আহিল বৰষুণ, গুৱাহাটী যেন গাভৰুহে হ’ল!

এই চহৰলৈ আহিল ২০২৫ৰ প্ৰথমজাক বৰষুণ। ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ সকলোৱে অপেক্ষা কৰি আছিল এজাক বৰষুণ আহক এই চহৰলৈ। কিয়নো এজাক বৰষুণেহে শুকান বতৰ, ধূলি, বায়ু প্ৰদূষণ আদিৰ পৰা মহানগৰবাসীক সকাহ দিব পাৰে। একপ্ৰকাৰ মহানগৰবাসীৰ বাবে সপোন হৈ পৰিছিল বৰষুণজাক। প্ৰকৃতিয়েও যেন শুনিলে মহানগৰবাসীৰ কথা।

কেইবাটাও মাহৰ অপেক্ষাৰ অৱসান ঘটাই অৱশেষত আহিল বৰষুণজাক। মঙলবাৰে সন্ধিয়া মহানগৰীলৈ নামি আহিল এজাক কিনকিনীয়া বৰষুণ। ধূলিৰ উৰণি ঠেলি পাতলীয়া বৰষুণজাক নামি আহিল এই চহৰলৈ। মেঘে ওন্দোলাই অনা অকাশখনত এজাক দপদপীয়া বৰষুণৰ আয়োজন চলিল। বৰষুণৰ পৰশ পাই যেন এই চহৰ সজীৱ উঠিল, গাভৰু হৈ উঠিল পুনৰবাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...