পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ এদিনপূৰ্বে পশ্চিমবংগত কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সোমবাৰে পশ্চিমবংগৰ কেইবাটাও সমষ্টিত নিৰ্বাচনী সভাত ভাগ লৈ প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছৰ লগতে তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকো আক্ৰমণৰ লক্ষ্য কৰি লয়। প্ৰধানমন্ত্ৰী মোদীয়ে সন্দেশখালীৰ ঘটনাৰ প্ৰসংগ উত্থাপন কৰি মমতাৰ লগতে তৃণমূলৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে উত্থাপন কৰে বিভিন্ন অভিযোগ। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও সৰৱ হৈ পৰে মোদীৰ লগতে বিজেপি নেতৃত্বৰ বিৰুদ্ধে।

পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
বংগৰ কেইবাটাও সমষ্টিত প্ৰচাৰ চলালে মোদীয়ে
প্ৰতিখন সভাতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক লক্ষ্য মোদীৰ
সন্দেশখালীৰ ঘটনাৰ বাবে তৃণমূলক জগৰীয়া প্ৰধানমন্ত্ৰীৰ
‘সন্দেশখালীৰ মহিলাক ভীতিগ্ৰস্ত কৰিছে তৃণমূলৰ ‘গুণ্ডা’ই
‘তৃণমূলৰ আমোলত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ পৰিছে হিন্দুসকল’
‘মোদী থকালৈকে কোনেও বাতিল কৰিব নোৱাৰে CAA’

লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে ইখনৰ পিছত সিখন ৰাজ্যত ব্যস্ত হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে সোমবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিমবংগত ৪খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ভোটাৰত আকৃষ্ট কৰাৰ চেষ্টা চলায়। প্ৰতিখন সভাতে তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক আক্ৰমণৰ লক্ষ্য কৰি লয় মোদীয়ে। ভাষণ প্ৰসংগত সন্দেশখালীৰ ঘটনাৰ আঁত ধৰি প্ৰধানমন্ত্ৰী মোদীয়ে তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে উত্থাপন কৰে কেইবাটাও গুৰুতৰ অভিযোগ। তৃণমূল কংগ্ৰেছে ভোট বেংকৰ ৰাজনীতি কৰি অহা বুলি উল্লেখ কৰি মোদীয়ে লগতে অভিযোগ কৰে যে তৃণমূলৰ একাংশ গুণ্ডা প্ৰকৃতিৰ নেতাৰ বাবেই ভীতিগ্ৰস্ত হৈ পৰিছে সন্দেশখালীৰ মহিলাসকল। এই ঘটনাত তৃণমূলৰ একাংশ নেতাৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হোৱাৰ পিছতো তৃণমূল কংগ্ৰেছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰিৱৰ্তে সুৰক্ষাহে প্ৰদান কৰি আহিছে।

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীয়ে হিন্দুসকলৰ প্ৰসংগ উত্থাপন কৰি কয় যে, পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ শাসনত হিন্দুসকল দ্বিতীয় শ্ৰেণীৰ নাগৰিকলৈ ৰূপান্তৰিত হৈছে। মোদীয়ে লগতে ৰাজ্যবাসীক আশ্বাস প্ৰদান কৰে যে, তেওঁ থকালৈকে নাগৰিকত্ব সংশোধনী আইন কোনেও বাতিল কৰিব নোৱাৰে।

তৃণমূলৰ শাসনৰ বিৰুদ্ধে সৰৱ মোদী
‘তৃণমূলৰ আমোলত দুৰ্নীতিৰ ভূস্বৰ্গ হৈ পৰিছে বংগ’
‘বংগত বোমা নিৰ্মাণ হৈ পৰিছে কুটীৰ শিল্প’
‘ভোট বেংক ৰাজনীতিৰ ওচৰত পৰাজিত হৈছে শাসন ব্যৱস্থা’

তৃণমূল কংগ্ৰেছৰ আমোলত পশ্চিমবংগ দুৰ্নীতিৰ ভূস্বৰ্গলৈ ৰূপান্তৰিত হোৱা বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, হিংসাক প্ৰশ্ৰয় দিবলৈ ৰাজ্যবাসীক উৎসাহিত কৰি আহিছে তৃণমূল কংগ্ৰেছে। মমতা বেনাৰ্জীৰ আমোলত সমগ্ৰ পশ্চিমবংগ দুৰ্নীতিৰ ভূস্বৰ্গ হৈ পৰা বুলি মন্তব্য কৰি মোদীয়ে লগতে অভিযোগ কৰে যে ভোট বেংকৰ ৰাজনীতিৰ সন্মুখত নিৰ্লজ্জভাৱে আত্মসমৰ্পন কৰিবলৈ বাধ্য হৈছে শাসন ব্যৱস্থা। ভাষণ প্ৰসংগত মোদীয়ে বিৰোধীৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ প্ৰসংগও উল্লেখ কৰে।

আনহাতে মোদীৰ মন্তব্যৰ বিৰোধিতা কৰি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে সন্দেশখালীক লৈ প্ৰধানমন্ত্ৰীয়ে পুনৰ মিথ্যাচাৰৰ আশ্ৰয় লৈছে। উত্তৰ ২৪ পৰগনাৰ আমডাঙাত এক নিৰ্বাচনী সভাত ভাষণ দি মমতাই প্ৰধানমন্ত্ৰী মোদীলৈ প্ৰশ্ন কৰে– সন্দেশখালীক লৈ প্ৰতিমুহূৰ্ততে সৰৱ হৈ থকা মোদীয়ে ৰাজ্যপাল চি ভি আনন্দ বোসৰ বিৰুদ্ধে উত্থাপিত হোৱা যৌন নিৰ্যাতনৰ অভিযোগ সম্পৰ্কত মৌন কিয়? উন্নয়নৰ নামত বিজেপিৰ লগতে মোদীয়েও ৰাইজক আভুৱা ভাৰি অহা বুলি অভিযোগ কৰে মুখ্যমন্ত্ৰী মমতাই।

লোকসভা নিৰ্বাচনৰ বাবে প্ৰতিটো দলৰ শীৰ্ষ নেতৃত্বই নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰাৰ লগতে পৰস্পৰৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি আহিছে। নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ লগতে সোমবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৰোড শ্ব’ত অংশগ্ৰহণ কৰি তৃণমূলৰ অপশাসনৰ পৰা মুক্ত হ’বলৈ বিজেপিৰ সপক্ষে ভোটদানৰ বাবে জনসাধাৰণক আহ্বান জনায়। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও বিজেপিৰ মিথ্যাচাৰত ভোল নগৈ তৃণমূল কংগ্ৰেছক আকৌ এবাৰ আকোঁৱালি লোৱাৰ বাবে ৰাজ্যবাসীক আহ্বান জনায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

নিচাসক্ত স্বামীৰ হাতত প্ৰাণ গ’ল পত্নীৰ। পত্নীক ডিঙি চেপি হত্যাৰ অভিযোগ স্বামী পুষ্প গগৈ বিৰুদ্ধে

দুলীয়াজানত পাৰিবাৰিক সংঘাতৰ বিষম পৰিণতি । স্বামীয়ে ডিঙি চেপি...

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সম্পাদক হিচাপে নিৰ্বাচিত দেৱজিৎ শইকীয়াক অসম ক্ৰিকেট সন্থাৰ অভিনন্দন

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সম্পাদক হিচাপে নিৰ্বাচিত হোৱা দেৱজিৎ...

সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিবৰ্গৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দিছপুৰস্থিত জনতা ভৱন পৰিসৰৰ...

বন্ধুৰ হাততেই প্ৰাণ গ’ল বন্ধুৰ

কাক বিশ্বাস কৰিব মানুহে? এইবাৰ বন্ধুৰ হাততেই প্ৰাণ গ'ল...