দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ব্ৰিটেইনৰ ৰয়েল এয়াৰ ফৰ্চৰ প্ৰথম শিখ যুঁজাৰু পাইলট হিচাপে কৃতিত্ব ভাৰতীয় মূলৰ আৰ্শদীপ সিঙৰ

ভাৰতীয় মূলৰ ২৮ বছৰীয়া ফ্লাইট লেফটেনেন্ট আৰ্শদীপ সিং ডাঙে ব্ৰিটেইনৰ ‘ৰয়েল এয়াৰ ফৰ্চ’ (RAF)ত এজন যুঁজাৰু বিমানচালক (Fighter Pilot) হিচাপে নিযুক্তি লাভ কৰি এক ঐতিহাসিক সফলতা অৰ্জন কৰিছে। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ব্ৰিটেইনৰ ৰয়েল এয়াৰ ফৰ্চৰ যুঁজাৰু স্কোয়াড্ৰনৰ পৰা ‘উইংছ’ (Wings) অৰ্জন কৰা তেওঁৱেই প্ৰথমগৰাকী শিখ সম্প্ৰদায়ৰ ব্যক্তি হিচাপে পৰিগণিত হৈছে। উত্তৰ ৱেলছৰ আৰ এ এফ ভেলীত অনুষ্ঠিত ফাষ্ট জেট পাইলট সমাৱৰ্তন অনুষ্ঠানত তেওঁ আনুষ্ঠানিকভাৱে এই যোগ্যতা অৰ্জন কৰে।

১৯৯৮ চনত চণ্ডীগড়ত জন্মগ্ৰহণ কৰা আৰ্শদীপ ৬ বছৰ বয়সতে পৰিয়ালৰ সৈতে ব্ৰিটেইনলৈ গৈছিল আৰু বৰ্তমান তেওঁলোক ইংলেণ্ডৰ ছাউথহলত বসবাস কৰে। তেওঁৰ পিতৃ জগদীপ সিং ডাঙৰ ঘৰ লুধিয়ানাত আৰু মাতৃ গগনদীপ কৌৰৰ ঘৰ অমৃতসৰত। আৰ্শদীপে প্ৰকাশ কৰা অনুসৰি, তেওঁৰ ককাক চৰ্দাৰ সন্তোষ সিং ডাঙে পুত্ৰক এজন বৈমানিক হিচাপে চোৱাৰ সপোন দেখিছিল যদিও তেওঁৰ পিতৃৰ মাত্ৰ ৬ বছৰ বয়সতে ককাকৰ দেহাৱসান ঘটে। ফলত পিতৃয়ে সুযোগ নাপালেও পৰৱৰ্তী সময়ত পিতৃ-মাতৃৰ নিৰন্তৰ উৎসাহ আৰু অনুপ্ৰেৰণাত আৰ্শদীপে ককাকৰ সেই সপোন বাস্তৱায়িত কৰিবলৈ সক্ষম হয়।

ব্ৰিষ্টল বিশ্ববিদ্যালয়ৰ পৰা গণিত আৰু দৰ্শন বিষয়ত উচ্চশিক্ষা সমাপ্ত কৰাৰ পাছত আৰ্শদীপে ২০২২ চনত বিষয়াৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰে আৰু ২০২৪ চনত ফাষ্ট জেট শাখাৰ বাবে নিৰ্বাচিত হয়। ২০২৬ চনৰ জুলাই মাহত উইংছ পৰীক্ষাত সফলতা লাভ কৰা ডাঙে ফ্ৰণ্টলাইন যুঁজাৰু বিমান উৰুওৱাৰ পূৰ্বে আৰু এবছৰ ধৰি উচ্চ পৰ্যায়ৰ প্ৰশিক্ষণ গ্ৰহণ কৰিব। আন্তঃৰাষ্ট্ৰীয় মঞ্চত নিজৰ সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰিবলৈ পাই গৌৰৱবোধ কৰা বুলি প্ৰকাশ কৰি আৰ্শদীপে কয় যে শিখ ঐতিহ্যৰ ‘চৰ্দি কলা’ (সদায় উচ্চ মনোবল বজাই ৰখাৰ ভাৱ) মন্ত্ৰই তেওঁক প্ৰত্যাহ্বানপূৰ্ণ উৰণৰ সময়ত অসীম সাহস যোগায়। এই ঐতিহাসিক কৃতিত্বৰ জৰিয়তে আৰ্শদীপে ব্ৰিটিছ সামৰিক বিমান সেৱাত পূৰ্বৰ ভাৰতীয় আৰু শিখ বৈমানিকসকলৰ গৌৰৱময় ইতিহাসক পুনৰ সজীৱ কৰি তুলিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...

অমৃতপ্ৰভা, সন্দীপনৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব অসম চৰকাৰ; SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ ঘোষণা

অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ...