বিয়াৰ পাছত বেডমিণ্টন ক’ৰ্টলৈ প্ৰত্যাৱৰ্তন পি ভি সিন্ধুৰ

১৪-১৯ জানুৱাৰীলৈ নতুন দিল্লীত য়’নেক্স-ছানৰাইজ ইণ্ডিয়া অ’পেন

বিয়াৰ পাছত পুনৰ বেডমিণ্টন ক’ৰ্টলৈ প্ৰত্যাৱৰ্তন কৰাৰ বাবে সাজু হৈছে দুবাৰকৈ অলিম্পিক পদক জয় কৰা ভাৰতৰ মহিলা শ্বাটলাৰ পি ভি সিন্ধুই৷ অহা ১৪-১৯ জানুৱাৰীলৈ নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া য়’নেক্স-ছানৰাইজ ইণ্ডিয়া অ’পেন বি ডব্লিউ এফ ৱল্ডৰ্ ট্যুৰ ছুপাৰ ৭৫০ প্ৰতিযোগিতাত অংশ ল’ব সিন্ধুই৷

উল্লেখ্য যে ভাৰতীয় বেডমিণ্টন সন্থাই আয়োজন কৰা তৃতীয় সংস্কৰণৰ প্ৰতিযোগিতাখনত আয়োজক ভাৰতৰ সৰ্ববৃহৎ এটা দলে খেলিব৷ সিন্ধুৰ লগতে লক্ষ্য সেন, এইচ এছ প্ৰনয়, পুৰুষ ডাবলছ যুটি চিৰাগ ছেট্টী-সাতৱিকচৈৰাজ ৰেংকিৰেড্ডীসহ অভিজ্ঞ তথা নৱাগত শ্বাটলাৰে গঠিত ভাৰতৰ ২১ জনীয়া দলে প্ৰতিযোগিতাত খেলিব৷

নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামৰ কে ডি যাদব ইনড’ৰ হলত অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতাখনত ২৮ খন দেশৰ ২৫৬ পুৰুষ-মহিলা শ্বাটলাৰে অংশ ল’ব৷ ইয়াৰে ৫০ গৰাকী শ্বাটলাৰে অলিম্পিয়ান হোৱাৰ লগতে প্ৰায় সমসংখ্যক খেলুৱৈ অলিম্পিক, এছিয়ান গেমছ আৰু বিশ্ব চেম্পিয়নশ্বিপৰ পদকজয়ী তাৰকা লগতে শীৰ্ষ ৰেংকিং লাভ কৰা৷

এইবাৰ প্ৰতিযোগিতাৰ প্ৰাইজমানি ৯৫০ হাজাৰ মাৰ্কিন ডলাৰ হোৱাৰ লগতে বিশ্ব বেডমিণ্টন সন্থাই ১১ হাজাৰ ৰেংকিং পইণ্ট প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে৷ প্ৰতিযোগিতাত তাৰকা খেলুৱৈৰ ভিতৰত পেৰিছ অলিম্পিকৰ চেম্পিয়ন ভিক্টৰ এক্সেলছন, বৰ্তমান শীৰ্ষত থকা শ্বি য়াউকি, আন চে ইয়ঙে খেলাটো নিশ্চিত কৰিছে বুলি ভাৰতীয় বেডমিণ্টন সন্থাৰ সাধাৰণ সম্পাদক সঞ্জয় মিশ্ৰই অৱগত কৰিছে৷

তেওঁ লগতে কয় যে পুৰুষৰ ডাবলছত চীনৰ পেৰিছ অলিম্পিকৰ ৰূপৰ পদক বিজয়ী লিয়াং ৱেইকেং আৰু ৱাং চাঙৰ লগতে পেৰিছৰ ব্ৰঞ্জৰ পদক বিজয়ী মালয়েছিয়াৰ এৰন চিয়া আৰু ছ’ ৱুই য়িক, ডেনমাৰ্কৰ যুটি কিম আষ্ট্ৰুপ আৰু এণ্ডাৰছ ৰাছমুচেন তথা ইণ্ডোনেছিয়াৰ ফাজাৰ আলফিয়ান আৰু মহম্মদ ৰিয়ান আৰ্ডিয়ানোও অংশ ল’ব৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...