ৰাম মন্দিৰ উদ্বোধনৰ পূৰ্বে অযোধ্যাত প্রধানমন্ত্ৰী মোদী

ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে নতুন ৰূপত সজোৱা হৈছে অযোধ্যাক। প্রধানমন্ত্ৰী নৰেন্দ্র মোদী শনিবাৰে অযোধ্যাত মুকলি কৰে কেইবাটাও নতুন প্রকল্প। ইয়াৰ উপৰি মোদীয়ে মুকলি কৰে নৱনিৰ্মিত বিমানকোঠৰ লগতে অযোধ্যাধাম ৰে’ল ষ্টেচন। ২২ জানুৱাৰীত ৰাম মন্দিৰ উদ্বোধনৰ পূৰ্বে প্ৰায় ১৫ হাজাৰ কোটি টকাৰ বিভিন্ন আধাৰশিলা স্থাপন কৰে প্রধানমন্ত্ৰী মোদীয়ে। অযোধ্যাধাম জংছনৰ পৰা দুখন অমৃত ভাৰত এক্সপ্ৰেছৰ লগতে আন ৬খন বন্দে ভাৰত এক্সপ্রেছো মুকলি কৰে মোদীয়ে।

ৰাম মন্দিৰ উদ্বোধনৰ পূৰ্বে অযোধ্যাত প্রধানমন্ত্ৰী মোদী

নতুন ৰূপত গঢ় দিয়া হ’ব ‘ৰাম নগৰী’ অযোধ্যাক

অযোধ্যাৰ বাবে ১৫ হাজাৰ ৭০০ কোটি টকাৰ প্রকল্প

নতুন বিমানকোঠ, ৰে’ল ষ্টেচন মুকলি কৰিলে মোদীয়ে

৬খনকৈ বন্দে ভাৰত, দুখন অমৃত ভাৰত এক্সপ্রেছ মুকলি

ৰাম মন্দিৰ মুকলিৰ পূৰ্বে অযোধ্যাত প্রধানমন্ত্ৰীৰ ৰোড শ্ব’

অহা ২২ জানুৱাৰীত অযোধ্যাৰ বহুপ্রতীক্ষিত ৰাম মন্দিৰ মুকলি কৰাৰ পূৰ্বে শনিবাৰে অযোধ্যাত উপস্থিত হয় প্রধানমন্ত্ৰী নৰেন্দ্র মোদী। সম্পূৰ্ণ নতুন ৰূপত অযোধ্যাক গঢ় দিয়াৰ লক্ষ্যৰে কেইবাহাজাৰ কোটি টকাৰ প্রকল্প গ্রহণ কৰা হৈছে এই ৰাম নগৰীৰ বাবে। ইয়াৰ অংশ স্বৰূপে ইতিমধ্যে নিৰ্মাণ কৰা অযোধ্যাৰ আন্তঃৰাষ্ট্রীয় বিমানকোঠৰ লগতে এটা ৰে’ল ষ্টেচনো মুকলি কৰে প্রধানমন্ত্ৰীয়ে।

অযোধ্যাত মুকলি হ’ল মহৰ্ষি বাল্মিকী আন্তঃৰাষ্ট্রীয় বিমান বন্দৰ

অযোধ্যা ধাম ৰে’ল জংচনো মুকলি কৰে প্রধানমন্ত্ৰী মোদীয়ে

২৪০ কোটি ব্যয়েৰে নিৰ্মাণ কৰা হৈছে অযোধ্যা ধাম জংচন

পুৱা প্রায় ১০:৪৫ বজাত উপস্থিত হোৱা প্রধানমন্ত্ৰী মোদীক আদৰণি জনায় উত্তৰপ্ৰদেশৰ যোগী আদিত্যনাথ, ৰাজ্যপাল আনন্দিবেন পেটেলকে ধৰি অন্যান্যসকলে। মোদীক আদৰিবলৈ সমগ্র অযোধ্যাজুৰি তৈয়াৰ কৰা হৈছে ফুলৰ তোৰণ। বৃহৎ স্ক্রীণত প্রদৰ্শন কৰা হৈছে ৰামায়ণ। ১৫ কিলোমিটাৰজোৰা ৰোড শ্ব’ত ভাগ লোৱা মোদীক আদৰিবলৈ ৰাস্তাৰ দুয়োকাষে দেখা গ’ল অগণন মানুহৰ ভিৰ। পুষ্পবৰ্ষণ কৰা হ’ল মোদীৰ কনভয়লৈ। জয় শ্রীৰাম ধ্বনিৰে মুখৰিত হ’ল সমগ্র অযোধ্যা। ৰোড শ্ব’ৰ অন্তত প্রধানমন্ত্ৰী মোদী উপস্থিত হয় অযোধ্যা ধাম ৰে’ল ষ্টেচনত। অযোধ্যা ধামত মোদীয়ে উদ্বোধন কৰে ৬খনকৈ বন্দে ভাৰত এক্সপ্রেছৰ লগতে দুখন অমৃত ভাৰত এক্সপ্রেছ। ৩ মহলীয়া এই অযোধ্যা ধাম ষ্টেচন নামকৰণ কৰা হৈছে অযোধ্যা ধাম জংচন ৰূপে। মুখ্যমন্ত্ৰী যোগী আৰু ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে এক্সপ্রেছ ৰে’লৰ দবাত উঠি প্রধানমন্ত্ৰী মোদীয়ে পৰিদৰ্শন কৰে ৰে’লসমূহৰ ভিতৰত থকা সা–সুবিধা। ইয়াৰ পাছতে অযোধ্যাত নৱনিৰ্মিত বিমানকোঠত উপস্থিত হয় প্রধানমন্ত্ৰী মোদী। অযোধ্যাৰ লতা মংগেশকাৰ চ’কত মহৰ্ষি বাল্মিকী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ মুকলি কৰে মোদীয়ে। অযোধ্যাত সাধাৰণ লোকৰ সৈতেও বাৰ্তালাপ কৰি প্রধানমন্ত্ৰী মোদীয়ে বিভিন্নজনৰ সৈতে ছেলফি তোলাৰ লগতে অটোগ্রাফো দিয়ে।

অযোধ্যাত মাঝি পৰিয়ালক সাক্ষাৎ প্রধানমন্ত্ৰী মোদীৰ

ভগৱান ৰাম আৰু ৰামায়ণৰ সৈতে আছে মাঝি পৰিয়ালৰ বিশেষ সম্পৰ্ক

বনবাসৰ সময়ত ৰাম-লক্ষ্মণ-সীতাক নাৱেৰে নৈ পাৰ কৰাইছিল মাঝি পৰিয়ালে

অযোধ্যাত মোদীৰ আগমনৰ লগে লগে জয় শ্রীৰাম ধ্বনিৰে মুখৰিত হ’ল সমগ্র চহৰখন। ৰাম মন্দিৰ উদ্বোধনীৰ লগতে অযোধ্যাক নতুন ৰূপত গঢ়ি তোলাৰ বাবে চৰকাৰে গ্রহণ কৰিছে বিভিন্ন প্রকল্প। অযোধ্যাত ৰোড শ্বৰ মাজতে প্রধানমন্ত্ৰী মোদীয়ে মাঝি পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰে। 

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...