ক’ভিড আৰু গৰ্ভৱতী মহিলা

গৰ্ভাৱস্থাই ক’ভিড-১৯ সংক্ৰমণৰ পৰিস্থিতিত গুৰুতৰ যত্নৰ প্ৰয়োজন বৃদ্ধি কৰিছে নেকি?

যদি গুৰুতৰ হয়, ক’ভিড-১৯য়ে গৰ্ভাৱস্থাৰ সময়ত বহুতো জটিলতা আনিব পাৰে, বিশেষকৈ যেতিয়া সংক্ৰমণ শেষৰ ত্ৰৈমাসিকত ঘটে। এয়া হয় কিছুমান গৰ্ভাৱস্থা-সম্বন্ধীয় শাৰীৰিক পৰিৱৰ্তন আৰু বৰ্ধিত জৰায়ুৰ দৰে পৰিৱৰ্তনৰ বাবে যি গৰ্ভৱতী মহিলাসকলৰ মধ্যচ্ছেদাত হেঁচা দিয়ে যাৰ ফলত অক্সিজেন স্তৰৰ হ্ৰাসৰ সৈতে যুঁজাৰ ক্ষমতা কমি আহে। এনে জটিলতাৰ বাবে অতিৰিক্ত যত্নৰ প্ৰয়োজন বৃদ্ধি হয়।

ক’ভিড-১৯য়ে গুৰুতৰ অসুস্থতা আৰু মৃত্যুৰ এক বধিত শংকা প্ৰদান কৰে নেকি গৰ্ভৱতী মহিলাসকলৰ বাবে?

হয়, গৰ্ভাৱস্থাত সৃষ্টি হ’ব পৰা জটিলতা মাতৃ আৰু শিশু দুয়োৰে বাবে মাৰাত্মক হ’ব পাৰে। 

Tips to Stay Comfortable During Your Pregnancy | UPMC HealthBeat

ভ্ৰূণ আৰু নৱজাতকৰ ওপৰত ক’ভিড-১৯ৰ কি প্ৰভাৱ থাকিব পাৰে?

যদি মাতৃ এগৰাকীৰ উচ্চ জ্বৰ বা হাইপক্সিয়া থাকে, অৰ্থাৎ তেজত অক্সিজেন স্তৰৰ হ্ৰাস, তেন্তে অকাল জন্মৰ উচ্চ সম্ভাৱনা থাকে। আৰু যেতিয়া অকাল জন্ম হয়, শিশু এটাই বহুতো স্বাস্থ্য সমস্যাৰ সন্মুখীন হ’ব পাৰে – যদি হাঁওফাঁও সম্পূৰ্ণৰূপে বিকাশ নহয়, তেন্তে শ্বসনৰ সমস্যা হ’ব পাৰে; কেতিয়াবা এনে শিশুসকলে মুখেৰে খাদ্য গ্ৰহণ কৰিব নোৱাৰে; মগজুত ৰক্তক্ষৰণৰ সম্ভাৱনা থাকে, আদি।

দ্বিতীয়তে, গৰ্ভৱতী মাতৃসকলৰ ওপৰত ক’ভিড-১৯ৰ কিছুমান পৰোক্ষ প্ৰভাৱ থাকে। উদাহৰণস্বৰূপে, যদি তেওঁ চিকিৎসালৰ পৰা ক’ভিড আক্ৰান্ত হোৱাৰ ভয়ত বা পৰিবহনৰ অসুবিধাৰ বাবে চিকিৎসা গ্ৰহণত পলম হয়, বা চিকিৎসালয়ত যত্ন প্ৰাপ্তিত পলম হয় কাৰণ সেয়া এক ক’ভিড যত্ন কেন্দ্ৰ নহয় তেন্তে ইয়াৰ প্ৰতিকূল প্ৰভাৱ পৰিব পাৰে মাতৃ আৰু শিশু দুয়োৰে ওপৰত।

গৰ্ভৱতী ৰোগীসকলক ম’ন’ক্ল’নেল এণ্টিবডি এক চিকিৎসা বিকল্প হিচাপে ব্যৱহাৰ কৰিব লাগে নে?

যিকোনো প্ৰকাৰৰ চিকিৎসা যি উল্লেখিত, প্ৰমাণ-ভিত্তিক আৰু মাতৃক ৰক্ষা কৰাৰ বাবে গুৰুত্বপূৰ্ণ, সংযত কৰিব নালাগে। সুবিধাবোৰ শংকাতকৈ অধিক হ’ব লাগে। ম’ন’ক্ল’নেল এণ্টিবডি মানুষিক ভিত্তিত প্ৰদান কৰিব পৰা যায়।

ক’ভিড-১৯ সংক্ৰমণ সন্দেহ বা নিশ্চিত হোৱা গৰ্ভৱতী বা প্ৰসৱোত্তৰ মহিলাসকলৰ ক্ষেত্ৰত কিদৰে থ্ৰম্ব’প্ৰফাইলেক্সিছৰ পৰিচালন কৰিব লাগে।

গৰ্ভৱস্থা এক অৱস্থা যি মহিলা এগৰাকীক থ্ৰম্ব’ছিছৰ প্ৰতি অসুৰক্ষিত কৰে আৰু ক’ভিড-১৯য়েও থ্ৰম্ব’ছিছৰ প্ৰতি অসুৰক্ষিত কৰে। অলক্ষণীয় গৰ্ভৱতী মহিলাসকলৰ বাবে যাৰ মৃদু কোভিড থ্ৰম্ব’প্ৰফাইলেক্সিছৰ আছে, কোনো চিকিৎসা উল্লেখ কৰা হোৱা নাই। এয়া সকলো কোভিড-ধনাত্মক গৰ্ভৱতী মহিলা আৰু কেৱল জন্মদানৰ বাবে ভৰ্তি হোৱাসকলৰ এক নিয়মীয়া চিকিৎসা হিচাপে দিয়া নহয়। কিন্তু, যদি গৰ্ভাৱস্থাৰ সময়ত, মধ্যমৰ পৰা গুৰুতৰ কোভিড থাকে, তেন্তে থ্ৰম্ব’প্ৰফাইলেক্সিছ চিকিৎসা কোভিড পৰিচালনৰ এক অংশ হয়।

The Importance of Maternal Health During Pregnancy | Riverside

সাধাৰণ পৰিস্থিতো, আমি আমাৰ সকলো ৰোগীৰ পৰীক্ষা কৰোঁ প্ৰসৱপূৰ্ব আৰু প্ৰসৱোত্তৰ সময়ত থ্ৰম্ব’ছিছৰ শংকাৰ বাবে। যদি এগৰাকী মহিলাৰ উচ্চ শংকা থাকে থ্ৰম্ব’এম্ব’লিজমৰ, যেনে যিসকল উচ্চ চাপ থকা, ডায়েবেটিক্‌, মেদবহুল, বা সেয়া এক আইভিএফ গৰ্ভধাৰণ, বা চিকিৎসালয়ত ভৰ্তি হোৱাৰ প্ৰয়োজন থকা এক গুৰুতৰ সংক্ৰমণ থকা, আমি  থ্ৰম্ব’প্ৰফাইলেক্সিছ চিকিৎসাৰ বিবেচনা কৰোঁ। আমি অধিক সাৱধান হ’ব লাগিব ক’ভিড সংক্ৰমিত গৰ্ভৱতী আৰু প্ৰসৱোত্তৰ মহিলাসকলৰ  থ্ৰম্ব’প্ৰফাইলেক্সিছৰ প্ৰয়োজন বিশ্লেষণ কৰাৰ বিষয়ে।

আন প্ৰতিষেধক পৰীক্ষাৰ দৰে, ক’ভিড-১৯ৰ বাবে মনোনিত প্ৰতিষেধকৰ পৰীক্ষাত গৰ্ভৱতী মহিলাক অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। গৰ্ভৱতী মহিলাৰ বাবে টীকাকৰণ নিৰাপদ নে?

প্ৰাৰম্ভিকভাৱে, কোনো প্ৰতিষেধক পৰীক্ষাত শিশু আৰু গৰ্ভৱতী মহিলাক অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। কিন্তু, এনে কিছুমান মহিলা থাকিব পাৰে যিসকলে পৰীক্ষামূলক প্ৰতিষেধক লৈছিল এয়া নাজানি যে তেওঁলোক গৰ্ভৱতী। মডাৰ্ণা, ফাইজাৰ আৰু জ’নচন এণ্ড জ’নচন প্ৰতিষেধকৰ ক্ষেত্ৰত, তেওঁলোকে এনে মহিলাসকলৰ সৈতে যোগাযোগ কৰি পাইছিল যে প্ৰতিষেধকটোৱে মাতৃ বা শিশুৰ কোনো ক্ষতি কৰা নাছিল। তদুপৰি, বৰ্তমান পৰিস্থিতিত, টীকাকৰণৰ শংকা বনাম সুবিধাত, সুবিধাবোৰ ইয়াৰ সৈতে জড়িত শংকাবোৰতকৈ বহুগুণ অধিক। আৰু লগতে, চৰকাৰে ক’ভিড-১৯ৰ বিৰুদ্ধে গৰ্ভৱতী মহিলাৰ টীকাকৰণ কৰোৱাৰ সিদ্ধান্ত লৈছে।

Treating for Two: Medicine and Pregnancy | CDC

গৰ্ভাৱস্থাত, এগৰাকী মহিলাই আন কি সাৱধানতা অৱলম্বন কৰিব লাগে ক’ভিড প্ৰতিৰোধ কৰিবলৈ?

আমি পৰামৰ্শ দিওঁ যে এগৰাকী গৰ্ভৱতী মহিলাই নিজৰ পৰিয়ালৰ সদস্যসকলৰ মাজত ঘৰত থকা সময়তো মাস্ক পৰিধান কৰিব লাগে আৰু শাৰীৰিক দূৰত্ব ৰক্ষা কৰিব লাগে। এয়া হৈছে কাৰণ তেওঁ যদিও ঘৰতেই আছে তথাপি কামলৈ যোৱা পৰিয়ালৰ আন সদস্যসকলৰ পৰা সংক্ৰমিত হ’ব পাৰে। সেয়ে, মহিলাগৰাকীয়ে সকলো ক’ভিড-উপযুক্ত সাৱধানতা অৱলম্বন কৰিব লাগে গৰ্ভাৱস্থা আৰু জন্মদানৰ পিছত নিজকে আৰু নিজৰ শিশুক সংক্ৰমণ আৰু ইয়াৰ সম্বন্ধীয় জটিলতাৰ পৰা ৰক্ষা কৰিবলৈ। বেবি চাৱাৰ (গ’ডভাৰায়ি) আৰু জন্মদানৰ পিছৰ আন সামাজিক অনুষ্ঠান এৰি চলিব লাগে।

ক’ভিডৰ পৰা জন্ম বিকাৰ ঘটে নেকি?

এয়া জানিবলৈ বিস্তৃত অধ্যয়নৰ প্ৰয়োজন। এতিয়ালৈকে আমাৰ ওচৰত কোনো প্ৰমাণ নাই যে কোভিড সংক্ৰমণৰ বাবে জন্ম বিকাৰ ঘটে। কিন্তু আমি পৰীক্ষা কৰা বেছিভাগ তথ্য হৈছে এনে মহিলাসকলৰ পৰা যিসকলে ক’ভিড-১৯ত আক্ৰান্ত হৈছিল গৰ্ভধাৰণৰ দ্বিতীয় বা তৃতীয় ত্ৰৈমাসিকত। জন্ম বিকাৰ সাধাৰণতে ঘটে যদি মাতৃগৰাকীয়ে গৰ্ভধাৰণৰ আৰম্ভণিত ভাগত কোনো সংক্ৰমণত আক্ৰান্ত হয়। সেয়ে, এই প্ৰশ্নৰ উত্তৰ দিবলৈ আমাৰ অধিক তথ্যৰ প্ৰয়োজন হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

উৎকট গৰম : শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান

শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান : সদৌ অসম সন্মিলিত...

আৰ ই চি বক্সিং: মহিলা এলিট শাখাৰ কোৱাৰ্টাৰত প্ৰৱেশ অসমৰ আঠ বক্সাৰৰ

অসমৰ পুৰুষৰ লগতে মহিলা বক্সাৰেও গুৱাহাটীত চলি থকা আৰ...

NRCৰ সময়ত যিসকলৰ বায়’মেট্ৰিক বন্ধ হৈছিল, তেওঁলোকে কিদৰে আধাৰ কাৰ্ড লাভ কৰিব?

UIDAIয়ে ৯.৩৫ লাখ NRC-BME স্থগিত ৰখা অসমৰ আবেদনৰ বাবে...

চর্জুন হান্সেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্রদান

ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাৰ এখন...