লখিমপুৰৰ খেলমাটিত আচামীৰ মৃত্যুক কেন্দ্ৰ কৰি থানাত আক্ৰমণ প্ৰতিবাদকাৰীৰ

লখিমপুৰৰ খেলমাটিত সৃষ্টি হ’ল যুদ্ধসদৃশ পৰিস্থিতি। আচামীৰ মৃত্যুক কেন্দ্ৰ কৰি থানাত আক্ৰমণ কৰিলে উত্তেজিত প্ৰতিবাদকাৰীয়ে। চাঞ্চল্যকৰ ঘটনাক লৈ তীব্ৰ উত্তেজনা, শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হল আৰক্ষী। লখিমপুৰৰ চানমাৰিৰ সহস্ৰাধিক লোকে আক্ৰমণ কৰিলে খেলমাটি থানাত। শিল-ইটাৰে থানাৰ দুৱাৰ খিৰিকি ভাঙি লণ্ডভণ্ড কৰিলে। ভাঙি চূড়মাৰ কৰিলে আৰক্ষীৰ বাহনো। প্ৰতিবাদকাৰীৰ শিল দলিওৱাৰ ফলত ৰাজপথতেই ভাঙিল ই-ৰিক্সাও। আৰক্ষী-প্ৰতিবাদকাৰীৰ সংঘাতত আহত হল কেইবাজনো লোক। আঘাত পালে সাংবাদিকেও। ঘটনাৰ বিৱৰণী শুনক। বুধবাৰে খেলমাটি আৰক্ষীয়ে থানালৈ আনিছিল আৰ্চভ আলী নামৰ এজন লোকক। মোবাইল চুৰিৰ এটা গোচৰক লৈ আৰক্ষীয়ে উঠাই আনিছিল আৰ্চভক। চুৰি মোবাইল ক্ৰয় কৰাৰ গোচৰত আৰক্ষীয়ে সোধা-পোছা কৰিছিল আৰ্চভ আলী নামৰ লোকজনক। হঠাত নিশালৈ আৰক্ষীয়ে প্ৰকাশ কৰিলে থানাৰ ভিতৰতেই আৰ্চভ আলীৰ মৃত্যু হৈছে। এই খবৰ পোৱাৰ লগেলগে ক্ষুব্ধ হৈ উঠিল আৰ্চভৰ আত্মীয়, গাঁওবাসী। পুৱাৰ ভাগলৈ খেলমাটি থানা চৌহদত উত্তাল পৰিৱেশ। সহস্ৰাধিক পুৰুষ-মহিলা ওলাই আহিল প্ৰতিবাদ কৰিবলৈ। হাজাৰ হাজাৰ লোকে ঘেৰাও কৰিলে থানা চৌহদ। আৰ্চভৰ পৰিয়ালে উত্থাপন কৰিলে গুৰুতৰ অভিযোগ। সুস্থ মানুহজনক আৰক্ষীয়ে হত্যা কৰিলে। ন্যায় লাগে আমাক। দাবী মৃত আৰ্চভৰ জীয়ৰীৰ।

ইয়াৰ বিপৰীতে আৰক্ষীৰ দাবী। চুৰি মোবাইল ক্ৰয়ৰ বিষত সোধা-পোছা চলি আছিল আৰ্চভৰ। এটা চুৰি লেপটপ বঙালমাৰীত উদ্ধাৰ কৰাৰো যো-জা চলাইছিল আৰক্ষীয়ে। আৰক্ষীৰ মতে বহি থকা বেঞ্চৰ পৰাই ঢলি পৰিছিল আৰ্চভ আলী। তাৰ পাছতে লখিমপুৰ মেডিকেল কলেজলৈ লৈ যোৱা হৈছিল আৰ্চভক। চিকিৎসকে আৰ্চভক মৃত ঘোষণা কৰিছিল। হৃদক্ৰিয়া বন্ধ হৈ আৰ্চভৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে।

আৰক্ষীৰ এই কথা মানি নলৈ পৰিয়াল আৰু গাঁওবাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰিলে খেলমাটি থানা চৌহদত। প্ৰতিবাদকাৰী লাহেলাহে অধিক উত্তেজিত হল। আৰম্ভণিতে একগোট হোৱা ৰাইজক ছত্ৰভংগ দিয়াৰ চেষ্টা কৰিলে আৰক্ষীয়ে। খেলমাটি থানাৰ সমীপৰ দলংখন পাৰ হোৱাৰ পাছতে প্ৰতিবাদকাৰীয়ে শিলাবৰ্ষণ আৰম্ভ কৰিলে। আৰক্ষী-অৰ্ধসামৰিক বাহিনী পলাবলৈ বাধ্য হল। তাৰেই সুযোগ লৈ থানাত আক্ৰমণ কৰিলে একাংশই। শিল-ইটাৰে ভাঙিলে দুৱাৰ-খিৰিকি, গাড়ী। উপায় নাপাই শূন্যলৈ গুলীচালনা, লাঠীচালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিলে আৰক্ষীয়ে। আৰক্ষীৰ মতে থানা আক্ৰমণকাৰী আৰ্চভৰ পৰিয়ালৰ সদস্য নাছিল। নাছিল আৰ্চভৰ গাঁৱৰ বাসিন্দাও। অন্য এটা চক্ৰই প্ৰতিবাদকাৰীক প্ৰৰোচিত কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। শিল দলিওৱাসকলৰ ভিতৰত আছিল ড্ৰাগ্ছ আসক্তও। এয়া আৰক্ষীৰ ভাষ্য।

আৰক্ষীয়ে এজন আক্ৰমণকাৰীক আটক কৰিছে। বাকীসকলকো চিনাক্ত কৰি কঠোৰ ব্যৱস্থা লব বুলি সদৰি কৰিলে আৰক্ষীয়ে। একেসময়তে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙৰ নিৰ্দেশ অনুসৰি এই ঘটনাৰ পাছতে
নিলম্বন কৰা হৈছে ৩জনক। IC দীপাংকৰ চাংমাই নিলম্বিত। কনিষ্টবল বৈৰাম দৈউৰী, গৃহৰক্ষী অনিল বৰাকো নিলম্বন কৰা হল। অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত এই ঘটনাৰ তদন্ত কৰা হ’ব।

এই ঘটনাক লৈ উত্তেজনা লখিমপুৰত। উচ্চ পৰ্যায়ৰ তদন্তৰ আশ্বাস দিছে লখিমপুৰ আৰক্ষীয়ে। আশ্বস্ত নহয় স্থানীয় ৰাইজ। প্ৰকৃততে কি হৈছিল। সেয়া ৰহস্যৰ আৱৰ্তত। এতিয়া খেলমাটিত দোকান-পোহাৰ বন্ধ। বিশাল নিৰাপত্তা বাহিনীৰ পহৰ। ভয়ৰ পৰিৱেশ খেলমাটিত। কিন্তু এই ঘটনাৰ পাছত অনেক প্ৰশ্নৰ উদ্ৰেক ঘটিছে। কিয় ৰাজ্যত সঘনে এনে ঘটনা ঘটিছে। ঠায়েঠায়ে এতিয়া বিভিন্ন কাৰণত পিষ্টল, মাৰণাস্ত্ৰ, গুলীৰ শব্দ। চুৰিৰ ঘটনাক লৈয়ে লখিমপুৰত এই পৰিস্থিতি। ড্ৰাগ্ছ, চুৰি, গৰুৰ চোৰাং সৰবৰাহৰ ঘটনাই একপ্ৰকাৰ অস্থিৰ কৰি ৰাখিছে ৰাজ্যৰ কেইবাখনো জিলাক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...