ভাৰতীয় ক্ৰিকেটৰ নতুন মুখ্য নিৰ্বাচক হিচাপে নিযুক্ত প্ৰজ্ঞান ওঝা

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (BCCI)-এ প্ৰাক্তন ভাৰতীয় স্পিনাৰ প্ৰজ্ঞান ওঝাক পুৰুষ ক্ৰিকেট দলৰ নিৰ্বাচক সমিতিৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিছে। আনহাতে, প্ৰাক্তন ভাৰতীয় অলৰাউণ্ডাৰ ৰমেশ পাৱাৰকো পাঁচজনীয়া নিৰ্বাচক সমিতিত অন্তৰ্ভুক্ত কৰা হৈছে।

অজিত আগৰকাৰৰ বিদায়ৰ পাছত এই পৰিৱৰ্তন কৰা হৈছে। নতুন সমিতিখনত অধ্যক্ষ প্ৰজ্ঞান ওঝাৰ সৈতে শিৱ সুন্দৰ দাস, আৰ পি সিং, অজয় ৰাত্ৰা আৰু ৰমেশ পাৱাৰ থাকিব। ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ তিনিওটা ফৰ্মেটৰ বাবে খেলুৱৈ নিৰ্বাচনৰ দায়িত্ব পালন কৰিব এই সমিতিয়ে।

ক্ৰিকেট উপদেষ্টা সমিতিয়ে (CAC) সাক্ষাৎকাৰৰ পাছত ৰমেশ পাৱাৰৰ নাম নিৰ্বাচক সমিতিৰ সদস্য হিচাপে অনুমোদন জনায়। এই সমিতিত অশোক মালহোত্ৰা আৰু যতীন পাৰাঞ্জপে আছিল।

উল্লেখ্য যে, প্ৰজ্ঞান ওঝাই ভাৰতৰ হৈ ২৪খন টেষ্ট, ১৮খন এদিনীয়া আৰু ৬খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলি মুঠ ১১৩টা টেষ্ট উইকেট দখল কৰিছিল। আনহাতে, ৰমেশ পাৱাৰে ভাৰতৰ হৈ দুখন টেষ্ট আৰু ৩১খন এদিনীয়া মেচ খেলাৰ লগতে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

ইফালে, ২০২৩ চনৰ জুলাইৰ পৰা নিৰ্বাচক সমিতিৰ অধ্যক্ষৰ দায়িত্বত থকা অজিত আগৰকাৰৰ অৱদানৰ বাবে BCCI-এ তেওঁক ধন্যবাদ জ্ঞাপন কৰিছে। তেওঁৰ কাৰ্যকালত ভাৰতে তিনিটা ICC ট্ৰফী, দুটা এছিয়া কাপ আৰু এছিয়ান গেমছত একেৰাহে দুটা সোণৰ পদক লাভ কৰা বুলি ব’ৰ্ডে উল্লেখ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মণিপুৰত পৃথক গুলীচালনাৰ ঘটনাত ৪ জন নিহত, ইম্ফলত উত্তপ্ত প্ৰতিবাদ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা। পৃথক দুটা গুলীচালনাৰ ঘটনাত কমেও...

খেলি থাকোঁতেই মুখত সোমাল লোহাৰ ৰড! ৪০ মিনিটৰ জটিল অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা ৫ বছৰীয়া শিশুৰ

গুজৰাটৰ পাটন জিলাৰ সামি তালুকাৰ বেদ গাঁৱত সংঘটিত হৈছে...

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...