অসমলৈ কিয় আহিছে জে পি নাড্ডাই?

অসমত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডা। কেইবাটাও কাৰ্যসূচীৰে অসমলৈ আহিছে ৰাষ্ট্ৰীয় সভাপতিজন। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ লগতে ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদীয়ে উষ্ম আদৰণি তথা স্বাগতম জনায়। বহুতো কাৰ্যকৰ্তা আৰু ৰাইজে বিপুল উৎসাহেৰে ঢোলে ডগৰে নাড্ডাক আদৰাৰ সময়ত মন্ত্ৰী অশোক সিংহাল, যোগেন মহন প্ৰমুখ‍্যে ৰাজ্যিক সাধাৰণ সম্পাদকদ্বয় ক্ৰমে দিপ্লুৰঞ্জন শৰ্মা আৰু পল্লৱ লোচন দাসৰ লগতে ৰাজ‍্যিক তথা জিলা পৰ্যায়ৰ আন বহুতো কাৰ্যকৰ্তা উপস্থিত থাকে। বিমান বন্দৰৰ পৰা কইনাধৰালৈ আদৰণি জনালে বিজেপি কাৰ্যকৰ্তাই। নিশাটো কইনাধৰাতে কটালে ৰাষ্ট্ৰীয় সভাপতিজনে। আজি মঙলদৈ অসামৰিক হাস্পতালত ৫০খন বিচনাযুক্ত ক্ৰিটিকেল কেয়াৰ ব্লকৰ আধাৰশিলা স্থাপন কৰিব নাড্ডাই। তেজপুৰ অসামৰিক মানসিক আঞ্চলিক চিকিৎসালয়ত এটা লাইব্ৰেৰীৰ শুভ উদ্বোধন কৰিব। উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্য মন্ত্ৰী অশোক সিংহলো। এই পুথিভঁৰালত ৪০ হাজাৰত কৈ অধিক গ্ৰন্থ উপলদ্ধ। ইয়াৰ লগতে চাংসাৰীস্থিত AIIMSও পৰিদৰ্শন কৰিব নাড্ডাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...