ভাৰতীয় বেটাৰ ঋষভ পণ্টৰ ইতিহাস ৰচনা, ১০০টা ছয় সম্পূৰ্ণ কৰা প্ৰথমজন ভাৰতীয় বেটাৰ হিচাপে নতুন অভিলেখ

শ্ৰীলংকাৰ বিৰুদ্ধে গালেত চলি থকা প্ৰথমখন টেষ্টৰ চতুৰ্থ দিনা এক বিশেষ কৃতিত্ব অৰ্জন কৰিলে ভাৰতীয় উইকেটকীপাৰ-বেটাৰ ঋষভ পণ্টে। টেষ্ট ক্ৰিকেটৰ ইতিহাসত ১০০টা ছয় সম্পূৰ্ণ কৰা প্ৰথমজন ভাৰতীয় বেটাৰ হিচাপে নতুন অভিলেখ গঢ়িলে পণ্টে। দ্ৰুতগতিত অৰ্ধশতক অৰ্জন কৰি পণ্টে কেৰিয়াৰৰ ২০সংখ্যক টেষ্ট অৰ্ধশতক সম্পূৰ্ণ কৰে। দ্বিতীয় ছেছনত লং লেগৰ ওপৰেৰে পুল শ্বট খেলি ছয় মাৰি তেওঁ এই মাইলৰ খুঁটিত উপনীত হয়। এই ছয়টো আছিল টেষ্ট কেৰিয়াৰত পণ্টৰ ১০০সংখ্যক ছয়। মাত্ৰ ৫১খন টেষ্ট মেচতে ১০০টা ছয় সম্পূৰ্ণ কৰি পণ্টে এই কৃতিত্ব অৰ্জন কৰা আটাইতকৈ দ্ৰুত খেলুৱৈ হিচাপেও পৰিগণিত হৈছে। সামগ্ৰিকভাৱে টেষ্ট ক্ৰিকেটত ১০০ বা তাতকৈ অধিক ছয় মৰা পণ্ট হৈছে চতুৰ্থজন বেটাৰ। তেওঁৰ পূৰ্বে এই কৃতিত্ব অৰ্জন কৰিছে ইংলেণ্ডৰ বেন ষ্ট’কছ, নিউজিলেণ্ডৰ প্ৰাক্তন অধিনায়ক ব্ৰেণ্ডন মেককুলাম আৰু অষ্ট্ৰেলিয়াৰ কিংবদন্তি উইকেটকীপাৰ-বেটাৰ এডাম গিলক্ৰিষ্টে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা WhatsAppত মেছেজ দিলে ভৰিব লাগিব মাচুল; WhatsApp Businessত ১,০০০টা ফ্ৰী মেছেজৰ পাছত ভৰিব লাগিব ধন

১ অক্টোবৰৰ পৰা ব্যৱসায়িক ক্ষেত্ৰত WhatsApp ব্যৱহাৰৰ মাচুলৰ নিয়ম...

মাত্ৰ ১৫ বছৰতে বিশ্বজুৰি চৰ্চাত বৈভৱ সূৰ্যবংশী; TIME100 Next-ত স্থান লাভ উদীয়মান ক্ৰিকেটাজনৰ

১৫ বছৰীয়া ভাৰতীয় ক্ৰিকেটৰ উদীয়মান প্ৰতিভা বৈভৱ সূৰ্যবংশীক বিশ্বৰ...

এছিয়ান গেমছত ভাৰতৰ পদকৰ দৌৰ অব্যাহত; হকী-ক্রিকেটত ফাইনেলত প্ৰৱেশ, মল্লযুদ্ধ-ছেইলিঙ-আৰ্চাৰীত পদক

জাপান এছিয়ান গেমছত ভাৰতীয় খেলুৱৈসকলৰ সফল অভিযান অব্যাহত আছে।...

হঠাতে ঘৰ-ৰাস্তাত ভয়ংকৰ ফাট! লিডুত ক’ল ইণ্ডিয়াৰ কয়লা ডাম্পিঙ, মাটি খননৰ ভয়ংকৰ পৰিণতি

মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত লিডুৰ ঝৰ্ণা বস্তীত বাসগৃহ আৰু বাট-পথত...