অৰুণোদয় ৩.০ আঁচনিৰ বাবে উপাৰ্জনৰ প্রমাণ-পত্ৰ আৱশ্যক নহয়

অসম চৰকাৰৰ বিত্ত বিভাগে অৰুণোদয় ৩.০ আঁচনিৰ অধীনত উপাৰ্জনৰ প্রমাণ-পত্ৰৰ প্ৰয়োজন সম্পর্কে এক স্পষ্টীকৰণ জাৰি কৰিছে। এই স্পষ্টীকৰণ অনুসৰি অৰুণোদয় ৩.০ আঁচনিৰ অধীনত বিত্তীয় সাহায্য লাভ কৰিবলৈ বৈধ ৰেচন কার্ড থকা ব্যক্তি তথা পৰিয়ালে গাঁও প্রধান, মৌজাদাৰ অথবা আন কোনো কর্তৃপক্ষৰ পৰা উপাৰ্জনৰ প্ৰমাণ-পত্ৰ আহৰণ কৰি জমা দিয়াৰ প্ৰয়োজন নাই। সেয়েহে আবেদনকাৰীসকলক উপাৰ্জনৰ প্ৰমাণ-পত্র সন্দর্ভত যিকোনো বিভ্রান্তিকৰ তথ্য অথবা কোনো ব্যক্তি বা গোটৰ কু-অভিপ্ৰায়ৰ ভুক্তভোগী নহ’বৰ বাবে সতর্ক হৈ থাকিবলৈ আহ্বান জনোৱা হ’ল।

আয়ৰ প্ৰমাণ-পত্ৰ প্ৰদানৰ ক্ষেত্ৰত জনসাধাৰণক বিপথে পৰিচালিত কৰা লোক বা গোটৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰাৰ লগতে অভিযোগৰ তদন্ত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ জিলা আয়ুক্তসকলক নির্দেশ দিয়া হৈছে। অসমৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহক মাহিলি ১,২৫০ টকাকৈ বিত্তীয় সাহায্য প্রদান কৰাই হৈছে অৰুণোদয় ৩.০ আঁচনিৰ মূল লক্ষ্য। এই আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত স্বচ্ছতা আৰু নিৰপেক্ষতা বৰ্তাই ৰখাৰ বাবে অসম চৰকাৰ বদ্ধপৰিকৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...