চিগাৰেট এৰিমেই…মুখত লগাই ল’লে তলা লগোৱা মুখা

যিকোনো ধৰণৰ নিচাই শৰীৰৰ বাবে ক্ষতিকাৰক। ধূমপানৰ নিচাও আটাইতকৈ বেয়া আচৰণসমূহৰ ভিতৰত অন্যতম। ধূমপান এৰিবলৈ অতি কঠিন, ইয়াৰ বাবে অপৰিসীম ইচ্ছাশক্তি আৰু নিষ্ঠাৰ প্ৰয়োজন হয়। বহুজনে বহুবোৰ উল্লেখযোগ্য প্ৰচেষ্টা চলোৱাৰ পিছতো ধূমপান কৰাসকলৰ মাত্ৰ সামান্য শতাংশইহে নিজৰ নিচাক সফলতাৰে নিয়ন্ত্ৰণ বা পৰিহাৰ কৰিবলৈ সক্ষম হয়।


শেহতীয়াভাৱে এজন ব্যক্তিয়ে ধূমপান এৰিবলৈ চেষ্টা কৰা খবৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে কিয়নো লোকজনে ধুমপান এৰিবলৈ মুখত পিঞ্জৰাসদৃশ সামগ্ৰী লগাই লৈছিল। তুৰ্কীৰ ইব্ৰাহিম ইউচেল নামৰ লোকজনে চিগাৰেট এৰিবলৈ হেলমেট আকৃতিৰ ধাতুৰ সামগ্ৰী এটাত নিজকে পিঞ্জৰাবদ্ধ কৰি ৰাখিছিল।


চৰ্চিত খবৰ অনুসৰি ইব্ৰাহিম ইউচেলে একেৰাহে ২৬ বছৰ ধৰি ধূমপান কৰি আহিছে আৰু কেইবাবাৰো ধূমপান এৰিবলৈ চেষ্টা কৰাৰ পিছতো দিনটোত দুবাৰ চিগাৰেট সেৱনৰ দৰে বদ অভ্যাস এৰিব পৰা নাছিল। প্ৰতি বছৰে ৩ সন্তানৰ জন্মদিনত আৰু বিবাহ বাৰ্ষিকীত চিগাৰেট এৰি দিয়াৰ শপত লয় যদিও চিগাৰেট অবিহনে বেছিদিন থাকিব নোৱাৰে। ইমানেই নহয়, পিঞ্জৰাত তলা মাৰি পত্নীক চাবি দি ৰাখিছিল যাতে মন গ’লেও চিগাৰেট সেৱন কৰিব নোৱাৰে। সঁচাই বিচিত্ৰ পৃথিৱীৰ বিচিত্ৰ মানুহ।

Popular

More like this
Related

১২ কোটি টকাৰ ৰ’লছ ৰয়ছ কালিনান ক্ৰয় কৰা প্ৰথমগৰাকী অভিনেত্ৰী উৰ্বশী ৰাউটেলা

বলীউড অভিনেত্ৰী উৰ্বশী ৰাউটেলা শেহতীয়াকৈ তেওঁৰ চিনেমা ‘ডাকু মহাৰাজ’...

IPLত ভাগ ল’বৰ বাবে দেশৰ দলৰ হৈ নেখেলে ৫ ক্ৰিকেটাৰে…

IPL ২০২৫ ওচৰ চাপি অহাৰ লগে লগে ক্ৰিকেট জগতত...

পনীৰ আৰু কণী: কোনটোত বেছি প্ৰ’টিন? জানক ইয়াৰ উপকাৰিতা

পনীৰ আৰু কণী যদিও সম্পূৰ্ণ ভিন্ন খাদ্য, দুয়োটাৰে পুষ্টিগুণ...

এয়াৰটেল আৰু জিঅ’ৰ সৈতে স্পেচএক্সৰ চুক্তি, ভাৰতলৈ আহিব ষ্টাৰলিংক ইণ্টাৰনেট

ভাৰতৰ দুটা শীৰ্ষ টেলিকম প্ৰদানকাৰী প্ৰতিষ্ঠান ভাৰতী এয়াৰটেল আৰু...