প্ৰথমে শ্বেখ হাছিনা, এতিয়া খালেদা জিয়াই এৰিলে দেশ!

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াই লণ্ডনলৈ ৰাওনা হয়। চিকিৎসাৰ বাবে ঢাকাৰ পৰা লণ্ডন অভিমুখে ৰাওনা হোৱাৰ কথা এজন উপদেষ্টাই সদৰি কৰিছে। উপদেষ্টাজনে জনোৱা মতে, খালেদা জিয়াই ৭ জানুৱাৰীৰ গভীৰ নিশা এয়াৰ এম্বুলেন্সেৰে লণ্ডনলৈ ৰাওনা হয়। খালেদা জিয়া তিনিবাৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বাংলাদেশ জাতীয়তাবাদী পাৰ্টিৰ মুৰব্বীও খালেদা জিয়া। ঢাকাৰ হজৰাল শ্বাহজালাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা যাওঁতে দলৰ বহু নেতাই উপস্থিত থাকি যাত্ৰাৰ শুভেচ্ছা জনায়। উল্লেখ্য যে, বৰ্তমান খালেদা জিয়া লিভাৰ চিৰ’ছিছ, হৃদৰোগ আৰু বৃক্কৰ সমস্যাত আক্ৰান্ত। বাংলাদেশ বৰ্তমান ৰাজনৈতিক অনিশ্চয়তাৰ সৈতে যুঁজি আছে। শ্বেখ হাছিনা আৰু খালেদা জিয়া দুয়োগৰাকী বাংলাদেশৰ প্ৰভাৱশালী নেত্ৰী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছেপ্টেম্বৰত গুৱাহাটীত APCCৰ উদ্যোগত বিশাল যুৱ সন্মিলনৰ আয়োজন

অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আগন্তুক ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত...