বিনামূল্যে পৰ্যটকৰ সৈতে যৌন সম্পৰ্কত লিপ্ত হয় মহিলাসকল, এইখন বিশ্বৰ বিচিত্ৰ পৃথিৱী

বিনামূল্যে পৰ্যটকসকলৰ সৈতে শাৰীৰিক সম্পৰ্কত লিপ্ত মহিলাসকল। শুনিবলৈ আচহুৱা যেন লাগিলেও এইখন বিশ্বৰে এটা প্ৰান্তত এই পৰম্পৰা অটুট আছে। নামিবিয়াৰ উত্তৰ-পশ্চিম অংশত উপত্যকাৰে আৱৰি থকা প্ৰান্ত হৈছে কিনেন। অপুয়ো হৈছে কিউনেনৰ ৰাজধানী। আধুনিক সভ্যতাৰ সকলো সুবিধাৰ পৰা বঞ্চিত হৈ প্ৰায় ১২ হাজাৰ লোক আজিও বসবাস কৰে।

অপুয়ো অঞ্চলত অভাহিম্বা বা হিম্বা সম্প্ৰদায়ৰ লোক বাস কৰে, যি হৈছে প্ৰাচীন আফ্ৰিকাৰ বাসিন্দা। অপুয়োৰ এমূৰত আধুনিক জীৱনৰ স্পৰ্শ আছে যদিও আন এটা অংশ সম্পূৰ্ণ গ্ৰাম্য। এই প্ৰদেশৰ মহিলাসকলক পানী স্পৰ্শ কৰিবলৈও নিষেধ কৰা হয়। মৰুভূমিৰ গৰম, কম নৰ্দমা আৰু পৰ্যাপ্ত খোৱাপানীৰ অভাৱত পানীবিহীন গা ধোৱাৰ প্ৰথা প্ৰচলন এই অঞ্চলটোত। এই জনজাতীয় মহিলাসকলে যাতে কোনো ধৰণে পানী জমা নাৰাখে তাৰ বাবে নিৰ্দেশনাও দিয়া হয়।

আনকি তীব্ৰ খৰাঙৰ মাজতো, গা ধোৱা নুধুৱাকৈ পাৰ কৰে। কেৱল পুৰুষেহে পানী ব্যৱহাৰ কৰে। কিন্তু হিম্বা মহিলাসকলে পানীৰে গা নুধুলেও ব্যক্তিগত পৰিচ্ছন্নতা বজাই ৰাখিবলৈ প্ৰতিদিনে ধোঁৱা স্নান কৰে। মুখ্যতঃ মিম্ফোৰা গছৰ পাত জ্বলাই দিয়ে আৰু সেই ধোঁৱাৰে গা ধুৱে। যি ধোঁৱাৰ পৰা তাপ লয় আৰু তাপে বীজাণু ধ্বংস কৰে। কোমিফোৰা নামৰ গছৰ পাতবোৰ সুগন্ধি হিচাপে ব্যৱহাৰ কৰে। ই ক্ষতিকাৰক বেক্টেৰিয়া হত্যা কৰাতো সহায় কৰে। আৰু এনে গুণাগুণ থকা উপাদানবোৰ পানীৰে গা ধোৱাৰ বিকল্প হিচাপে ব্যৱহাৰ কৰে।

আটাইতকৈ আচৰিত কথাটো হৈছে হিম্বা মহিলাসকলে তেওঁলোকৰ গাঁৱলৈ অহা বিদেশী পুৰুষৰ সৈতে শাৰীৰিক সম্পৰ্কত লিপ্ত হয়। সেইটোও আকৌ সম্পূৰ্ণ মুকলিভাবে। আফ্ৰিকাৰ সংবাদ সংস্থা ফেচটোফেচ আফ্ৰিকা আৰু গাৰ্ডিয়ান নাইজেৰিয়াই এনে তথ্য প্ৰকাশ কৰিছে। আমেৰিকান গৱেষণা প্ৰতিষ্ঠান ESRIৰ মতে, হিম্বাদৰ বহুতো গাঁৱত পুৰুষৰ অভাৱ স্পষ্ট। ইয়াৰ কাৰণ হ’ল হিম্বা ডেকা ল’ৰাবোৰে কামৰ সন্ধানত চহৰলৈ ওলাই আহিছে। এনে কিছুমান গাঁৱো আছে য’ত কোনো পুৰুষ নাই।

হিম্বাদৰ আন এটা আকৰ্ষণীয় কথা হ’ল যে হিম্বাদৰ চুলিৰ ষ্টাইল আৰু শৰীৰৰ অলংকাৰৰ প্ৰকাৰ চাই বয়স আৰু সামাজিক স্থিতি চিনাক্ত কৰাৰ পৰম্পৰা আছে। হিম্বা শিশুৰ মূৰত বা ওপৰৰ অংশত ঘূৰণীয়া চুলি থাকে। ডেকা ল’ৰাবোৰে সন্মুখৰ পৰা মূৰৰ পিছফাললৈ সামান্য চুলি মাজত ৰাখে। কণ কণ ছোৱালীবোৰৰ বাবে মূৰৰ সন্মুখত বেণী গুঠি দিয়া হয়। কিশোৰীবোৰে যৌৱনপ্ৰাপ্তিলৈকে এনেকৈয়ে চুলি ৰাখে।

নতুনকৈ বিবাহপাশত আৱদ্ধ হোৱা আৰু কেঁচুৱা জন্ম দিয়া প্ৰসূতিয়ে মূৰত এৰাম্বি নামৰ এটা বিশেষ পদ্ধতি অনুসৰণ কৰে। অবিবাহিত যুৱক-যুৱতীসকলে মূৰৰ পিছফালে প্ৰসাৰিত এক প্ৰকাৰৰ প্লেট পিন্ধিব লাগে। হিম্বা ছোৱালীয়ে ১০ বছৰ বয়সতে বিবাহপাশত আৱদ্ধ হৈছিল। বিবাহিত মহিলাসকলে মূৰত উচ্চ স্কাৰ্ফ ব্যৱহাৰ কৰে আৰু পুৰুষসকলে মূৰত এক প্ৰকাৰৰ টুপী ব্যৱহাৰ কৰে।

বিয়াৰ পূৰ্বে কইনাই স্বামীলৈ উপহাৰ হিচাপে কিছুমান বিশেষ সামগ্ৰী পঠিওৱাৰ পৰম্পৰা আছে। হিম্বা পুৰুষৰ অতি কমেও দুগৰাকী পত্নী থাকে। যদি প্ৰথম পত্নীয়ে দ্বিতীয় বিবাহৰ পূৰ্বে উপযুক্ত ঘৰ এটা নিৰ্মাণ কৰে, দ্বিতীয় বিবাহৰ ওপৰত কোনো বাধা নাই। হিম্বা সমাজত বিবাহৰ পিছতহে এজন ল’ৰাক এজন নিখুঁত পুৰুষ বুলি গণ্য কৰা হয়।

আনফালে এগৰাকী হিম্বা মহিলাক সন্তান নোহোৱালৈকে এগৰাকী নিখুঁত মহিলা বুলি গণ্য কৰা নহয়। ইয়াত ছোৱালীবোৰে সাধাৰণতে নিজৰ পচন্দৰ দ্বাৰা নহয়, দেউতাকৰ পছন্দৰ মতেহে বিয়া কৰিব লাগে।

হিম্বৰাসকলে একেশ্বৰবাদত বিশ্বাস কৰে, উপাস্য দেৱতাৰ নাম মুকুৰু। তেওঁলোকে বিশ্বাস কৰে যে দেৱতা মুকুৰু বিভিন্ন ক্ষেত্ৰত কাম কৰাত ব্যস্ত! দেৱতা মুকুৰুৱে কেৱল আশীৰ্বাদ দিয়ে আৰু কেতিয়াও কাকো অভিশাপ নিদিয়ে। কিন্তু মুকুৰুৰ দায়িত্ব পালন কৰা পূৰ্বপুৰুষসকলে আশীৰ্বাদ আৰু অভিশাপ দুয়োটাই দিব পাৰে বুলি বিশ্বাস কৰে।

চিৰাচৰিতভাবে হিম্বাদসকলৰ শাৰীৰিক গঠন বহুত শক্তিশালী। বিশেষকৈ মহিলাসকলৰ শাৰীৰিক গঠন আৰু উচ্চতা অসাধাৰণ। এই সমাজত আধুনিক পোছাক প্ৰায় বিৰল। হিম্বা পুৰুষ আৰু মহিলাই তলৰ হাত-ভৰিত ভেড়াৰ ছালৰে নিৰ্মিত এক প্ৰকাৰৰ স্কাৰ্ট পিন্ধে। মহিলাসকলক ডিঙিত পৰম্পৰাগত অলংকাৰ আৰু নিজৰ ধৰণে গৰুৰ ছালৰে নিৰ্মিত চেণ্ডেল পিন্ধা দেখা যায়।

অৱশ্যে আফ্ৰিকাৰ আন জনজাতিৰ দৰে তেওঁলোকে শৰীৰটো কোনো দাগেৰে আঘাত নকৰে। মহিলাসকল অতি ৰূপৱতী নহ’লেও অত্যন্ত গুণৱতী। এই মহিলাসকল বহুত পৰিশ্ৰমী। পৰম্পৰাগত অলংকাৰ প্ৰস্তুত আৰু বিক্ৰীৰ লগতে শৰীৰৰ যত্ন লোৱাতো বহু সময় কটায় এই মহিলাসকলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সম্পৰ্কবোৰত ঘুণে ধৰিছে নেকি!

পত্নী নিৰুদ্দেশ হোৱা বুলি ফেচবুকত পোষ্ট নেতা নৰেন তাঁতীৰ।...

ইৰাণৰ সৈতে সংঘৰ্ষৰ মাজতে গাজা আক্ৰমণ ইজৰাইলৰ

ইৰাণৰ সৈতে চলি থকা সংঘাতৰ মাজতো ইজৰাইলে গাজাত আক্ৰমণ...

শিশুৰ মাজত দায়িত্ববোধৰ অভাৱ? সমাধানৰ উপায় দিলে ছানী লিয়নে

অভিনয়ত সময় দিয়াৰ লগতে অভিনেত্ৰী ছানী লিয়নে তেওঁৰ পৰিয়ালৰ...

ট্ৰাম্পৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱত ইজৰাইলৰ সন্মতি, ইৰাণৰ অৱস্থান এতিয়াও অস্পষ্ট

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰস্তাৱিত যুদ্ধবিৰতিত ইজৰাইলে সন্মতি জনাইছে।...