বিশিষ্ট শিক্ষাবিদ পবিন্দ্ৰনাথ ভট্টাচাৰ্যৰ দেহাৱসান

বিশিষ্ট শিক্ষাবিদ তথা সমাজকৰ্মী পবিন্দ্ৰনাথ ভট্টাচাৰ্যৰ আজি পুৱা ৮.৪৫ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ । ১৯৩৪ চনৰ ২ ডিচেম্বৰত তেতিয়াৰ অবিভক্ত কামৰূপ জিলাৰ নলবাৰী মহকুমাৰ ককয়া (ঢকুৱাবান্ধা)ত জন্ম লাভ কৰা ভট্টাচাৰ্যই এগৰাকী কৃতী শিক্ষক হিচাপে খ্যাতি অৰ্জন কৰিছিল। তেওঁ ১৯৫৪ চনত ককয়া হাই স্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৫৭ চনত যোৰহাট নৰ্মাল স্কুলৰ পৰা অসমৰ ভিতৰতে নৱম স্থান অধিকাৰ কৰি উত্তীৰ্ণ হয়। একেটা বছৰতে তেওঁ বৰপেটা ৰোডৰ গোপীনাথ মেম’ৰিয়েল স্কুলত সহকাৰী শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলি পিছলৈ গুৱাহাটীৰ ডনবস্ক’ স্কুলত শিক্ষকতা আৰু অৱশেষত ১৯৭৩ চনত গুৱাহাটীৰ ৰাজগড় ছোৱালী হাই স্কুলত প্ৰধান শিক্ষকৰূপে যোগদান কৰি তাৰ পৰাই ১৯৯৭ চনত অৱসৰ গ্ৰহণ কৰে । চাকৰি কালতে তেওঁ প্ৰাইভেটকৈ বি বৰুৱা মহাবিদ্যালয়ৰ পৰা আই এ আৰু কটন মহাবিদ্যালয়ৰ পৰা বিএ পাছ কৰাৰ লগতে বাণীকান্ত শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ পৰা বিটি পৰীক্ষাও পাছ কৰে । ১৯৬৩ চনত তেওঁ নাগপুৰত এনচিচি অফিচাৰ্ছ ট্ৰেইনিং স্কুলত প্ৰশিক্ষণ লৈ এনচিচি অফিচাৰৰ যোগ্যতা অৰ্জন কৰে । অসম হাই স্কুল শিক্ষক সংস্থাৰ উপ-সভাপতি, অসম ৰাজ্যিক অধিবিদ্যা পৰিষদৰ কাৰ্যকৰী সভাপতি আদিৰ দায়িত্ব নিয়াৰিকৈ পালন কৰাৰ লগতে অন্যান্য বিভিন্ন সংস্থা-সংগঠনৰ সৈতেও তেওঁ জড়িত হৈ আছিল। ৰাজগড় আৰু ভেটাপাৰা অঞ্চলৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতেও তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক আছিল। দীৰ্ঘদিন ধৰি শৰণীয়াত বসবাস কৰাৰ পিছত শেহতীয়াকৈ ভেটাপাৰাত থাকিবলৈ লোৱা ভট্টাচাৰ্যই মৃত্যুৰ সময়ত পত্নীৰ উপৰি জ্যেষ্ঠ সাংবাদিক ভূপেন্দ্ৰ নাথ ভট্টাচাৰ্যকে ধৰি তিনিগৰাকী পুত্ৰ আৰু এগৰাকী জীয়ৰীৰ লগতে জোৱাই তথা নাতি-নাতিনী সমন্বিতে অনেক গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায় । তেওঁৰ মৃত্যুত ৰাজগড়, শৰণীয়া, ভেটাপাৰা আদি অঞ্চলত শোকৰ ছাঁ পৰে ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...