ভাৰত-ভূটান সীমান্তত দুটা পৰিবহন কোম্পানীক লৈ ব্যাপক বিতৰ্ক

গুৱাহাটী, ১৬ জুন, NKTV: তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ দুটা পৰিবহন স্থাপনক লৈ বৃহত খেলিমেলিৰ সৃষ্টি। দীর্ঘদিন ধৰি সীমান্তৰ দৰঙামেলাস্থিত হিড়িম্বা transport কোম্পানীয়ে চৰকাৰক উচিত কৰ নিদিয়া ঘটনা কেন্দ্ৰ কৰি অভিযোগ উত্থাপন কৰিছে নতুনকৈ স্থাপন হোৱা ইন্দো-ভূটান Transport কোম্পানীৰ স্বত্বাধিকাৰী তথা একাংশ লোকে। ঘটনাটোক কেন্দ্ৰ কৰি সম্প্ৰতি অভিযোগৰ মাজত সোমাই পৰিছে সীমান্তৰ দুই আগশাৰীৰ Transport কোম্পানী। ২০২১ চনত স্থাপিত ইন্দো-ভূটান নামৰ Transport কোম্পানীটো চৰকাৰী নীতি নিৰ্দেশনা অনুযায়ী অনুজ্ঞা পত্ৰ নং (01/2020/STA(G) )লাভ কৰাৰ সমান্তৰালভাৱে হিড়িম্বা Transport কোম্পানীয়ে অনুজ্ঞা পত্ৰ নং 01/2021/STA(G) লাভ কৰিছিল। কিন্ত নতুনকৈ স্থাপন হোৱা Transport কোম্পানীৰ কাম আৰম্ভ কৰাৰ বাবে জাৰি হোৱা তাৰিখ কিদৰে হিড়িম্বা Transport কোম্পানী পাবলৈ সক্ষম হৈছে তাকে লৈ সৰৱ হৈ উঠিছে ইন্দো-ভূটান Transport কোম্পানীৰ বিষয়া-কৰ্মচাৰীসকল। তেওঁলোকৰ অভিযোগ মতে, 2004 চনতে স্থাপিত হিড়িম্বা Transport কোম্পানীয়ে দীর্ঘ সময় ধৰি ইয়াত পাৰ্কিঙৰ কাম কৰি গৈছে যদিও কিমান শতাংশ কৰ চৰকাৰৰ ঘৰত জমা কৰিছে এয়া বৰ্তমান ৰহস্যৰ আৱৰ্তত। হিড়িম্বা Transport কোম্পানীয়ে এখন মালাবাহী গাড়ীৰ ওপৰত ৮০০ টকা লোৱাৰ বিপৰীতে ইন্দো-ভূটান transport কোম্পানীয়ে এখন মালাবাহী গাড়ীৰ ওপৰত ৩০০ টকা লোৱাৰ কথা জানিব পৰা গৈছে। আনফালে নতুনকৈ আৰম্ভ কৰা ইন্দো-ভূটান নামৰ transport কোম্ৰপানী বাবে বিভাগীয় লোকে জাৰি কৰা তাৰিখ হিড়িম্বা Transport কোম্পানী কিদৰে একে তাৰিখত লাভ কৰিব পাৰিছে এয়াও এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে।
অৱশ্যে ইন্দো-ভূটানTransport কোম্ৰপানী সমস্ত অভিযোগ নস্যাৎ কৰিলে হিড়িম্বা Transport কোম্পানীৰ কৰ্মচাৰীসকলে তেওঁলোকে কয় যে পূৰ্বৰে পৰা চলি অহা এই পৰিবহন কোম্পানীয়ে সম্পূৰ্ণ নীতি নিৰ্দেশনাৰ মাজতে চলি আহিছে। কোনো ষড়যন্ত্ৰ কৰাৰ বাবে ইন্দো-ভূটান নামৰ transportএ এই মিছা অভিযোগ উত্থাপন কৰিছে। যদিও কোন সঁচা আৰু কোন মিছা প্ৰকৃত ঘটনাটো বিভাগীয় তদন্তৰ পিছতে পোহৰলৈ আহিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে...

কৰ্ণাটকত শিশু শ্ৰমিকৰ বিৰুদ্ধে বৃহৎ অভিযান, উদ্ধাৰ ৮০০টা শিশু

শিশু শ্ৰমিকৰ বিৰুদ্ধে কৰ্ণাটক আৰক্ষীয়ে শনিবাৰে ৰাজ্যজুৰি চলোৱা আকস্মিক...

অসমত নল গাহৰিৰ আশাব্যঞ্জক পুনৰুত্থান: ৬ৰ পৰা ১৯৪লৈ বৃদ্ধি সংখ্যা

অসমৰ সংৰক্ষণমূলক প্ৰচেষ্টাই লাভ কৰিছে এক উল্লেখযোগ্য সফলতা। বিলুপ্তিৰ...

‘এইবাৰ মই টাৰ্গেট নেকি?’ জুবিন গাৰ্গৰ বন্ধু তথা সংগীতজ্ঞ পাৰ্থপ্ৰতিম গোস্বামীৰ বিস্ফোৰক পোষ্ট

জুবিন গাৰ্গৰ ন্যায় বিচাৰি মাত মাতি অহা বন্ধু পাৰ্থপ্ৰতিম...