কি পৰ্যায়ত উমৰাংছুৰ কয়লাখনিৰ উদ্ধাৰ অভিযান?

উমৰাংছুৰ কয়লাখনিৰ ঘটনাই জোকাৰিছে ৰাজ্য। কয়লাখনিটোত আবদ্ধ হৈ থকা ৩ শ্ৰমিকৰ মৃত্যু। বৰ্তমানেও জন শ্ৰমিক খনিটোত আবদ্ধ হৈ থকাৰ সন্দেহ। SDRF, NDRF, সেনাৰ অভিযান অব্যাহত। নিশাৰ পৰা অভিযান চলি আছে খনিটোত। ঘটনাস্থলীত আৰক্ষীৰ শীৰ্ষ বিষয়াও উপস্থিত। ৩০০ ফুট দ’ কয়লাখনিটোত পানী সোমোৱাত আবদ্ধ হয় শ্ৰমিক। প্ৰায় ১০০ ফুট গভীৰতালৈ সোমাল পানী। উমৰাংছু থানাৰ পৰা ২০ কিলোমিটাৰ নিলগত এই কয়লাখনি। খনিটোত আবদ্ধ হৈ আছে দলগাঁৱৰ ৩ শ্ৰমিক। আবদ্ধ মুস্তাফা শ্বেখ, হুছেইন আলী। আবদ্ধ হৈ আছে জাকিৰ হুছেইন। কোকৰাঝাৰৰ সৰ্পা বৰ্মন, খুচি মোহন ৰায় নামৰ দুজন শ্ৰমিকো আবদ্ধ। শোণিতপুৰৰ শৰৎ গয়াৰী, ডিমা হাচাওৰ লিজান মগৰো আবদ্ধ। পশ্চিমবংগ আৰু নেপালৰো শ্ৰমিক আছে খনিটোত। ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ মন্ত্ৰী কৌশিক ৰায়ৰ। পানীত ওপঙি থকা মৃতদেহ ৩টা উদ্ধাৰৰ চেষ্টা। আন কেইবাজনো শ্ৰমিকৰ মৃত্যুৰ আশংকা কয়লাখনিটোত। NDRFএ খনিত নামি অভিযান চলাই যদিও উদ্ধাৰ কৰিব পৰা নাই শ্ৰমিকক। গভীৰতালৈ যাব পৰা নাই অভিযানকাৰী দল। বিশেষ ডুবাৰু ঘটনাস্থলীলৈ ৰাওনা বিশাখাপট্টনমৰ পৰা। নৌসেনাৰ বিশেষজ্ঞ ডুবাৰুৱে অভিযান চলাব কয়লাখনিত। উমৰাংছুৰ তিনিকিলো নামৰ ঠাইখনত এই ঘটনা। ঘটনা সংঘটিত হোৱা কয়লাখনিটোৰ নম্বৰ ১৯। কয়লাখনিটোত মুঠ কিমান লোক আবদ্ধ হৈ আছে তাৰ নাই প্ৰকৃত তথ্য। কয়লাখনিটোৰ চোৱাচিতাৰ দায়িত্বত থকা লোকজন পলায়ন কৰাত পোৱা নাই তথ্য। প্ৰায় ২০ জন লোকৰ ৯ জন লোক আবদ্ধ হৈ থকা বুলি সন্দেহ অঞ্চলবাসীৰ। সোমবাৰে পুৱা ৪ বজাত কয়লা খনিত সোমাইছিল শ্ৰমিকসকল। পুৱা ৬ বজাতে পানী সোমাইছিল খনিত। ৰছীৰে ১০জন লোক ওলাই আহিছিল বাহিৰলৈ।

আনফালে এই ঘটনা সন্দৰ্ভত তৎপৰ অসম আৰক্ষী। কয়লাখনিৰ ঘটনা সন্দৰ্ভত এজনক গ্ৰেপ্তাৰ। পুনিচ নুনিছা নামৰ এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ। ঘটনা সংক্ৰান্তত উমৰাংছ’ থানাত গোচৰ ৰুজু। 02/2025 নম্বৰত গোচৰ ৰুজু। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত জনালে এই কথা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমত কি কি খাদ্যৰে আপ্যায়ন কৰা হ’ল ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেক?

’২৬ৰ নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে তৃণমূল কৰ্মীক উৎসাহৰ প্ৰয়াস। আজি...

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...