰ্ণ ভূমিকা সেই সকলোবোৰ কথা সামৰি এক ব্যতিক্ৰমী ৰূপত কিছুমান দিশ উপস্থাপন কৰা হৈছে ৷ তথ্যচিত্ৰখনৰ চিত্ৰনাট্য পূৰ্বাণী গোস্বামীৰ ৷ বিষয়বস্তুৰ পৰিকল্পনা শিৱাণু বৰাৰ । তথ্যচিত্ৰখনৰ চিত্ৰগ্ৰহণ কৰিছে হিতেন ঠাকুৰীয়াই ।

দুটা সংস্কৰণত নিৰ্মাণ কৰা ‘চেলেঞ্জ’ৰ অসমীয়া সংস্কৰণটিত ধাৰা বিৱৰণী দিছে পবিত্ৰ মাৰ্ঘেৰিটাই । আনহাতে, তথ্যচিত্ৰখনৰ ইংৰাজী সংস্কৰণটিৰ ধাৰা বিৱৰণী দিছে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত ধাৰাভাষ্যকাৰ জীতেন্দ্ৰ ৰামপ্ৰকাশে ।

চাউণ্ড ডিজাইন আৰু মিক্সিঙৰ কাম কৰিছে বৰ্তমান সময়ত এই ক্ষেত্ৰখনত দেশৰ সবাতোকৈ ব্যস্ত দুই অসম সন্তান অমৃত প্ৰীতম আৰু দেৱজিৎ চাংমাইয়ে ৷ শব্দ বাণীবদ্ধ কৰিছে ভাস্কৰ জ্যোতি ডেকাই ৷ ডি আই ( কালাৰিষ্ট ) কৰিছে ৰতন শীল শৰ্মাই ।

তথ্যচিত্ৰখনৰ সংগীত ৰাজীৱ কাশ্যপৰ ৷ সম্পাদনা কৰিছে ৰমেন বৰাই ৷ ‘চেলেঞ্জ’ তথ্যচিত্ৰখনৰ গ্ৰাফিক্স আৰু পষ্টাৰ ডিজাইন কৰিছে ধীৰু বুঢ়াগোহাঁইয়ে । প্ৰযোজনা নিয়ন্ত্ৰক হিচাপে আছে উৎপল কলিতা । উল্লেখ্যযোগ্য যে ‘চেলেঞ্জ’ৰ আজিৰ বিশেষ প্ৰদৰ্শনত প্ৰিন্সি গগৈ আৰু তেওঁৰ মাতৃও উপস্থিত থাকে আৰু তেওঁলোক দুগৰাকীক প্ৰযোজক গোষ্ঠীৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷

ছবিখনৰ প্ৰদৰ্শনৰ শেষত বিশিষ্ট ব্যক্তিসকলৰ সৈতে এক অন্তৰংগ ভাব বিনিময় হয় ।সমগ্ৰ অনুষ্ঠানটিৰ আঁত ধৰে সাংবাদিক লেখিকা দৰ্শনা বৰুৱা আৰু পৰিচালক গীতিকাৰ তথা নাট্যকাৰ জয়ন্ত ডেকাই৷
মঞ্জু বৰা, ভাস্কৰজ্যোতি মহন্ত, দিলীপ বৰা, পাৰ্থসাৰথি মহন্ত, দীনেশ দাস, মলয়া গোস্বামী, উৎপল দত্ত, মণিতা বৰগোহাঁই, তৰালী শৰ্মা, ডাঃ হিতেশ বৰুৱা, মনীষা হাজৰিকা, কমল লোচন দাস, স্বপ্নালী মহন্ত, শিৱানন বৰুৱা, দেৱজিত হাজৰিকা, সঞ্জীৱ হাজৰিকা, যতীন বৰাকে ধৰি ভিন্ন ক্ষেত্ৰৰ শতাধিক স্বনামপ্ৰসিদ্ধ গণ্য মান্য ব্যক্তি ‘চেলেঞ্জ’ৰ বিশেষ প্ৰদৰ্শনত উপস্থিত থাকি মত বিনিময় কৰাৰ লগতে এনে এক জীৱনবোধৰ বিষয়ক লৈ এখন তথ্যচিত্ৰ নিৰ্মাণ কৰাৰ বাবে প্ৰযোজক-পৰিচালকৰ শলাগ লয় ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

E-20 ইন্ধন ব্যৱহাৰৰ সপক্ষে কেন্দ্ৰৰ স্পষ্টীকৰণ; ছ’চিয়েল মিডিয়াৰ ‘ভ্ৰান্ত খবৰ’ক গুৰুত্ব নিদিবলৈ গ্ৰাহকক আহ্বান

দেশত ইথানল মিশ্ৰিত পেট্ৰ’ল (EBP) কাৰ্যসূচীৰ সপক্ষে কেন্দ্ৰীয় পেট্ৰ’লিয়াম...

অসম বাজেট ২০২৬-২৭: ১৮খন ধ্বজাবাহী আঁচনি আৰু ব্যাপক সংস্কাৰমূলক পদক্ষেপ ঘোষণা বিত্তমন্ত্ৰীৰ

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত ২০২৬-২০২৭ বিত্তীয় বৰ্ষৰ বাবে...