ইমাৰ্জেন্সিক লৈ নাম নোলোৱাকৈয়ে কংগ্ৰেছক সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

‘মন কী বাত’ অনুষ্ঠানত পুনৰ এবাৰ জৰুৰী অৱস্থাৰ প্ৰসঙ্গ উত্থাপন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নাম উল্লেখ নকৰাকৈ কংগ্ৰেছৰ ওপৰত আক্ৰমণ কৰে তেওঁ। দেওবাৰে মোদীৰ এই অনুষ্ঠানত গুৰুত্ব আৰোপ কৰা হৈছিল ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ দ্বাৰা জাৰি কৰা জৰুৰী অৱস্থাৰ ওপৰত। মোদীৰ দাবী, এই জৰুৰী অৱস্থা ইতিহাসৰ ক’লা অধ্যায়ৰ ভিতৰত এটা! তেওঁ কয়, “যিসকলে জৰুৰী অৱস্থা জাৰি কৰিছিল, তেওঁলোকে কেৱল সংবিধানৰ চেতনাৰ হত্যাই কৰা নাছিল, বৰঞ্চ দেশৰ ন্যায়ব্যৱস্থাকো পুতলাত পৰিণত কৰিছিল।”

১৯৭৫ চনত দেশত জৰুৰী অৱস্থা জাৰি হৈছিল। এই বছৰত জৰুৰী অৱস্থাৰ ৫০ বছৰ অতিক্ৰম কৰিছে। বিজেপিয়ে দেশজুৰি এই দিনটোক ‘সংবিধান হত্যা দিৱস’ হিচাপে পালন কৰিছে। সেই প্ৰসঙ্গ উল্লেখ কৰি মোদীয়ে দেওবাৰে ‘মন কী বাত’ অনুষ্ঠানত কয়, “আমি তেওঁলোকক স্মৰণ কৰিব লাগিব, যিসকলে জৰুৰী অৱস্থাৰ বিৰুদ্ধে সাহসেৰে যুঁজিছিল। এই সংগ্ৰামে আমাক সংবিধান ৰক্ষাৰ ক্ষেত্ৰত অধিক সতৰ্ক হ’বলৈ প্ৰেৰণা দিয়ে।”

দেওবাৰে ‘মন কী বাত’ অনুষ্ঠানৰ সময়ত দুজন প্ৰাক্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই আৰু অটলবিহাৰী বাজপেয়ীৰ জৰুৰী অৱস্থাৰ সময়ৰ অডিঅ’ বাৰ্তা শুনোৱা হৈছিল। সেই অডিঅ’ বাৰ্তাত বাজপেয়ীয়ে জৰুৰী অৱস্থাৰ সময়ত মানুহৰ ওপৰত হোৱা অত্যাচাৰৰ কথা বৰ্ণনা কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমে ভ্ৰমণ, তাৰ পিছত যুদ্ধ… গণৰাজ্য দিৱসৰ মুখ্য অতিথি হোৱা পাকিস্তানী নেতা দুজন কোন আছিল?

ভাৰতত গণৰাজ্য দিৱস উদযাপন কৰিবলৈ বিদেশী অতিথিক নিমন্ত্ৰণ কৰাৰ...

পদ্ম সন্মান লাভ কৰা ব্যক্তিয়ে কি কি লাভ কৰে? তিনিটা সন্মানৰ মাজত কি পাৰ্থক্য আছে?

ভাৰত চৰকাৰে প্ৰতি বছৰে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত পদ্ম সন্মান...

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘উল্লাস’ৰ এদিনীয়া কৰ্মশালা

গুৱাহাটী বিশ্ববিদ্যালয়ত 'উল্লাস'ৰ এদিনীয়া কৰ্মশালাঅনাখৰীজনো শিক্ষিত, সাক্ষৰ কৰিবলৈ লাগিব...

বৃহস্পতিবাৰে লাভ কৰিছিল চাকৰিৰ এপইণ্টমেণ্ট লেটাৰ, চাকৰিত যোগদান কৰা নহ’ল…তীব্ৰবেগী এম্বুলেঞ্চৰ খুন্দাত শেষ হৈ গ’ল সকলো

সৰস্বতী পূজাৰ দিনটোতেই গুৱাহাটীৰ কাহিলীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। এম্বুলেঞ্চৰ...