২১ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ফিফা বিশ্বকাপ ফুটবল

ফুটবল প্ৰেমীসকলৰ বাবে ভাল খবৰ। আৰম্ভ হ’ব বিশ্বকাপ ফুটবল। ২১ নৱেম্বৰ পৰা কাটাৰত অনুষ্ঠিত হ’ব ২০২২ ফিফা বিশ্বকাপ ফুটবল। বিশ্বকাপ আয়োজন কৰিবলৈ সাজু কাটাৰ চৰকাৰ। ন-ৰূপেৰে সজাই পৰাই তুলিছে কাটাৰ চহৰ। পূৰ্ণ প্ৰস্তুতিৰে কৰা হৈছে কাটাৰৰ ৮খনকৈ ফুটবল ষ্টেডিয়ামৰ কাম।

FIFA World Cup 2022 draw: Spain and Germany in same group, holders France  to meet Denmark - Sports News

এতিয়া অপেক্ষা সেই দিনলৈ,কাৰ ভৰিৰ যাদুৱে মোহিত কৰিব ফুটবল প্ৰেমীক, কোনে লাভ কৰিব সোণৰ বুট? চলিত বৰ্ষৰ বিশ্বকাপ ফুটবলত অংশগ্ৰহণ কৰিব ৩২ খন দেশে। কাটাৰৰ মৰুভূমিৰ মাজত ধূলি উৰুৱালৈ সাজু ৰোনাল্ডো, মেচী, নেঈমাৰ।

Qatar FIFA World Cup 2022: Full schedule, group fixtures, when and where to  watch in India

ইয়াৰ পূৰ্বে ২০১৮ চনৰ বিশ্বকাপ ফুটবলত বিজয়ী আছিল ফ্ৰান্স। চলিত বৰ্ষত অনুষ্ঠিত হ’ব লগীয়া খেলত ব্যৱহাৰ কৰা এটা ফুটবল আৰু ট্ৰফী মুকলি কৰিছে। শনিবাৰে খেলৰ সময়সূচীও প্ৰকাশ কৰে ফিফাৰ আয়োজকে।অংশগ্ৰহণ কৰা দলসমূহক ৮টাকৈ বিভাগত বিভক্ত কৰা হৈছে গ্ৰুপ A,গ্ৰুপ B, গ্ৰুপ C, গ্ৰুপ D, গ্ৰুপ E, গ্ৰুপ F, গ্ৰুপ G আৰু গ্ৰুপ H এইবাৰ।

Adidas unveils official match ball of 2022 FIFA World Cup- The New Indian  Express

গ্ৰুপ A : কাটাৰ, ইকুৱেডৰ, ছেনেগাল, নেডাৰলেণ্ড
গ্ৰুপ B : ইংলেণ্ড, ইৰাণ, আমেৰিকা, ইউৰো প্লে অফ
গ্ৰুপ C : আৰ্জেণ্টিনা, চৌদি আৰৱ, মেক্সিকো, পোলেণ্ড
গ্ৰুপ D : ফ্ৰান্স, আন্ত মহাদেশীয় প্লে’ অফ , ডেনমাৰ্ক, টিউনিচিয়া
গ্ৰুপ E : স্পেইন,আন্ত মহাদেশীয় প্লে’ অফ , জাৰ্মানী, জাপান
গ্ৰুপ F : বেলজিয়াম, কানাডা, মৰক্কো, ক্ৰোৱেছিয়া
গ্ৰুপ G : ব্ৰাজিল, চাইবেৰিয়া, চুইজাৰলেণ্ড, কেমেৰুন
গ্ৰুপ H : পৰ্তুগাল , ঘানা, উৰুগুৱে, দক্ষিণ কোৰিয়া
গ্ৰুপ E অভিহিত হৈছে গ্ৰুপ অৱ ডেথ হিচাপে। কিয়নো এই গ্ৰুপতে আছে বিশ্ব ফুটবলৰ দুই শক্তিধৰ জাৰ্মানী আৰু স্পেইন। মেছীৰ সৈতে একেটা গ্ৰুপত যুঁজ দিব পোলেণ্ডৰ তাৰকা ৰবাৰ্টো লেৱানডস্কিয়ে।
লুইছ ছোৱাৰেজৰ উৰুগুৱেৰ বিৰুদ্ধে গ্ৰুপ পৰ্যায়তে যুঁজ দিব মহাতাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডৰ পৰ্তুগালে। তুলনামূলকভাৱে সহজ গ্ৰুপত বিশ্ব ফুটবলৰ পাঁচবাৰৰ চেম্পিয়ন ব্ৰাজিল।
হয়তো কাটাৰেই কেৰিয়াৰৰ শেষ বিশ্বকাপ হব লিঅনেল মেচী আৰু ক্ৰিষ্টিয়ানো ৰোনাল্ডৰ। দুই মহাতাৰকাৰ পদ চালনাৰ বাবে অপেক্ষাৰত বিশ্বৰ ফুটবলপ্ৰেমী। অপেক্ষা এতিয়া নৱেম্বৰলৈ। ফুটবলৰ বৰ্ণময় মহাৰণৰ সাক্ষী হবলৈ সাজু বিশ্বৰ ফুটবল প্ৰেমী।

FIFA World Cup Qatar 2022 draw | pots, groups, schedule, fixtures | USMNT  rivals... - AS.com

এটাকৈ গ্ৰুপত অন্তৰ্ভূক্ত কৰা হৈছে চাৰিটাকৈ দল। খেলৰ সময়সূচী মৰ্মে ৮খন ষ্টেডিয়ামত পৃথকে পৃথকে অনুষ্ঠিত কৰা হ’ব খেলসমূহ। ২১ নৱম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ চলিব দলসমূহৰ মাজত তুমুল যুঁজ। আৰু ১৮ ডিচেম্বৰত কোনোবা এখন দেশে পিন্ধিব বিজয় মুকুট।

NKTV Digital
Author: NKTV Digital

373 COMMENTS

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...