৪৪ ‍‍‍বছৰীয়া সশস্ত্ৰ সংগ্ৰামৰ যতি

নতুন দিল্লীৰ গৃঢ় মন্ত্ৰালয়ৰ ভৱনত ডিঙিত অসমীয়াৰ স্বাভিমান আঁৰি স্বাক্ষৰিত হ’ল শান্তি চুক্তি। লানি লানি আলোচনাৰ পাছত ৪৪ বছৰীয়া সংগ্ৰামী ইতিহাসৰ যতি পেলাই সংগ্ৰামীৰে চুক্তি কৰিলে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে। এক ঐতিহাসিক চুক্তিৰ সাক্ষী হৈ ৰ’ল সকলো। কিন্ত এই চুক্তি ৰাজহুৱা হোৱাৰ লগে লগেই প্ৰতিক্ৰিয়া বিভিন্নজনৰ।

৪৪ ‍‍‍বছৰীয়া সশস্ত্ৰ সংগ্ৰামৰ যতি
যতিৰ বাবে স্বাক্ষৰিত চুক্তি
চুক্তিত বিভিন্নজনৰ বিবিধ যুক্তি
একাংশৰ মতে এয়া সফল চুক্তি
একাংশৰ মতে এয়া আত্মসমৰ্পণৰ দলিল

নতুন দিল্লীৰ গৃঢ় মন্ত্ৰালয়ৰ ভৱনত ডিঙিত অসমীয়াৰ স্বাভিমান আঁৰি স্বাক্ষৰিত হ’ল শান্তি চুক্তি। লানি লানি আলোচনাৰ পাছত ৪৪ বছৰীয়া সংগ্ৰামী ইতিহাসৰ যতি পেলাই সংগ্ৰামীৰে চুক্তি কৰিলে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে। এক ঐতিহাসিক চুক্তিৰ সাক্ষী হৈ ৰ’ল সকলো। কিন্ত এই চুক্তি ৰাজহুৱা হোৱাৰ লগে লগেই প্ৰতিক্ৰিয়া বিভিন্নজনৰ। শান্তি চুক্তিৰ ক্ষেত্ৰত দাবী চনদৰ বাবে আগভাগ লোৱা ৰাজ্যৰ বুদ্ধিজীৱী, চিন্তাবিদ ড০ হীৰেণ গোঁহাইয়ে তুলিলে ক্ষুৰধাৰ অভিযোগ।

‘আমাৰ দাবী চনদৰ লগত তেওঁলোকৰ মিল নাই’
গোঁহাইৰ সুৰতে একপ্ৰকাৰ সুৰ মিলাই সংবাদমেল সম্বোধন কৰিলে ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈয়ে। ক’লে, – ‘এই চুক্তি দুৰ্ভাগ্যজনক’

চুক্তিক লৈ সৰৱ হ’ল অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈও।
স্বাক্ষৰিত চুক্তিক লৈ আশাহত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া।
আলফা চৰকাৰৰ চুক্তিক লৈ প্ৰতিক্ৰিয়া আগবঢ়ালে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে।
চুক্তি সম্পন্ন হ’ল। অব্যাহত আছে ক্ৰিয়া–প্ৰতিক্ৰিয়া।
লক্ষণীয় হ’ব স্বাক্ষৰিত চুক্তিৰ কাৰ্যকৰীকৰণ কেতিয়া?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাইৰ আঘাত, ছৰফৰাজৰ ভাগ্যোদয়!

অপেক্ষাৰ অন্ত পৰিল। ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিকভাৱে ৰান সংগ্ৰহ কৰি...

গুজৰাটৰ মুখ্যমন্ত্ৰীক কমনৱেল্থ গেমছৰ পতাকা প্ৰদান: ২০৩০চনৰ মেগা ইভেণ্টৰ প্ৰস্তুতিৰ আনুষ্ঠানিক শুভাৰম্ভ

গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলক (Bhupendra Patel) আনুষ্ঠানিকভাৱে ২০৩০ চনৰ...

“মই মৃত্যুমুখত পৰিলোহেঁতেন”: মমতা বেনাৰ্জীৰ গাড়ীলৈ শিলাবৰ্ষণ, প্ৰতিবাদকাৰীৰ “চোৰ” ধ্বনি

পশ্চিম বংগৰ পূৰ্বৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা...