বিশিষ্ট শিক্ষক, সমাজকৰ্মী অঞ্জন কুমাৰ দাসৰ দেহাৱসান

গুৱাহাটী মহানগৰীৰ জ্যোতিনগৰৰ বাসিন্দা তথা বিশিষ্ট শিক্ষক, সমাজকৰ্মী অঞ্জন কুমাৰ দাসৰ দেওবাৰে এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত দেহাৱসান ঘটিছে। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৮২ বছৰ।

১৯৪৩ চনৰ ১৪ জুন তাৰিখে তেজপুৰত জন্মগ্ৰহণ কৰা অঞ্জন কুমাৰ দাসে শিক্ষকতাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। তেখেতে শ্বিলঙৰ বিষ্ণুপুৰৰ শ্বিলং বিদ্যালয়ত গণিত বিষয়ৰ শিক্ষক হিচাপে আৰু কামৰূপৰ ৰামপুৰ চৰকাৰী হাইস্কুলত বিষয় শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পৰৱৰ্তী সময়ত তেখেতে গুৱাহাটী মেডিকেল কলেজৰ এচ পি এম আৰু মাইক্ৰ’বায়’লজী বিভাগৰ পৰা অৱসৰ গ্ৰহণ কৰে।

শিক্ষকতাৰ উপৰি অঞ্জন কুমাৰ দাস এজন ক্ৰীড়াপ্ৰেমী আছিল। ৭০ দশকত তেখেত গুৱাহাটীৰ শিলপুখুৰীৰ দীপক সংঘৰ ফুটবল খেলুৱৈ হিচাপে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। তদুপৰি, তেখেত গুৱাহাটীৰ পূব জ্যোতিনগৰ নামঘৰ আৰু দক্ষিণ কামৰূপৰ জীয়াকুৰ শঙ্কৰ সঙ্ঘৰ একনিষ্ঠ সদস্য হিচাপে বিভিন্ন সামাজিক কামত জড়িত আছিল। জীৱনৰ অন্তিম মুহূর্তলৈকে তেখেতে নিষ্ঠাৰে ল’ৰা-ছোৱালীক গণিত, বিজ্ঞান আৰু ইংৰাজী বিষয়ত বিনামূলীয়া পাঠদান কৰি সমাজৰ প্ৰতি নিজৰ দায়বদ্ধতা পালন কৰি গৈছিল।

তেখেতৰ মৃত্যুত স্থানীয় লোকৰ মাজত শোকৰ ছাঁ পৰিছে। তেখেতৰ পৰিয়াল, বন্ধু-বান্ধৱ আৰু শুভাকাংক্ষীসকলে তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...