পুটিনৰ ভাৰত ভ্ৰমণ: ভাৰতত মুকলি হ’ব ৰাছিয়া টুডে’ (RT) ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে ৪ আৰু ৫ ডিচেম্বৰত দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। এই ভ্ৰমণ ২০২২ চনত ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পিছত তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ বুলি পৰিগণিত হৈছে। ২৩সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত দুই ৰাষ্ট্ৰৰ নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ পূৰ্ণাঙ্গ পৰ্যালোচনা কৰিব আৰু ‘বিশেষ আৰু প্ৰিভিলেজড কৌশলগত অংশীদাৰিত্ব’ক শক্তিশালী কৰাৰ দিশত ভৱিষ্যতৰ পৰিকল্পনা  নিৰ্ধাৰণ কৰিব।

পুটিনৰ এই ভ্ৰমণ দুই ৰাষ্ট্ৰৰ মাজত সংবাদ আদান-প্ৰদানৰ দিশতো গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। ৰাছিয়া টুডে’ (RT) ইণ্ডিয়াৰ মুখ্য কাৰ্যালয় মুকলি হ’ব নয়দাত।

ৰাছিয়া চৰকাৰ-সমৰ্থিত এই সংবাদ গোষ্ঠীটোৱে ভাৰতত আৰম্ভ কৰিব সংবাদসেৱা। ৰাষ্ট্ৰপতি পুটিনে এই চেনেলটো শুভাৰম্ভ কৰাৰ কথা। এই পদক্ষেপে দুই ৰাষ্ট্ৰৰ মিডিয়া আৰু তথ্য বিনিময়ৰ সম্পৰ্কক শক্তিশালী কৰিব।

পুটিনৰ এই ভ্ৰমণে ভাৰত-ৰাছিয়াৰ সম্পৰ্কক নতুন গতি প্ৰদান কৰি বিশ্বৰ বৰ্তমান ভূ-ৰাজনৈতিক পৰিস্থিতিত ভাৰতৰ কৌশলগত স্বায়ত্তশাসনক প্ৰতিষ্ঠিত কৰিব। সন্মিলনৰ শেষত এক যৌথ বিবৃতি জাৰি কৰা হ’ব, য’ত ভৱিষ্যতৰ অৰ্থনৈতিক সহযোগিতাৰ বাবে ২০৩০লৈ কৰা পৰিকল্পনাৰ কথা অন্তৰ্ভুক্ত থাকিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...