উমৰাংছ’ৰ কয়লাখনিত উদ্ধাৰ আবদ্ধ শ্ৰমিকৰ মৃতদেহ

উমৰাংছ’ৰ কয়লাখনিত উদ্ধাৰ আবদ্ধ এজন শ্ৰমিকৰ মৃতদেহ। আবদ্ধ হৈ আছে আন বহু শ্ৰমিক। সোমবাৰে নিশাৰে পৰা অব্যাহত উদ্ধাৰ অভিযান।

উমৰাংছ’ৰ কয়লাখনিত আবদ্ধ বহু শ্ৰমিক। ৩০০ ফুট দ’ কয়লাখনিটোত পানী সোমোৱাত আবদ্ধ হয় শ্ৰমিক। বৰ্তমানেও ৯ জন শ্ৰমিক খনিটোত আবদ্ধ হৈ থকাৰ সন্দেহ। SDRF, NDRF, সেনাৰ অভিযান অব্যাহত। সোমবাৰৰ নিশাৰে পৰা অভিযান চলি আছে খনিটোত। ঘটনাস্থলীত আৰক্ষীৰ শীৰ্ষ বিষয়াও উপস্থিত। প্ৰায় ১০০ ফুট গভীৰতালৈ সোমাল পানী। উমৰাংছ’ থানাৰ পৰা ২০ কিলোমিটাৰ নিলগত এই কয়লাখনি। খনিটোত আবদ্ধ হৈ আছে দলগাঁৱৰ ৩ শ্ৰমিক। আবদ্ধ মুস্তাফা শ্বেখ, হুছেইন আলী। আবদ্ধ হৈ আছে জাকিৰ হুছেইন। কোকৰাঝাৰৰ সৰ্পা বৰ্মন, খুচি মোহন ৰায় নামৰ দুজন শ্ৰমিকো আবদ্ধ। শোণিতপুৰৰ শৰৎ গয়াৰী, ডিমা হাচাওৰ লিজান মগৰো আবদ্ধ। পশ্চিমবংগ আৰু নেপালৰো শ্ৰমিক আছে খনিটোত। ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ মন্ত্ৰী কৌশিক ৰায়ৰ। কেইবাজনো শ্ৰমিকৰ মৃত্যুৰ আশংকা কয়লাখনিটোত। NDRFএ খনিত নামি অভিযান চলাই যদিও উদ্ধাৰ কৰিব পৰা নাই শ্ৰমিকক। গভীৰতালৈ যাব পৰা নাই অভিযানকাৰী দল । নৌসেনাৰ বিশেষজ্ঞ ডুবাৰুৱে অভিযান চলাইছে কয়লাখনিত। বিশাখাপট্টনমৰ পৰাও আহিছে নৌসেনাৰ বিশেষ উদ্ধাৰকাৰী দল। উমৰাংছ’ৰ তিনিকিলো নামৰ ঠাইডোখৰত এই ঘটনা। ঘটনা সংঘটিত হোৱা কয়লাখনিটোৰ নম্বৰ ১৯। কয়লাখনিটোত মুঠ কিমান লোক আবদ্ধ হৈ আছে তাৰ নাই প্ৰকৃত তথ্য। কয়লাখনিটোৰ চোৱাচিতাৰ দায়িত্বত থকা লোকজন পলায়ন কৰাত পোৱা নাই তথ্য। প্ৰায় ২০ জন লোকৰ ৯ জন লোক আবদ্ধ হৈ থকা বুলি সন্দেহ অঞ্চলবাসীৰ। সোমবাৰে পুৱা ৪ বজাত কয়লা খনিত সোমাইছিল শ্ৰমিকসকল। পুৱা ৬ বজাতে পানী সোমাইছিল খনিত। ৰছীৰে ১০ জন লোক ওলাই আহিছিল বাহিৰলৈ। উমৰাংছ’ৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নিৰ বহু গভীৰলৈ সোমাইছে পানী। আজি উমৰাংছ’লৈ আহিব COAL INDIAৰ বিষয়া।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...