কিবিথুত নিশা যাপন কৰাটো চীনৰ বাবে শক্তিশালী বাৰ্তা

দুদিনীয়া কাৰ্যসূচী লৈ উত্তৰ-পূৰ্বাঞ্চলত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। সোমবাৰে অমিত শ্বাহে ডিব্ৰুগড় বিমানবন্দৰত অৱতৰণ কৰে। ডিব্ৰুগড়ত শ্বাহক আদৰণি জনায় ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী অজন্তা নেওগ উপস্থিত আছিল। ডিব্ৰুগড়ৰ পৰা অমিত শ্বাহে হেলিকপ্টাৰেৰে অৰুণাচলৰ পূব সীমান্তত থকা গাঁও কিবিথুলৈ ৰাওনা হয়। নিশাটো কিবিথু কটাই মঙলবাৰে পুৱা পুনৰ ডিব্ৰুগড়লৈ উলটি আহিব। ডিব্ৰুগড়ত বিজেপিৰ মাণ্ডলিক কাৰ্যালয়ৰ ভূমি পূজন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ইয়াৰ পিছতে ডিব্ৰুগড় চহৰত থকা মানকটা খেলপথাৰত এখন জনসভাত অংশগ্ৰহণ কৰিব।

ভাৰতৰ পূব প্ৰান্তৰ আটাইতকৈ শেষৰখন গাঁও কিবিথুত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। চীনৰ সৈতে লাইন অৱ একচুৱেল কন্ট্র’লৰ দাঁতিতে থকা এই গাঁওখন নিৰাপত্তাৰ দিশৰ পৰা অতিকৈ গুৰুত্বপূৰ্ণ আৰু চীনৰ আগ্ৰাসন ৰোধ কৰিবলৈ ভাৰতীয় সামৰিক বাহিনীৰ অন্যতম শক্তিশালী সীমান্ত ঘাটিৰূপে ভাৰত-চীনৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ স্থান আছে। নৈসৰ্গিক প্ৰাকৃতিক শোভাৰ বাবে বিখ্যাত কিবিথুলৈ যাতায়াত আজিও অতি দুৰূহ। এনে এক অঞ্চলত উপস্থিত হৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে নিশা যাপন কৰাটো প্ৰতিবেশী চীনৰ বাবে এক শক্তিশালী বাৰ্তা। আনজাও জিলাৰ এই চহৰখনত থকা সেনা শিবিৰত উপস্থিত হৈ গৃহমন্ত্ৰীয়ে বিষয়াসকলৰ সৈতে বাৰ্তালাপো কৰে। গাঁওখনত অমিত শ্বাহে কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী গ্ৰামোন্নয়ন আঁচনি ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেমৰ শুভ উদ্বোধন কৰে। চীনে অৰুণাচলৰ ১১টাকৈ অঞ্চলৰ নাম চীনা ভাষালৈ সলনি কৰি কুটিল ৰাজনীতি আৰম্ভ কৰাৰ সময়তে বিশ্বজুৰি চৰ্চা চলিছে অমিত শ্বাহৰ ভ্ৰমণ। ৰাজহুৱা সভাত ভাষণ দি অমিত শ্বাহে অনুপ্ৰৱেশকাৰী চীনক সকীয়নি প্ৰদান কৰি ভাৰতৰ সীমাত কোনেও অনুপ্ৰৱেশ কৰিব নোৱাৰে বুলিও সকীয়াই দিয়ে। সীমান্তত নিৰাপত্তাৰ দায়িত্বত থকা ITBPৰ হিম বীৰসকলকো প্ৰশংসা কৰে শ্বাহে।

কিবিথু দেশৰ শেষ গাঁও নহয়, এইখন ভাৰতৰ প্ৰথম গাঁও। সকলো দুৰ্গম এলেকাত দেশৰ জনকল্যাণমূলক আঁচনিসমূহ ৰূপায়ণ কৰাৰ কথাও ঘোষণা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে…

ইয়াৰ মাজতে ভাৰতলৈ সামৰিক অনুশীলনৰ বাবে আহিবলগীয়া আমেৰিকাৰ সামৰিক বাহিনীয়ে F15 ফাইটাৰ জেট অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। সীমান্ত এলেকাত যৌথ নিৰাপত্তাৰ অনুশীলন চলাবৰ বাবে অন্যান্য সামৰিক অস্ত্ৰ-শস্ত্ৰ তথা সামগ্ৰীৰ লগতে F15 লৈ পশ্চিমবংগৰ খড়গপুৰত থকা কলাইকুণ্ডা বায়ুসেনা ঘাটিত উপস্থিত হ’বহি আমৰিকাৰ সামৰিক বাহিনী। সীমান্তৱৰ্তী এলেকাত এই যৌথ অভিযান চীনৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে। বিশেষকৈ আমেৰিকাই অৰুণাচলত চীনৰ আগ্ৰাসনক কঠোৰ ভাষাৰে গৰিহণা দি অহাৰ সময়তে পূৰ্বোত্তৰৰ গাতে লাগি থকা কলাইকুণ্ডা বায়ুসেনা ঘাটিলৈ F15 ‍বিমান প্ৰেৰণ কৰাটো তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। নিউজ ডেস্ক ৰিপ’ৰ্ট, NKTV PLUS।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...