তামোল ব্যৱসায়ীক হাৰাশাস্তি বন্ধ কৰাৰ দাবীত ওলাই আহিল ৰাইজ

স্থানীয় তামোল ব্যৱসায়ীসকলক হাৰাশাস্তি বন্ধ কৰাৰ দাবীত কাছাৰৰ কাটিগড়াৰ চক্র বিষয়াৰ কার্যালয়ৰ সন্মুখত প্ৰতিবাদ। স্থানীয় তামোল ব্যবসায়ী অধিকাৰ সুৰক্ষা সমিতি নামৰ সংগঠনৰ উদ্যোগত এই ধর্ণা কাৰ্য্যসূচী। হাতত তামোল লগত লৈ সাব্যস্ত কৰে প্ৰতিবাদ ।

তিনি দিনৰ ভিতৰত কোনো ব্যবস্থা গ্ৰহণ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ ব্যবসায়ীসকলৰ ৷ ধর্ণা কার্যসূচীত অংশগ্ৰহণ কৰে বৰখলাৰ প্রাক্তন বিধায়িকা ডাঃ ৰুমী নাথৰ লগতে স্থানীয় বহু কংগ্রেছ আৰু AIUDFৰ কর্মীয়ে। ধর্ণা কাৰ্য্যসূচী সমাপ্ত কৰি চক্র বিষয়াৰ জৰিয়তে কাচাৰ জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ প্রেৰণ কৰে।

উল্লেখ্য যে, কাছাৰ আৰক্ষীৰ চুপাৰি ছিণ্ডিকেট লৈ অভিযান চলি থকাৰ সময়ত কাছাৰৰ কালাইনসহ বিভিন্ন স্থানত চুপাৰিৰ গুদাম ছীল কৰিছিল আৰক্ষীয়ে। বার্মিজ চুপাৰি মজুত ৰখাৰ সন্দেহত আৰক্ষীয়ে ছীল কৰিছিল গুদামসমূহ ৷ মালিকসকলৰ দাবী তেওঁলোকৰ এই গুদামসমূহত বাৰ্মিজ চুপাৰি নহয় স্থানীয় তামোল ৰখা হয় ৷ আৰক্ষীয়ে তেওঁলোকক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত কৰিছে ব্যৱসায়ীসকলে ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...