কবি নীলমণি ফুকনক প্ৰদান কৰা হ’ব জ্ঞানপীঠ বঁটাৰ সন্মান

বিহুৰ সময়তে ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ। এইবাৰ জ্ঞানপীঠ বঁটা প্ৰদান অনুষ্ঠান আয়োজিত হ’ব গুৱাহাটীত। কবি নীলমণি ফুকনক ১১ এপ্ৰিলত প্ৰদান কৰা হ’ব জ্ঞানপীঠ বঁটাৰ সন্মান। গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত জ্ঞানপীঠ বিজয়ী কবি নীলমণি ফুকনৰ হাতত তুলি দিয়া হ’ব দেশৰ সাহিত্য ক্ষেত্ৰৰ সৰ্বশ্ৰেষ্ঠ সন্মান। ১১ এপ্ৰিলৰ সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ’ব অনুষ্ঠান। ইয়াৰ পূৰ্বে কেতিয়াও অসমত জ্ঞানপীঠ বঁটা প্ৰদানৰ অনুষ্ঠান আয়োজিত হোৱা নাছিল। ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু মামণি ৰয়ছয় গোস্বামীয়ে দিল্লীৰ বিজ্ঞান ভৱনত গ্ৰহণ কৰিছিল জ্ঞানপীঠ বঁটা। ১১ এপ্ৰিলৰ অনুষ্ঠানৰ পূৰ্বেই গুৱাহাটী মহানগৰীৰ বিভিন্ন পথত নীলমণি ফুকনৰ কবিতাৰে ঠায়ে ঠায়ে লাগিব হ’ৰ্ডি, ষ্টেণ্ডিং। এই অনুষ্ঠানক লৈ এতিয়া আগ্ৰহৰ শেষ নাই। অনুষ্ঠানত কবি নীলমণি ফুকনৰ হৈ ১৫ মিনিটৰ ভাষণ প্ৰদান কৰিব পুত্ৰ অমিতাভ ফুকনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...