লিটাৰত ৪০ টকালৈকে কমিল মিঠাতেলৰ দাম, বছৰটোৰ অন্তিম দিনা অত্যন্ত ভাল খবৰ

নৱবৰ্ষৰ প্ৰাক্ মুহূৰ্তত অত্যন্ত ভাল খবৰ। দেশত প্ৰতিলিটাৰ মিঠাতেলৰ দাম ৩০ টকাৰ পৰা ৪০ টকাপৰ্যন্ত হ্ৰাস পাইছে। নতুন নিৰিখত যাতে গ্ৰাহকে মিঠাতেল লাভ কৰে তাক নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ সচিব ড০ সুধাংশু পাণ্ডেই প্ৰতিখন ৰাজ্যলৈ নিৰ্দেশনা জাৰি কৰিছে। কেন্দ্ৰীয় সচিবগৰাকীয়ে সদৰি কৰা অনুসৰি মিঠাতেলৰ ওপৰত থকা ৰপ্তানি শুল্ক কেন্দ্ৰীয় চৰকাৰে প্ৰায় প্ৰত্যাহাৰ কৰিছে। তাৰ ফলত মিঠাতেলৰ দৰ ১৫ৰ পৰা ২০ শতাংশলৈকে হ্ৰাস পাইছে। ইয়াৰ লগে লগে প্ৰায়সংখ্যক আগশাৰীৰ মিঠাতেলৰ ব্ৰেণ্ডে প্ৰতি লিটাৰত ৩০ৰ পৰা ৪০ টকাপৰ্যন্ত হ্ৰাস কৰিছে। মূল্যবৃদ্ধিয়ে জুৰুলা কৰা গ্ৰাহকৰ বাবে নিশ্চয় এয়া এক ইতিবাচক খবৰ

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...