১৪জনীয়া ৰাষ্ট্ৰপতি নিৰ্বাচন ব্যৱস্থাপনা সমিতিত সৰ্বানন্দ সোণোৱাল

দিল্লীত অধিক বৃদ্ধি পালে সৰ্বানন্দ সোণোৱালৰ দায়িত্ব আৰু গুৰুত্ব। ১৪জনীয়া ৰাষ্ট্ৰপতি নিৰ্বাচন ব্যৱস্থাপনা সমিতিত অন্তৰ্ভুক্ত হ’ল সোণোৱাল। কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ শ্বেখাৱট এই সমিতিৰ অহ্বায়ক। দলৰ সাধাৰণ সম্পাদক বিনোদ টাৱৰে আৰু চি টি ৰবি সমিতিৰ সহ আহ্বায়ক। সমিতিত আছে অন্য এগৰাকী সাধাৰণ সম্পাদক তৰুণ চুঘ। সোণোৱালৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডী আৰু অশ্বিনী বৈষ্ণৱো সমিতিৰ সদস্য। সমিতিত আছে কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মেঘৱাল আৰু ভাৰতী পাৱাৰো। বিজেপিৰ ৰাষ্ট্ৰীয় উপসভাপতি ডি কে অৰুণাও সমিতিৰ সদস্য। অসম বিজেপিৰ উপ সভাপতি ৰাজদ্বীপ ৰয়ো আছে সমিতিত। দলৰ ৰাষ্ট্ৰীয় সম্পাদক ঋতুৰাজ সিনহাও সমিতিৰ সদস্য। দলৰ মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় সভানেত্ৰী বন্তি শ্ৰীনিবাসনো সমিতিৰ সদস্য। সমিতিৰ আন এগৰাকী সদস্য হিচাপে আছে দলৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...