উপাৰ্জনৰ বাবে চাফাই কৰ্মীৰ কামো কৰিবলৈ বাধ্য হৈছিল ৰিংকু সিং

IPLৰ ক্ৰিকেট বিশ্ব স্তম্ভিত ৰিংকু সিঙৰ বেটিং দৌৰাত্ম্যত
অন্তিম ৫টা বলত ৫টা ছিক্সাৰ কোবাই জিকালে KKRক
ৰিংকুক লৈ উৎসাহিত BCCIৰ পৰা ICCলৈ সকলো
IPLৰ গ্লেমাৰ বয়ত পৰিণত সিদিনালৈকে অখ্যাত উত্তৰ প্ৰদেশৰ ৰিংকু সিং


দেওবাৰলৈকে কোনেও চিনা নাছিল উত্তৰ প্ৰদেশৰ বিস্ফোৰক বেটছমেনজনক। ২০১৮ চনৰ পৰাই IPL খেলিছে যদিও খুব বেছি সুবিধা কৰিব পৰা নাছিল এই প্ৰতিযোগিতাখনত।

IPLত এতিয়ালৈকে ২০খন খেল খেলি ৰিংকুৱে কৰিছে ৩৪৯ ৰান
IPLৰ ৰিংকুৰ বেটিং গড় ২৪.৯৩, ষ্ট্ৰাইক ৰেট ১৩৯.০৪
২০১৮ চনত ৰিংকু সিঙৰ IPLত ভিত্তিমূল্য আছিল ৮০ লাখ টকা
২০২২ত সেই মূল্য হ্ৰাস পায় ৫৫ লাখ টকালৈ
২৫ বছৰীয়া ৰিংকুৱে ৰঞ্জি ট্ৰফী খেলিছে উত্তৰ প্ৰদেশৰ হৈ

গুজৰাট টাইটানছৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডাৰ্ছৰ দেওবাৰে অনুষ্ঠিত IPLৰ খেলখনৰ অন্তিম অভাৰলৈ সকলোৱে ধৰি লৈছিল যে খেলখনত জয়ী হ’ব গুজৰাটৰ দলটো। কাৰণ অন্তিম অভাৰত কলকাতাৰ দলটোক প্ৰয়োজন হৈছিল ২৯ ৰানৰ। গুজৰাটৰ য়ছ ডায়েলৰ অন্তিম অভাৰটোৰ শেষৰ ৫টা বলত ছিক্সাৰ কোবাই KKR দলক অবিশ্বাস্য জয়ৰ সোৱাদ দিয়ে। জয়ৰ পিছত ৰিংকুৱে ক’লে এই ছিক্সাৰ কেইটা সেইসকলৰ বাবে যিসকলে মোৰ বাবে কষ্ট কৰিছিল।

ৰিংকুৰ পিতৃ আলিগড়ৰ এজন LPG ডেলিভাৰী মেন, ভাতৃ অটোচালক
নৱম শ্ৰেণীলৈ পঢ়া-শুনা কৰাৰ পিছত শিক্ষাৰ অন্ত পেলায় ৰিংকুৱে
উপাৰ্জনৰ বাবে চাফাই কৰ্মীৰ কামো কৰিবলৈ বাধ্য হৈছিল ৰিংকু
উত্তৰ প্ৰদেশৰ হৈ ৰঞ্জি ট্ৰফীত গড়ে ৪৯ ৰানকৈ খেলিছে মুঠ ৯খন খেল
যোৱা বৰ্ষতো ৰিংকুৱে বিস্ফোৰক ইনিংছেৰে পৰিচয় দিছিল প্ৰতিভাৰ
১৫টা বলত ৪০ ৰান কৰিছিল যদিও সেইবাৰ দলক জিকাব পৰা নাছিল

দেওবাৰে বিস্ফোৰক ইনিংছেৰে KKR দলক জয়ী কৰাৰ পিছত নায়কত পৰিণত হৈছে ৰিংকু সিং। ৰিংকুৰ প্ৰশংসাত পঞ্চমুখ দলৰ অধিনায়ক নীতিশ ৰানা, স্বত্বাধিকাৰী শ্বাহৰুখ খান, প্ৰাক্তন ক্ৰিকেটাৰসকলো। ICCও ৰিংকুক প্ৰশংসা কৰি তেওঁৰ ফটো দি টুইটত কেপশ্যন দিছে REMEMBER THE NAME-নামটো মনত ৰাখক। হয়, ৰিংকু সিঙৰ নাম এতিয়া সকলো ক্ৰিকেট অনুৰাগীৰ মুখে মুখে। এই নাটকীয় ইনিংছেৰে নিশাটোৰ ভিতৰতে জনপ্ৰিয় নামত পৰিণত হ’ল ৰিংকু সিং। স্প’ৰ্টছ ডেস্ক, NKTV।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...