৪৪ ‍‍‍বছৰীয়া সশস্ত্ৰ সংগ্ৰামৰ যতি

নতুন দিল্লীৰ গৃঢ় মন্ত্ৰালয়ৰ ভৱনত ডিঙিত অসমীয়াৰ স্বাভিমান আঁৰি স্বাক্ষৰিত হ’ল শান্তি চুক্তি। লানি লানি আলোচনাৰ পাছত ৪৪ বছৰীয়া সংগ্ৰামী ইতিহাসৰ যতি পেলাই সংগ্ৰামীৰে চুক্তি কৰিলে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে। এক ঐতিহাসিক চুক্তিৰ সাক্ষী হৈ ৰ’ল সকলো। কিন্ত এই চুক্তি ৰাজহুৱা হোৱাৰ লগে লগেই প্ৰতিক্ৰিয়া বিভিন্নজনৰ।

৪৪ ‍‍‍বছৰীয়া সশস্ত্ৰ সংগ্ৰামৰ যতি
যতিৰ বাবে স্বাক্ষৰিত চুক্তি
চুক্তিত বিভিন্নজনৰ বিবিধ যুক্তি
একাংশৰ মতে এয়া সফল চুক্তি
একাংশৰ মতে এয়া আত্মসমৰ্পণৰ দলিল

নতুন দিল্লীৰ গৃঢ় মন্ত্ৰালয়ৰ ভৱনত ডিঙিত অসমীয়াৰ স্বাভিমান আঁৰি স্বাক্ষৰিত হ’ল শান্তি চুক্তি। লানি লানি আলোচনাৰ পাছত ৪৪ বছৰীয়া সংগ্ৰামী ইতিহাসৰ যতি পেলাই সংগ্ৰামীৰে চুক্তি কৰিলে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে। এক ঐতিহাসিক চুক্তিৰ সাক্ষী হৈ ৰ’ল সকলো। কিন্ত এই চুক্তি ৰাজহুৱা হোৱাৰ লগে লগেই প্ৰতিক্ৰিয়া বিভিন্নজনৰ। শান্তি চুক্তিৰ ক্ষেত্ৰত দাবী চনদৰ বাবে আগভাগ লোৱা ৰাজ্যৰ বুদ্ধিজীৱী, চিন্তাবিদ ড০ হীৰেণ গোঁহাইয়ে তুলিলে ক্ষুৰধাৰ অভিযোগ।

‘আমাৰ দাবী চনদৰ লগত তেওঁলোকৰ মিল নাই’
গোঁহাইৰ সুৰতে একপ্ৰকাৰ সুৰ মিলাই সংবাদমেল সম্বোধন কৰিলে ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈয়ে। ক’লে, – ‘এই চুক্তি দুৰ্ভাগ্যজনক’

চুক্তিক লৈ সৰৱ হ’ল অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈও।
স্বাক্ষৰিত চুক্তিক লৈ আশাহত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া।
আলফা চৰকাৰৰ চুক্তিক লৈ প্ৰতিক্ৰিয়া আগবঢ়ালে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে।
চুক্তি সম্পন্ন হ’ল। অব্যাহত আছে ক্ৰিয়া–প্ৰতিক্ৰিয়া।
লক্ষণীয় হ’ব স্বাক্ষৰিত চুক্তিৰ কাৰ্যকৰীকৰণ কেতিয়া?

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ভাৰতৰ আক্ৰমণৰ পিছত সেনাৰ মুখ্য কাৰ্যালয় স্থানান্তৰিত কৰাৰ পৰিকল্পনা পাকিস্তানৰ

ভাৰতৰ আক্ৰমণত পাকিস্তানৰ নুৰ খান বিমান ঘাটিত হোৱা ব্যাপক...

আমেৰিকাক শূন্য শুল্ক দ্বিপাক্ষিক বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ পাকিস্তানৰ

পাকিস্তানে আমেৰিকাক নিৰ্বাচিত পণ্যৰ ওপৰত শূন্য শুল্কৰ দ্বিপাক্ষিক বাণিজ্য...

ভাৰত-ভূটান সীমান্ত এলেকাত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে তৎপৰতাৰে পদক্ষেপ ল’বলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ

জনতা ভৱনত স্বাস্থ্য বিভাগৰ কাম-কাজৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ স্বাস্থ্যমন্ত্ৰী...

ভাৰতত এপলৰ সামগ্ৰী বনোৱা বন্ধ কৰিবলৈ ট্ৰাম্পৰ প্ৰস্তাৱ

মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে Appleৰ CEO টিম কুকক ভাৰতত...