ধাৰাসাৰ বৰষুণৰ মাজতে সকলো বিদ্যালয় বন্ধ ঘোষণা প্ৰশাসনৰ

বিগত কেইবাদিনো ধৰি উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজত অব্যাহত আছে মুষলধাৰ বৰষুণ। ধাৰাসাৰ বৰষুণৰ ফলত একপ্ৰকাৰ ব্যাহত হৈ পৰিছে জিলাখনৰ জনজীৱন। কৰেলীকে ধৰি কেইবাটাও অঞ্চলত বৰষুণৰ ফলত সৃষ্টি হৈছে কৃত্ৰিম বানৰো। বহু লোকে নিজৰ ঘৰ এৰি আশ্ৰয় ল’বলগা হৈছে নিৰাপদ স্থানত।

ঠায়ে ঠায়ে ৰাজপথত নাৱৰ জৰিয়তে যাত্ৰা কৰিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছে। আৰক্ষী আৰু NDRFৰ লোকেও চলাইছে উদ্ধাৰ অভিযান। গংগা আৰু যমুনা নদীৰ জলস্তৰ বৃদ্ধি পোৱাত প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা হৈছে সতৰ্কতা।

ইয়াৰ মাজতে আজিৰ দিনটোত অৰ্থাৎ ১৮ আগষ্টৰ দিনটোত জিলাখনৰ সকলো বিদ্যালয় ঘোষণা কৰিছে প্ৰশাসনে। প্ৰাক-প্ৰাথমিকৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সকলো বিদ্যালয় বন্ধ ঘোষণা কৰিছে প্ৰশাসনে।

ডিজিটেল ডেস্ক | প্ৰাঞ্জলজ্যোতি গগৈ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...

অমৃতপ্ৰভা, সন্দীপনৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব অসম চৰকাৰ; SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ ঘোষণা

অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ...