দুদিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়াত প্ৰধানমন্ত্ৰী মোদী

দুদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে ৰাছিয়াত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ আমন্ত্ৰণক্ৰমে ৰাছিয়া ভ্ৰমণ কাৰ্যসূচী লোৱা প্ৰধানমন্ত্ৰী মোদীয়ে পুটিনৰ স’তে ২২সংখ্যক ভাৰত–ৰাছিয়া বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। ইয়াৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে বিভিন্ন দ্বিপাক্ষিক বিষয় লৈও ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ লগতে আন শীৰ্ষ বিষয়ববীয়াৰ সৈতে আলোচনাত মিলিত হ’ব। মস্কোত প্ৰবাসী ভাৰতীয়সকলৰ স’তেও বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিব মোদীয়ে।

দুদিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়াত প্ৰধানমন্ত্ৰী মোদী
মস্কোত প্ৰধানমন্ত্ৰী মোদীক গাৰ্ড অব অনাৰ
২২সংখ্যক ভাৰত-ৰাছিয়া শীৰ্ষ বৈঠকত ভাগ ল’ব মোদীয়ে
ৰাষ্ট্ৰপতি পুটিনৰ আলোচনাত মিলিত হ’ব মোদী
বৈঠকত সামৰি লোৱা হ’ব বিভিন্ন দ্বিপাক্ষিক বিষয়

সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়াত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৰাছিয়া–ইউক্ৰেইন যুদ্ধৰ মাজতে প্ৰধানমন্ত্ৰী মোদীৰ এই ৰাছিয়া ভ্ৰমণ বিশেষ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। ইউক্ৰেইন যুদ্ধ সম্পৰ্কত কৌশলী স্থিতি গ্ৰহণ কৰি অহা ভাৰতে যুদ্ধৰ বিৰোধিতা কৰাৰ লগতে শীঘ্ৰে যুদ্ধ বন্ধ কৰাৰো পোষকতা কৰি আহিছে ভাৰতে। এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণ বিভিন্ন দিশৰ পৰা গুৰুত্বপূৰ্ণ বুলি ইতিমধ্যে চৰ্চিত হৈছে। সোমবাৰে বিয়লি মস্কোত অৱতৰণ কৰাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীক গাৰ্ড অব অনাৰেৰে বিশেষভাৱে আদৰণি জনোৱা হয়। দুদিনীয়া ভ্ৰমণসূচীত প্ৰধানমন্ত্ৰী মোদীয়ে বিভিন্ন দ্বিপাক্ষিক বিষয়ক লৈ ৰাছিয়াৰ নেতৃবৰ্গৰ সৈতে বৈঠকত মিলিত হ’ব। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ আমন্ত্ৰণক্ৰমে এই ভ্ৰমণসূচী গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পাছত এয়া হৈছে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম ৰাছিয়া তথা দ্বিতীয় বিদেশ ভ্ৰমণ। এই ভ্ৰমণকালত মোদীয়ে ২২সংখ্যক ভাৰত–ৰাছিয়া বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰি ৰাষ্ট্ৰপতি পুটিনৰ স’তেও বিভিন্ন দ্বিপাক্ষিক বিষয়ক লৈ আলোচনাত ভাগ ল’ব প্ৰধানমন্ত্ৰী মোদীয়ে। ভাৰত আৰু ৰাছিয়াৰ দ্বিপাক্ষিক সম্পৰ্কৰ লগতে আন আঞ্চলিক আৰু বিশ্বজনীন সমস্যাক লৈও আলোচনাত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি পুটিন। ইয়াৰ পিছতে প্ৰবাসী ভাৰতীয়সকলৰ স’তেও বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

ভাৰত-ৰাছিয়াৰ সম্পৰ্কক নতুন ৰূপ দিয়াৰ আশা মোদীৰ ভ্ৰমণে
মোদীৰ ৰাছিয়া ভ্ৰমণক লৈ শংকিত পশ্চিমীয়া ৰাষ্ট্ৰ
ৰাছিয়াৰ মতে মোদীৰ ভ্ৰমণক লৈ ‘ঈৰ্ষান্বিত পশ্চিমীয়া ৰাষ্ট্ৰ’

উল্লেখ্য যে সমগ্ৰ বিশ্বতে ভাৰতক লৈ বিশেষভাৱে চৰ্চা আৰম্ভ হৈছে। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ মাজতে প্ৰধানমন্ত্ৰী মোদীৰ ৰাছিয়া ভ্ৰমণে দুয়ো দেশক ওচৰ চপাই অনাৰ লগতে ৰাষ্ট্ৰপতি পুটিনৰ স’তেও বিশেষ সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনা আছে বুলি ইতিমধ্যে বিভিন্ন মহলত চৰ্চিত হৈছে। মোদীৰ ৰাছিয়া ভ্ৰমণক লৈ পশ্চিমীয়া দেশসমূহ উদ্বিগ্ন হৈ উঠাৰ সময়তে ৰাছিয়া প্ৰশাসনে এই দাবী কৰে যে প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণক লৈ ঈৰ্ষান্বিত হৈ পৰিছে পশ্চিমীয়া দেশসমূহ। সাম্প্ৰতিক সময়ত বিশ্বৰ প্ৰতিখন দেশেই ভাৰতৰ স’তে সদ্ভাৱ গঢ়ি তোলাৰ চেষ্টা অব্যাহত ৰাখিছে যদিও এইক্ষেত্ৰত ৰাছিয়া এখোজ আগবাঢ়ি থকা বুলি দাবী কৰিছে ৰাছিয়াই। ৰাছিয়া ভ্ৰমণ সামৰি অহা ১০ জুলাইত অষ্ট্ৰিয়াত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী।


Popular

More like this
Related

অপৰাধীৰ ৰম্যভূমিলৈ যেন পৰিণত হৈছে গুৱাহাটী মহানগৰী

অপৰাধীৰ ৰম্যভূমিলৈ যেন পৰিণত হৈছে উত্তৰ-পূবৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰী।...

অসমত ৮ ঘণ্টীয়া জেৰাৰ সন্মুখীন তামান্না ভাটিয়া

অসমত ৮ ঘণ্টীয়া জেৰাৰ সন্মুখীন তামান্না ভাটিয়া। EDৰ কাৰ্যালয়ত...

পাকিস্তানত বিদেশমন্ত্ৰী জয়শংকৰ

ছাংহাই কো-অপাৰেছন অৰ্গেনাইজেছন বৈঠকৰ বাবে পাকিস্তানত বিদেশমন্ত্ৰী জয়শংকৰ। কূটনৈতিক...

গজৰাজে তাণ্ডৱ চলালে ৰাজপথত

অৰণ্য ধ্বংস কৰাৰ পৰিণামহে যেন ভুগিছে মানৱ জাতিয়ে! দিনক...