প্ৰধানমন্ত্ৰীৰ নামৰ পিছত বহিল Prime Minister of Bharat

সমগ্ৰ বিশ্বত ভাৰতবৰ্ষক জনা গৈছিল INDIA বুলি
INDIA নামৰ অস্তিত্বক লৈ আহিছে শংকা
চৰকাৰী তথ্যত ASEAN সন্মিলনলৈ যোৱা প্ৰধানমন্ত্ৰী মোদীক Prime Minister of Bharat বুলি উল্লেখ

যুগ যুগান্তৰৰ পৰাই আমাৰ দেশ পৰিচিত হৈ আহিছে ভাৰতবৰ্ষ বুলি। ভাৰতৰ লগতে INDIA নামটোও ব্যৱহাৰ হৈ আহিছিল আঢ়ৈ হাজাৰ বছৰ পূৰ্বৰ পৰা। সিন্দু নদী, যাক কোৱা হয় ইংৰাজীত কোৱা হয় INDUS RIVER সেই নামৰ পৰাই উৎপত্তি হৈছিল INDIA নামটো। খ্ৰীষ্টপূৰ্বৰ পঞ্চম শতিকাতে গ্ৰীকসকলে প্ৰথম ব্যৱহাৰ কৰি আহিছিল INDIA নামটো। ব্ৰিটিছসকলে পিছত ভাৰতৰ এই নামটোকে ব্যৱহাৰ কৰিবলৈ ল’লে। পুৰণিকালৰ পৰাই আমাৰ দেশৰ নামৰ ভাৰত ব্যৱহাৰ হৈ আহিছে। মহাভাৰতত উল্লেখ থকা কিংবদন্দী সম্ৰাট ভৰতৰ নামেৰে দেশখনৰ নাম ভাৰত হোৱা বুলি জানিবলৈ পোৱা যায়। দেশৰ সংবিধান গ্ৰহণৰ সময়ত INDIA আৰু ভাৰত দুয়োটা নামে লিপিবদ্ধ হোৱাৰ লগতে অন্তৰ্ভুক্ত নহ’ল হিন্দুস্তান নামটো। এতিয়া পুনৰ ভাৰত আৰু INDIA নামটো লৈ সৃষ্টি হৈছে বিতৰ্ক।

সংসদৰ ১৮ ছেপ্টেম্বৰৰ পৰা হ’বলগীয়া বিশেষ অধিৱেশনলৈ চৰ্চা
এই অধিৱেশনৰ এতিয়ালৈকে চৰকাৰে ঘোষণা কৰা নাই এজেণ্ডা
সংসদৰ বিশেষ অধিৱেশনতে আহিব নেকি দেশৰ নাম সলনিৰ প্ৰস্তাৱ
দেশজুৰি ইয়াকে লৈ এতিয়া চলিছে ব্যাপক চৰ্চা

ভাৰত নে INDIA– এই প্ৰংসগক লৈ অব্যাহত আছে শাসক-বিৰোধীৰ পৰস্পৰে পৰস্পৰক বাক আক্ৰমণ।

NCP নেতা শাৰদ পাৱাৰৰ মতে দেশৰ নাম সলনি কৰাৰ অধিকাৰ কাৰো নাই।

বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ মতে, ভাৰত নামটো দেশৰ সংবিধানত উল্লেখ আছে, তাত আপত্তি কৰিবলগীয়া একো নাই।

কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ মতে, বিৰোধী মিত্ৰজোঁট I.N.D.I.A. গঠনত শংকিত হৈ কেন্দ্ৰই সলনি কৰিবলৈ ওলাইছে দেশৰ নাম।

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ মতে আমি ঔপনিৱেশিক মনোবৃত্তিৰ পৰা ওলাই আহিব লাগিব।

ইফালে এই সন্দৰ্ভত প্ৰথম মুখ খোলা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে নলবাৰীত এই বিষয়ত পুনৰ মত প্ৰকাশ কৰিছে।

ভাৰতত ভাৰত হওক, বিদেশত পৰিচিত হওক INDIA বুলি প্ৰখ্যাত ক্ৰিকেটাৰ সুনীল গাভাস্কাৰো জঁপিয়াই পৰিছে এই বিতৰ্কত।

দেশৰ পুৰণি নাম ঘূৰাই অনাত আপত্তি নাই, কিন্তু সেয়া হওক আনুষ্ঠানিকভাৱে।

এইদৰে আৰু বহু নেতা, তাৰকাই দেশৰ নাম সলনি বিতৰ্কত জঁপিয়াই পৰিছে। এতিয়া দেশজুৰি দল-মত নিৰ্বিশেষে অব্যাহত ৰৈছে ভাৰত নে INDIA এই প্ৰসংগত অব্যাহত ৰৈছে বিতৰ্ক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...