আহিল বৰষুণ, গুৱাহাটী যেন গাভৰুহে হ’ল!

এই চহৰলৈ আহিল ২০২৫ৰ প্ৰথমজাক বৰষুণ। ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ সকলোৱে অপেক্ষা কৰি আছিল এজাক বৰষুণ আহক এই চহৰলৈ। কিয়নো এজাক বৰষুণেহে শুকান বতৰ, ধূলি, বায়ু প্ৰদূষণ আদিৰ পৰা মহানগৰবাসীক সকাহ দিব পাৰে। একপ্ৰকাৰ মহানগৰবাসীৰ বাবে সপোন হৈ পৰিছিল বৰষুণজাক। প্ৰকৃতিয়েও যেন শুনিলে মহানগৰবাসীৰ কথা।

কেইবাটাও মাহৰ অপেক্ষাৰ অৱসান ঘটাই অৱশেষত আহিল বৰষুণজাক। মঙলবাৰে সন্ধিয়া মহানগৰীলৈ নামি আহিল এজাক কিনকিনীয়া বৰষুণ। ধূলিৰ উৰণি ঠেলি পাতলীয়া বৰষুণজাক নামি আহিল এই চহৰলৈ। মেঘে ওন্দোলাই অনা অকাশখনত এজাক দপদপীয়া বৰষুণৰ আয়োজন চলিল। বৰষুণৰ পৰশ পাই যেন এই চহৰ সজীৱ উঠিল, গাভৰু হৈ উঠিল পুনৰবাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...