অশ্লীল ভিডিঅ’ ভাইৰেল কৰি গ্ৰেপ্তাৰ চাহিল খান

নাবালিকাৰ অশ্লীল ভিডিঅ’ মোবাইলত আবদ্ধ কৰি পিছত সামাজিক মাধ্যমত বিয়াপাই দিয়াৰ অভিযোগত চাহিল খান নামৰ যুৱক জনক গ্ৰেপ্তাৰ আৰক্ষীৰ। চিনেমাৰ দৰে কথাবোৰ। অভিযোগ অনুসৰি এবছৰ পূৰ্বে হিন্দু যুৱকৰ নামত ইনষ্টাগ্ৰামত একাউন্ট খুলি হিন্দু নাবালিকাৰ লগত পৰিচয় হৈছিল চাহিলৰ। অনুজ দত্তৰ নামত ভুৱা একাউণ্ট খুলি নাবালিকাৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে চাহিল খানে। পৰৱৰ্তী পৰ্যায়ত ভিডিঅ’ কলৰ জৰিয়তে নাবালিকা গৰাকীৰ অশ্লীল ভিডিঅ’ ৰেকৰ্ড কৰি ভাইৰেল কৰে সামাজিক মাধ্যমত। এই তথ্য পোহৰলৈ অহাৰ পিছতে শোকত ভাগি পৰা নাবালিকাগৰাকীৰ অভিভাৱকে দাখিল কৰিছিল এজাহাৰ। গোচৰৰ ভিত্তিত চাহিল খানক গ্ৰেপ্তাৰ কৰে শিৱসাগৰ সদৰ আৰক্ষীয়ে। সদৰ থানাত ৰুজু কৰা ৩/২০২৫ নং গোচৰৰ ভিত্তিত ১৪/১৫ পকচ’ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাৰ পিছতে জে’ললৈ প্ৰেৰণ কৰে অভিযুক্ত চাহিল খানক। অন্যহাতে, অশ্লীল ভিডিঅ’ সংগ্ৰহ আৰু ভাইৰেল কৰা জঘন্য কাণ্ডত আন দুই যুৱক, এগৰাকী যুৱতী জড়িত থকাৰো অভিযোগ তুলিছে চাহিল খানে। শিৱসাগৰত এগৰাকী নাবালিকাৰ অশ্লীল ভিডিঅ’ ছবি সামাজিক মাধ্যমত ভাইৰেল কৰা ঘটনাই প্ৰকৃততে কি সূচায়। ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...