পৰেশ বৰুৱাই শান্তি চুক্তিক সমৰ্থন কৰিব বুলি আশাবাদী আলফা নেতৃত্ব

শান্তি চুক্তিৰ পিছত আলফা নেতৃত্বৰ সংবাদমেল
‘এই চুক্তি অসমৰ জনগণৰ নামত উৎসৰ্গা’
‘এয়া এক ঐতিহাসিক দিন’
‘৪৪ বছৰৰ সশস্ত্ৰ সংগ্ৰামৰ সামৰণি পৰিল’
প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙকো জনালে ধন্যবাদ
প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈকো জনালে ধন্যবাদ
প্ৰধানমন্ত্ৰী মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আলফা নেতৃত্বৰ
‘২০০৯ত পৰেশ বৰুৱাক বাদে সকলো নেতা গ্ৰেপ্তাৰ হৈছিল…’
‘তাৰ পিছত ৰাজনৈতিক যুদ্ধখনত আমি পৰাস্ত হৈছিলোঁ’
‘সন্মিলিত জাতীয় অভিৱৰ্তনৰ জৰিয়তে দাবী চনদ দাখিল কৰি আলোচনাত আগ বাঢ়িছিলোঁ’
‘অসমীয়াৰ সাংবিধানিক ৰক্ষাকৱচৰ বিষয়টোক লৈ অসুবিধাত পৰিছিলোঁ’
‘কাৰণ অসমীয়াৰ কোনো সংজ্ঞা নাছিল’
‘সেইবাবে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৰে আগ বঢ়াৰ সিদ্ধান্ত লৈছিলোঁ’
‘জনজাতিকৰণৰ বিষয়টো উত্থাপন কৰিবলৈ গৈ সমস্যাৰ সন্মুখীন হৈছিল আলফা’
আলফাৰ মতে সাধাৰণ শ্ৰেণীৰ মানুহেও দাবী উত্থাপন কৰিবলৈ লৈছিল জনজাতিকৰণৰ
মুখ্যমন্ত্ৰীৰ পৰামৰ্শমতে সমষ্টি পুনৰ্নিৰ্ধাৰণৰ বিষয়টো মূল বিষয় হিচাপে গ্ৰহণ কৰে আলফাই
‘সমষ্টিবোৰৰ জনগাঁথনি যাতে সলনি নহয়, লক্ষ্য ৰাখিব চৰকাৰে’
‘বৰ্তমান অসমত অসংৰক্ষিত অৱস্থাত আছে ১৪% ভূমিহে’
‘অসংৰক্ষিত ভূমি সংৰক্ষণ কৰাৰ প্ৰস্তাৱ চুক্তিত’
চুক্তিত আছে ৫ হাজাৰ কোটি টকাৰ বিশেষ পেকেজৰ কথা
বিভিন্ন উন্নয়নমূলক কামত ৫ বছৰৰ ভিতৰত এই ধনৰাশি দিয়াৰ কথা উল্লেখ চুক্তিত
৬০টা উন্নয়ন প্ৰকল্প ৰূপায়ণৰ প্ৰস্তাৱ সন্নিবিষ্ট চুক্তিত
গুৱাহাটীত IIM প্ৰতিষ্ঠাৰো প্ৰস্তাৱ সন্নিবিষ্ট চুক্তিত
ৰে’ল সামগ্ৰী নিৰ্মাণৰ কাৰখানা প্ৰতিষ্ঠাৰো প্ৰস্তাৱ
বান আৰু খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় পৰ্যায়ত গুৰুত্ব প্ৰদানৰ প্ৰস্তাৱ
অসমৰ ৰুগ্ন চাহ বাগিচাক পুনৰুদ্ধাৰৰো প্ৰস্তাৱ
চাহ খণ্ডৰ উন্নয়নৰ বাবে বিশেষ কমিটী গঠনৰ প্ৰস্তাৱ
চাহ উদ্যোগৰ সমস্যা অধ্যয়নৰ বাবে কমিটী গঠনৰ প্ৰস্তাৱ
অবৈধ অনুপ্ৰৱেশ প্ৰতিৰোধৰ বাবে সীমান্ত সুৰক্ষাক অধিক শক্তিশালী কৰাৰ পোষকতা
সমষ্টি পুনৰ্নিৰ্ধাৰণৰ জৰিয়তে খিলঞ্জীয়াৰ বাবে ৯৪টা সমষ্টি সুৰক্ষিত কৰাৰ প্ৰস্তাৱ
পৰেশ বৰুৱাই শান্তি চুক্তিক সমৰ্থন কৰিব বুলি আশাবাদী আলফা নেতৃত্ব
‘বৰ্তমানৰ পৰিস্থিতিত ৰাইজৰ স্বাৰ্থত সশস্ত্ৰ সংগ্ৰাম বিকল্প নহয়’
‘চুক্তিৰ জৰিয়তে NRCৰ আংশিক পুনৰীক্ষণ বিচাৰিছে আলফাই’
আলফাৰ মতে চুক্তিৰ বাহিৰে তেওঁলোকৰ হাতত নাছিল কোনো বিকল্প পথ

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ভাৰতৰ আক্ৰমণৰ পিছত সেনাৰ মুখ্য কাৰ্যালয় স্থানান্তৰিত কৰাৰ পৰিকল্পনা পাকিস্তানৰ

ভাৰতৰ আক্ৰমণত পাকিস্তানৰ নুৰ খান বিমান ঘাটিত হোৱা ব্যাপক...

আমেৰিকাক শূন্য শুল্ক দ্বিপাক্ষিক বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ পাকিস্তানৰ

পাকিস্তানে আমেৰিকাক নিৰ্বাচিত পণ্যৰ ওপৰত শূন্য শুল্কৰ দ্বিপাক্ষিক বাণিজ্য...

ভাৰত-ভূটান সীমান্ত এলেকাত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে তৎপৰতাৰে পদক্ষেপ ল’বলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ

জনতা ভৱনত স্বাস্থ্য বিভাগৰ কাম-কাজৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ স্বাস্থ্যমন্ত্ৰী...

ভাৰতত এপলৰ সামগ্ৰী বনোৱা বন্ধ কৰিবলৈ ট্ৰাম্পৰ প্ৰস্তাৱ

মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে Appleৰ CEO টিম কুকক ভাৰতত...