প্ৰধানমন্ত্ৰী মোদীৰ মাতৃয়ে ভৰি দিলে ১০০ বছৰত

আজি ১০০ বছৰ গৰকিলে প্ৰধানমন্ত্ৰী মোদীৰ মাতৃয়ে। নৰেন্দ্ৰ মোদীৰ মাত- হীৰাবেন মোদীৰ আজি ওপজা দিন।

আজি জীৱনৰ শততম বছৰত ভৰি দিলে প্ৰধানমন্ত্ৰী মোদীৰ মাতৃ হীৰাবেন মোদীয়ে। পুৱাই প্ৰধানমন্ত্ৰী মোদীয়ে ভৰি চুই সেৱা কৰি আশীৰ্বাদ বিচাৰিলে মাতৃৰ।

নিজে চৰণ পখালি জন্মদিনৰ দিনা মাতৃক সেৱা জনালে দেশৰ প্ৰধানমন্ত্ৰী মোদীয়ে। ওপজা দিনত নিজ হাতে মিঠাই খুৱাই জন্মদিনৰ ওলগ জনালে প্ৰধানমন্ত্ৰীয়ে।

গান্ধীনগৰৰ বাসগৃহত উপস্থিত হৈ জন্মদাত্ৰী মাতৃক সেৱা জনাই পুনৰ দিল্লীলৈ ওভতিল প্ৰধানমন্ত্ৰীগৰাকী।

প্ৰধানমন্ত্ৰীৰ আগমনৰ লগে লগে বাসগৃহত গোট খায় আত্মীয় আৰু প্ৰতিবেশী লোকসকল। সকলোকে সেৱা জনাই ওভতিল প্ৰধানমন্ত্ৰীগৰাকী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...