বিয়াৰ পাছত বেডমিণ্টন ক’ৰ্টলৈ প্ৰত্যাৱৰ্তন পি ভি সিন্ধুৰ

১৪-১৯ জানুৱাৰীলৈ নতুন দিল্লীত য়’নেক্স-ছানৰাইজ ইণ্ডিয়া অ’পেন

বিয়াৰ পাছত পুনৰ বেডমিণ্টন ক’ৰ্টলৈ প্ৰত্যাৱৰ্তন কৰাৰ বাবে সাজু হৈছে দুবাৰকৈ অলিম্পিক পদক জয় কৰা ভাৰতৰ মহিলা শ্বাটলাৰ পি ভি সিন্ধুই৷ অহা ১৪-১৯ জানুৱাৰীলৈ নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া য়’নেক্স-ছানৰাইজ ইণ্ডিয়া অ’পেন বি ডব্লিউ এফ ৱল্ডৰ্ ট্যুৰ ছুপাৰ ৭৫০ প্ৰতিযোগিতাত অংশ ল’ব সিন্ধুই৷

উল্লেখ্য যে ভাৰতীয় বেডমিণ্টন সন্থাই আয়োজন কৰা তৃতীয় সংস্কৰণৰ প্ৰতিযোগিতাখনত আয়োজক ভাৰতৰ সৰ্ববৃহৎ এটা দলে খেলিব৷ সিন্ধুৰ লগতে লক্ষ্য সেন, এইচ এছ প্ৰনয়, পুৰুষ ডাবলছ যুটি চিৰাগ ছেট্টী-সাতৱিকচৈৰাজ ৰেংকিৰেড্ডীসহ অভিজ্ঞ তথা নৱাগত শ্বাটলাৰে গঠিত ভাৰতৰ ২১ জনীয়া দলে প্ৰতিযোগিতাত খেলিব৷

নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামৰ কে ডি যাদব ইনড’ৰ হলত অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতাখনত ২৮ খন দেশৰ ২৫৬ পুৰুষ-মহিলা শ্বাটলাৰে অংশ ল’ব৷ ইয়াৰে ৫০ গৰাকী শ্বাটলাৰে অলিম্পিয়ান হোৱাৰ লগতে প্ৰায় সমসংখ্যক খেলুৱৈ অলিম্পিক, এছিয়ান গেমছ আৰু বিশ্ব চেম্পিয়নশ্বিপৰ পদকজয়ী তাৰকা লগতে শীৰ্ষ ৰেংকিং লাভ কৰা৷

এইবাৰ প্ৰতিযোগিতাৰ প্ৰাইজমানি ৯৫০ হাজাৰ মাৰ্কিন ডলাৰ হোৱাৰ লগতে বিশ্ব বেডমিণ্টন সন্থাই ১১ হাজাৰ ৰেংকিং পইণ্ট প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে৷ প্ৰতিযোগিতাত তাৰকা খেলুৱৈৰ ভিতৰত পেৰিছ অলিম্পিকৰ চেম্পিয়ন ভিক্টৰ এক্সেলছন, বৰ্তমান শীৰ্ষত থকা শ্বি য়াউকি, আন চে ইয়ঙে খেলাটো নিশ্চিত কৰিছে বুলি ভাৰতীয় বেডমিণ্টন সন্থাৰ সাধাৰণ সম্পাদক সঞ্জয় মিশ্ৰই অৱগত কৰিছে৷

তেওঁ লগতে কয় যে পুৰুষৰ ডাবলছত চীনৰ পেৰিছ অলিম্পিকৰ ৰূপৰ পদক বিজয়ী লিয়াং ৱেইকেং আৰু ৱাং চাঙৰ লগতে পেৰিছৰ ব্ৰঞ্জৰ পদক বিজয়ী মালয়েছিয়াৰ এৰন চিয়া আৰু ছ’ ৱুই য়িক, ডেনমাৰ্কৰ যুটি কিম আষ্ট্ৰুপ আৰু এণ্ডাৰছ ৰাছমুচেন তথা ইণ্ডোনেছিয়াৰ ফাজাৰ আলফিয়ান আৰু মহম্মদ ৰিয়ান আৰ্ডিয়ানোও অংশ ল’ব৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...