বিশ্ব বাউলছ চেম্পিয়ন অৱ চেম্পিয়নছ প্ৰতিযোগিতাত ইতিহাস সৃষ্টি কৰিছে অসমৰ পুতুল সোণোৱালে। প্ৰতিযোগিতাখনৰ পুৰুষৰ ছিংগলছ শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে ভাৰতৰ বাবে প্ৰথমটো পদক নিশ্চিত কৰে ৪৩ বছৰীয়া খেলুৱৈগৰাকীয়ে।
অষ্ট্ৰেলিয়াৰ বৰহামত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলত ছিংগাপুৰৰ হেৰিমেন ইউৱেনক পৰাস্ত কৰি ছেমি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰে সোণোৱালে। ইয়াৰ লগে লগে বিশ্ব বাউলছ চেম্পিয়ন অৱ চেম্পিয়নছৰ ইতিহাসত ভাৰতৰ বাবে প্ৰথমটো পদক অৰ্জনৰ পথ প্ৰশস্ত কৰে অসমৰ খেলুৱৈগৰাকীয়ে।
অসম আৰক্ষীৰ এগৰাকী কৰ্মৰত সদস্য পুতুল সোণোৱালে ইতিমধ্যে লন বাউলছ ক্ৰীড়াত ভাৰতৰ অন্যতম আগশাৰীৰ খেলুৱৈ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। ২০২৬ চনৰ এছিয়ান লন বাউলছ চেম্পিয়নশ্বিপত পুৰুষৰ ছিংগলছ শাখাত সোণৰ পদক অৰ্জন কৰি তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ দক্ষতাৰ পৰিচয় দিছিল।
ইয়াৰ পূৰ্বে ২০২৬ চনৰ গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছতো উল্লেখনীয় প্ৰদৰ্শন আগবঢ়াইছিল সোণোৱালে। পুৰুষৰ ছিংগলছ শাখাত তেওঁ কানাডাৰ ৰিয়ান বেষ্টাৰক পৰাস্ত কৰিছিল। উল্লেখ্য যে বেষ্টাৰ কমনৱেলথ গেমছৰ তিনিবাৰৰ পদক বিজয়ী আৰু পূৰ্বৰ বিশ্ব আউটড’ৰ চেম্পিয়ন।
দুয়োগৰাকী খেলুৱৈয়ে এটাকৈ ছেটত জয়লাভ কৰাৰ পিছত মেচখন টাইব্ৰেকাৰলৈ গতি কৰিছিল। অৱশেষত টাইব্ৰেকাৰত জয়ী হৈ সোণোৱালে নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছিল।
বিশ্ব বাউলছ চেম্পিয়ন অৱ চেম্পিয়নছত পদক নিশ্চিত কৰি পুতুল সোণোৱালে ভাৰতৰ ক্ৰীড়া ইতিহাসত এক নতুন অধ্যায় সংযোজন কৰাৰ লগতে অসমলৈও গৌৰৱ কঢ়িয়াই আনিছে। তেওঁৰ এই সাফল্যই আন্তঃৰাষ্ট্ৰীয় লন বাউলছৰ ক্ষেত্ৰত ভাৰতৰ সম্ভাৱনাক নতুনকৈ উজলাই তুলিছে।
