ভাৰতত বৈদ্যুতিক গাড়ী নিৰ্মাণ প্ৰকল্প স্থাপন কৰিব টেছলাই

বৈদ্যুতিক গাড়ী নিৰ্মাতা টেছলাই ভাৰতত স্থাপন কৰিব দেশৰ প্ৰথমটো নিৰ্মাণ প্ৰকল্প। গুজৰাটত এই নিৰ্মাণ প্ৰকল্প স্থাপন কৰাৰ প্ৰস্তুতি চলাইছে ইলন মাস্কৰ এই বিদ্যুতিক গাড়ী নিৰ্মাণ প্ৰতিষ্ঠানটোৱে। অহা জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ভাইব্ৰেণ্ট গুজৰাট ছামিটত এই ঘোষণা কৰাৰ সম্ভাৱনা আছে। এই অনুষ্ঠানত টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া ইলন মাস্কো উপস্থিত থাকিব। বিভিন্ন ব্যৱসায়িক সম্ভাৱনা আৰু উপযুক্ত স্থানৰ কথা বিবেচনা কৰি গুজৰাটক টেছলাৰ নিৰ্মাণ কেন্দ্ৰৰূপে বাছনি কৰা হৈছে। ইয়াৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে সানন্দ, ভোলেৰা আৰু বেচাৰাজিকে ধৰি কেইবাটাও স্থান নিৰ্ধাৰণ কৰিছে। গুজৰাটত স্থাপন হ’বলগীয়া টেছলাৰ এই উৎপাদন কেন্দ্ৰৰ পৰাই বিভিন্ন দেশলৈ ৰপ্তানি কৰা হ’ব টেছলাৰ বৈদ্যুতিক গাড়ী। অৱশ্যে ইতিমধ্যে বৈদ্যুতিক গাড়ীৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰাজ সাহায্য প্ৰদান কৰা নহয় বুলি চৰকাৰে প্ৰকাশ কৰিছে যদিও টেছলাই সম্পূৰ্ণৰূপে নিৰ্মাণ কৰা গাড়ীৰ আমদানিৰ ক্ষেত্ৰত ১৫–২০ শতাংশ আমদানি শুল্ক ৰেহাই দিয়াৰ সম্ভাৱনা আছে।

ভাৰতত বৈদ্যুতিক গাড়ী নিৰ্মাণ প্ৰকল্প স্থাপন কৰিব টেছলাই
ভাৰতত স্থাপন কৰা এইটোৱেই হ’ব দেশৰ প্ৰথমটো নিৰ্মাণ প্ৰকল্প
গুজৰাটত এই নিৰ্মাণ প্ৰকল্প স্থাপন কৰাৰ প্ৰস্তুতি
অহা জানুৱাৰীত এই প্ৰকল্প ঘোষণা কৰাৰ সম্ভাৱনা
ভাইব্ৰেণ্ট গুজৰাট অনুষ্ঠানত ঘোষণা কৰা হ’ব এই কথা
টেছলাৰ CEO ইলন মাস্কো উপস্থিত থাকিব অনুষ্ঠানত
গুজৰাটৰ কেইবাটাও স্থান নিৰ্ধাৰণ কৰা হৈছে টেছলাৰ বাবে
ভাৰতত নিৰ্মিত বৈদ্যুতিক গাড়ী ৰপ্তানি কৰা হ’ব বিদেশলৈ

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ট্ৰাম্পৰ ‘বৃহৎ, সুন্দৰ বিল’ আইনত পৰিণত হ’লে ভাৰতলৈ ধন পঠিয়াবলৈ অতিৰিক্ত কৰ দিব লাগিব!

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নতুন অস্ত্ৰ ‘বিশাল সুন্দৰ বিল’ (ওৱান বিগ...

বিলাসী জীৱনশৈলী, সঘনাই বিদেশ ভ্ৰমণ! কোনে তাৰ বাবে ধন দিছিল জ্যোতি মালহোত্রাক?

দেশ-বিদেশত ঘূৰি ফুৰি জ্যোতি মালহোত্ৰা বিলাসবহুল হোটেলত থাকিছিল। বিমানৰ...

আইন অনুসৰি এজন ব্যক্তিয়ে ঘৰত কিমান নগদ ধন ৰাখিব পাৰে?

ৰাজনৈতিক নেতা বা উদ্যোগপতিৰ ঘৰত আয়কৰ বিভাগ, চিবিআই বা...

বাংলাদেশী সামগ্ৰীৰ আমদানি বন্ধ কৰিলে ভাৰতে; আলোচনাত বহিব বিচাৰিছে ইউনুছ চৰকাৰে

ভাৰত চৰকাৰে স্থলপথৰ জৰিয়তে বাংলাদেশৰ একাধিক পণ্যৰ আমদানি বন্ধ...