লিটাৰত ৪০ টকালৈকে কমিল মিঠাতেলৰ দাম, বছৰটোৰ অন্তিম দিনা অত্যন্ত ভাল খবৰ

নৱবৰ্ষৰ প্ৰাক্ মুহূৰ্তত অত্যন্ত ভাল খবৰ। দেশত প্ৰতিলিটাৰ মিঠাতেলৰ দাম ৩০ টকাৰ পৰা ৪০ টকাপৰ্যন্ত হ্ৰাস পাইছে। নতুন নিৰিখত যাতে গ্ৰাহকে মিঠাতেল লাভ কৰে তাক নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ সচিব ড০ সুধাংশু পাণ্ডেই প্ৰতিখন ৰাজ্যলৈ নিৰ্দেশনা জাৰি কৰিছে। কেন্দ্ৰীয় সচিবগৰাকীয়ে সদৰি কৰা অনুসৰি মিঠাতেলৰ ওপৰত থকা ৰপ্তানি শুল্ক কেন্দ্ৰীয় চৰকাৰে প্ৰায় প্ৰত্যাহাৰ কৰিছে। তাৰ ফলত মিঠাতেলৰ দৰ ১৫ৰ পৰা ২০ শতাংশলৈকে হ্ৰাস পাইছে। ইয়াৰ লগে লগে প্ৰায়সংখ্যক আগশাৰীৰ মিঠাতেলৰ ব্ৰেণ্ডে প্ৰতি লিটাৰত ৩০ৰ পৰা ৪০ টকাপৰ্যন্ত হ্ৰাস কৰিছে। মূল্যবৃদ্ধিয়ে জুৰুলা কৰা গ্ৰাহকৰ বাবে নিশ্চয় এয়া এক ইতিবাচক খবৰ

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...